গুৱাহাটী,25 নৱেম্বৰ: বৰ্ষীয়ান কংগ্ৰেছ নেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক হেৰুৱাই ম্ৰিয়মান কংগ্ৰেছ দল । বুধবাৰে পুৱা গোৱাৰ পৰা পোনে পোনে বিশেষ বিমানযোগে গুৱাহাটীত আহি উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে প্ৰথমে বিমানবন্দৰৰ পৰা ৰাওনা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ । কলাক্ষেত্ৰত বৰেণ্য নেতাজনক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ৰাহুল গান্ধী উপস্থিত হয় দিছপুৰত থকা তৰুণ গগৈৰ চৰকাৰী বাসগৃহত । গান্ধীৰ সৈতে আহিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈয়ে প্ৰথমে তেওঁ গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।
তাৰপিছত প্ৰায় আধা ঘণ্টা সময় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ডলী গগৈ,পুত্ৰ গৌৰৱ গগৈ,কন্যা চন্দ্ৰিমা আৰু বোৱাৰী এলিজাবেথৰ সৈতে মত বিনিময় কৰি শোক ব্যক্ত কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । অত্যন্ত কম সময়ৰ বাবে আৰু ব্যস্ততাৰ মাজেৰে গুৱাহাটীত আহি উপস্থিত হোৱা ৰাহুল গান্ধী ইয়াৰ পিছতেই উভতি যায় দিল্লী অভিমুখে ।
নক’লেও হ’ব যে,কংগ্ৰেছ দলৰ বাবে আহি আছে ইটোৰ পিছত সিটোকৈ বেয়া খবৰ। গগৈৰ বিয়োগৰ মাত্ৰ দুটা দিনৰ পিছতে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমদ পেটেলে ।
লগতে চাওকঃ আহি আছে নিভাৰ : তামিলনাডুত সতৰ্কতা জাৰী !