গুৱাহাটী, 24 মে': বৃহস্পতিবাৰে ঘোষিত হোৱা নিৰ্বাচনৰ ফলাফলত বিজেপি দলৰ প্ৰাৰ্থী কুইন ওঝাৰ জয়লাভ ৷ ইতিমধ্যে সমাপ্ত হৈছে কামৰূপ জিলাৰ সকলো সমষ্টিৰ ভোট গণনা ৷ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক পৰাজিত কৰি 363403 টা ভোটত জয়লাভ বিজেপি প্ৰাৰ্থীগাৰকীৰ ৷
কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই সৰ্বমুঠ 661539 ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী কুইন ওঝাই লাভ কৰিছে 1024942 টা ভোট ৷