ETV Bharat / state

সমাগত দুৰ্গাপূজা : কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ

author img

By

Published : Sep 28, 2020, 10:05 AM IST

ৰাজ্যত কৰ'ণা ভাইৰাছত মৃত্যুৰ সংখ্যা ছয় শতাধিক অতিক্ৰম কৰাৰ লগতে আক্ৰান্ত হৈছে প্ৰায় এক লাখ ষাঠি হাজাৰৰো অধিক লোক । ইপিনে সন্মুখত শাৰদীয় দুৰ্গাপূজা, বিগত সময়সমূহত দুৰ্গাপূজা বুলি ক'লেই যিদৰে প্ৰতি গৰাকী লোকৰ মনত উৎসাহ দেখা যায় ঠিক তেনেদৰে ব্যৱসায়ী সকলৰ মুখতো দেখা যায় এক আশাৰ ৰেঙনি । কৰ’ণা মহামাৰীৰ বাবেই এইবাৰ ম্লান হৈ পৰিছে চৌপাশ ৷

সমাগত দুৰ্গাপূজা
কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ

গুৱাহাটী, 28 ছেপ্টেম্বৰ : সমগ্ৰ দেশতেই কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে৷ কৰ’ণাক প্ৰতিহত কৰাৰ বাবে দেশজুৰি হোৱা লকডাউনৰ ফলত একপ্ৰকাৰে বিধ্বস্ত হৈ পৰিছে দেশৰ অৰ্থনীতি । নিম্নগামী দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মহামাৰী কৰ'ণাৰ মাজতে কিছু শিথিলতা জাৰি কৰিছে চৰকাৰ তথা প্ৰশাসনে ।

কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ
কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ

অৰ্থনৈতিক দিশটোৰ লগতে দৈনিক খাতি খোৱা একাংশ লোকৰ কথা চিন্তা কৰি অসম চৰকাৰেও প্ৰতিটো ক্ষেত্ৰতে প্ৰায় সম্পূৰ্ণ শিথিলতা জাৰি কৰিছে । ইপিনে ৰাজ্যত প্ৰতি দিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যাও । ৰাজ্যত মৃত্যুৰ সংখ্যা ছয় শতাধিক অতিক্ৰম কৰাৰ লগতে আক্ৰান্ত হৈছে প্ৰায় এক লাখ ষাঠি হাজাৰৰো অধিক লোক ।

কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ
কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ

ইপিনে সন্মুখত শাৰদীয় দুৰ্গা পূজা, বিগত সময়সমূহত দুৰ্গা পূজা বুলি ক'লেই যিদৰে প্ৰতি গৰাকী লোকৰ মনত উৎসাহ দেখা যায় ঠিক তেনেদৰে ব্যৱসায়ী সকলৰ মুখতো দেখা যায় এক আশাৰ ৰেঙনি । সীমাহীন ব্যস্ততাৰ মাজত বুৰ যায় ব্যৱসায়ীসকল । কিন্তু এইবাৰ অলপ ব্যতিক্ৰম দেখা গ'ল বজাৰসমূহৰ পৰিৱেশ । সাধাৰণতে পূজা বুলি ক'লেই মহানগৰীৰ ব্যৱসায়ৰ হৃদপৃণ্ড স্বৰূপ ফাঁচি বজাৰত পূজাৰ এমাহৰ আগৰে পৰা গ্ৰাহকৰ সমাগম দেখা যায়। এইবাৰ তেনে কোনো পৰিৱেশ নাই ফাঁচি বজাৰত। দোকান সমূহ খুলিছে যদিও গ্ৰাহকৰ সমাগম নাই বজাৰত ৷ কৰ’ণা মহামাৰীৰ বাবেই ম্লান হৈ পৰিছে চৌপাশ ৷

লগতে পঢ়ক : গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে দলং নিৰ্মাণ কৰিলে দৰঙৰ ছিদ্দিক আহমেদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.