ETV Bharat / state

Ali Aye Ligang Controversy: আলি-আয়ে-লৃগাঙৰ বন্ধ বাতিলক লৈ ক্ষোভ মিচিং জনগোষ্ঠীয় ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:07 PM IST

আলি-আয়ে-লৃগাঙক চৰকাৰী বন্ধৰ তালিকাত স্থান নিদিয়াক লৈ জাঙুৰ খাই উঠিছে মিচিং জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ লগতে জনগোষ্ঠীটোৰ সচেতন ৰাইজ ৷ বুধবাৰে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজ, গুৱাহাটীৰ উদ্যোগত চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

Ali Aye Ligang Controversy
আলি-আয়ে-লৃগাঙৰ বন্ধ বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ
আলি-আয়ে-লৃগাঙৰ বন্ধ বাতিলক লৈ ক্ষোভ

গুৱাহাটী, 15 নৱেম্বৰ : মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙক চৰকাৰী বন্ধৰ তালিকাত স্থান নিদিয়াক লৈ জাঙুৰ খাই উঠিছে মিচিং জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ লগতে জনগোষ্ঠীটোৰ সচেতন ৰাইজ ৷ আলি-আয়ে-লৃগাঙত চৰকাৰে ৰাজ্যিক বন্ধ হিচাবে ঘোষণা কৰাৰ দাবীত বুধবাৰে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজ, গুৱাহাটীৰ উদ্যোগত চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ, প’ষ্টাৰ লৈ আলি আয়ে লৃগাঙত চৰকাৰী বন্ধ লাগিবই, সীমিত বন্ধ আমাক নালাগে, কেবল 10 খন জিলাত বন্ধ দিলে নহ'ব, ৰাজ্যিক বন্ধ আমাক লাগিবই,আলি আয়ে লৃগাঙক লৈ ললিপপ দিয়া বন্ধ কৰক, ৰণোজ পেগু হায় হায়, হিমন্ত বিশ্ব শর্মা হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেই কয় যে বর্তমান শাসনত থকা বিজেপি চৰকাৰৰ দিনত মিচিং জনগোষ্ঠীৰ লোকসকল কেবল প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বলি হ'ব লগা হৈছে ৷ মিচিং জনগোষ্ঠীৰ ৰাইজে দীৰ্ঘদিন ধৰি আলি আয়ে লৃগাঙত চৰকাৰী বন্ধৰ দাবী জনাই থকাৰ পাছতো চৰকাৰে আজি পর্যন্ত চৰকাৰী বন্ধ নিদিয়া বিষয়টোৱে চৰকাৰখনৰ মিচিং লোকৰ প্ৰতি কৰা অৱহেলাকে প্ৰমাণ কৰিছে বুলি কয় তেওঁ ৷

আলি আয়ে লৃগাঙত কেৱল 10 খন জিলাতহে সীমিত বন্ধ কিয় বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে ৷ ষট পূজা, ভাতৃ দ্বিতীয়া, কৰম পূজা, টুচু পূজা আদিত চৰকাৰী বন্ধ দিয়া চৰকাৰে কি যুক্তিত ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙত চৰকাৰী বন্ধ নিদিয়ে বুলি প্ৰশ্ন কৰে তেওঁলোকে ৷

লগতে পঢ়ক : Chandra Mohan Patowary in Baksa: বাক্সাত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.