ETV Bharat / state

ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ - raijor dal candidate list

অসম জাতীয় পৰিষদ দলৰে মিত্রতা কৰি নিৰ্বাচনত অবতীৰ্ণ হোৱা ৰাইজৰ দলে মঙলবাৰে প্ৰকাশ কৰে দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা । তালিকা অনুসৰি গুৱাহাটীৰ জালুকবাৰী সমষ্টিত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী তথা শক্তিশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ দলে হেমন্ত কুমাৰ সূতক থিয় কৰাইছে ।

ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

author img

By

Published : Mar 16, 2021, 7:31 PM IST

গুৱাহাটী,১৬ মাৰ্চ: অসম জাতীয় পৰিষদ দলৰে মিত্রতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাইজৰ দলে মঙলবাৰে প্ৰকাশ কৰে দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা । তালিকা অনুসৰি দক্ষিণ শালমাৰাত নজৰুল ইছলামক, ধুবুৰীত ৰছুল হকক, গৌৰীপুৰত আব্দুল ৰাজ্জাক হুছেইনক, জালুকবাৰীত হেমন্ত কুমাৰ সূতক আৰু তামুলপুৰত নগেন চন্দ্ৰ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ
ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

উল্লেখ্য যে, গুৱাহাটীৰ জালুকবাৰী সমষ্টিত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী তথা শক্তিশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ দলে হেমন্ত কুমাৰ সূতক থিয় কৰাইছে । ইয়াৰ পিছতে এতিয়া প্ৰাৰ্থীগৰাকীয়ে কি ধৰণে জালুকবাৰী সমষ্টি অৰ্থাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গৰ ভোটাৰক আকৰ্ষণ কৰিব তাক লৈ চৰ্চা চলিছে বিভিন্ন মহলত ।

লগতে পঢ়ক: ইউপিপিএলে প্ৰকাশ কৰিলে আঠজনীয়া প্ৰাৰ্থীৰ তালিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.