ETV Bharat / state

শিক্ষানুষ্ঠানসমূহৰ কোৱাৰেণ্টাইনকৰণঃ উদ্ধিগ্ন ছাত্ৰ,শিক্ষক সমাজ - USTM

এই দুৰ্যোগৰ সময়ত কোৱাৰেণ্টাইন কৰাৰ সিদ্ধান্তক সমৰ্থন জনালেও কোৱাৰেণ্টাইন শিবিৰত থকা লোকে পৰ্যাপ্ত পৰিমাণে সা-সুবিধা নাপাব ৷ যিহেতু হোষ্টেল সমূহৰ আন্তঃগাঁথনি অতি দুৰ্বল হোৱাৰ লগতে পানী,কাৰেণ্ট ৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত অসুবিধা আছে ৷

Quarantine Center of educational institutions
শিক্ষানুষ্ঠানসমূহৰ কোৱাৰেণ্টাইনকৰণঃ উদ্ধিগ্ন ছাত্ৰ,শিক্ষক সমাজ
author img

By

Published : May 28, 2020, 9:59 PM IST

গুৱাহাটী,28মে':যিসময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত শিক্ষানুষ্ঠানসমূহৰ পাঠদান পুনৰ আৰম্ভ কৰিবলৈ কৰ্তৃপক্ষই নিৰ্দেশনা জাৰি কৰিছে তেনে সময়ত অসমৰ স্কুল,কলেজ,মহাবিদ্যালয়,বিশ্ববিদ্যালয়ৰ চৌহদ ৰূপান্তৰিত হৈছে কোৱাৰেণ্টাইন শিবিৰলৈ৷ যাৰ বাবে এতিয়া শিক্ষাবৰ্ষক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ সমাজৰ লগতে শিক্ষক সমাজ । এনে এক দুৰ্যোগৰ সময়ত জীৱনৰ মূল্যক প্ৰাধান্য দিয়াটো উচিত হ'লেও শিক্ষানুষ্ঠানসমূহ কোৱাৰেণ্টাইন শিবিৰলৈ পৰিণত কৰাটো কিমান যুক্তিসংগত ? শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়কে ধৰি বহু কেইখন স্কুল ,কলেজ তথা বিশ্ববিদ্যালয়ক কোৱাৰেণ্টাইন শিবিৰ কৰিব খোজা বিষয়টোৱে বিপাঙত পেলাইছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক। ইপিনে জুলাই অথবা আগষ্ট মাহৰ পৰা যদি শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছিলেই তেনেহ'লে শিক্ষানুষ্ঠানসমূহ কিয় কোৱাৰেণ্টাইন শিবিৰলৈ পৰিণত কৰা হ'ল বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে ৷ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিভিন্ন মহলত ৷ শিক্ষানুষ্ঠানসমূহ এতিয়া কোৱাৰেণ্টাইন শিবিৰলৈ পৰিণত কৰাৰ পিছত শিক্ষাবৰ্ষ পুনৰ আৰম্ভ হোৱাৰ বিষয়টো এতিয়া সোমাই পৰিছে অনিশ্চয়তাৰ মাজত।

শিক্ষানুষ্ঠানসমূহৰ কোৱাৰেণ্টাইনকৰণঃ উদ্ধিগ্ন ছাত্ৰ,শিক্ষক সমাজ

এই সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে জানিবলৈ দিয়া অনুসৰি কটনক এই দুৰ্যোগৰ সময়ত কোৱাৰেণ্টাইন কৰাৰ সিদ্ধান্তক সমৰ্থন জনালেও কোৱাৰেণ্টাইন শিবিৰত থকা লোকে পৰ্যাপ্ত পৰিমাণে সা-সুবিধা নাপাব ৷ যিহেতু হোষ্টেল সমূহৰ আন্তঃগাঁথনি অতি দুৰ্বল হোৱাৰ লগতে পানী,কাৰেণ্ট ৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত অসুবিধা আছে ৷ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষৰ সন্দৰ্ভত সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে অনলাইন পাঠদান ৰাজ্যৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰসু হোৱা নাই । লগতে শিক্ষা বৰ্ষত ব্যাহত নোহোৱাকৈ ছাত্ৰ ছাত্ৰী সকলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্নাতক ষষ্ঠ ষান্মাষিক আৰু স্নাতকোত্তৰ শেষ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনালে সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে।

Quarantine Center of educational institutions
শিক্ষানুষ্ঠানসমূহৰ কোৱাৰেণ্টাইনকৰণঃ উদ্ধিগ্ন ছাত্ৰ,শিক্ষক সমাজ

ইপিনে, USTM ৰ আচাৰ্য মোহাবুবুল হকে স্কুল,কলেজ আৰু বিশ্ববিদ্যালয় সমূহক কোৱাৰেণ্টাইন শিবিৰলৈ পৰিৱর্তন কৰাটো কিছু অসন্তুষ্টি প্ৰকাশ কৰে।আচাৰ্য গৰাকীয়ে মন্তব্য কৰে যে,জুন, জুলাইৰ পৰা শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এক যো-জা চলাই থকাৰ মাজতে এনেকৈ শিক্ষাখণ্ড সমূহ কোৱাৰেণ্টইন শিবিৰলৈ পৰিৱর্তন কৰিবলৈ হ'লে বেমেজালি সৃষ্টি হোৱাৰ আশংকা কৰে ।ইয়াৰ লগতে শিক্ষা খণ্ড সমূহে অনলাইন পাঠদান আৰম্ভ কৰাৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰা আদি বিষয় সমূহত কিছু হেঙাৰ আহিছে বুলি জানিবলৈ দিয়ে।চৰকাৰী খণ্ডৰ শিক্ষা খণ্ড সমূহতকৈ বেচৰকাৰী খণ্ডৰ শিক্ষা খণ্ড সমূহে অনলাইন পাঠদানৰ পৰা আৰম্ভ কৰি শিক্ষাখণ্ড খোলালৈকে সকলো এক প্ৰক্ৰিয়াৰ মাজেৰে কৰিছে বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। লগতে অনলাইন পাঠদান অসমৰ শিক্ষা খণ্ডত লবলৈ বাধ্য হব লাগিব বুলি কোৱাৰ লগতে 20% ৰ বাবে 80% শিক্ষা জীৱন ব্যাহত হ'বলৈ দিব নোৱাৰি বুলি কয় USTM ৰ আচাৰ্য মোহাবুবুল হকে৷

অসমৰ শিক্ষা খণ্ড সমূহক এনেকৈ কোৱাৰেণ্টইন শিবিৰলৈ পৰিৱৰ্তন কৰাৰ ফলত বৰ্তমান অনিশ্চয়তাত অসমৰ শিক্ষাখণ্ডৰ ভৱিষ্যত ।কি হ'ব ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যৎ ? কেনেদৰে আগবাঢ়িব শিক্ষা খণ্ড? সেই লৈ এতিয়াও কিন্তু নিশ্চিত উত্তৰৰ পৰা বিৰত আছে ৰাজ্য চৰকাৰ।

লগতে পঢ়কঃকিমান সুৰক্ষিত গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.