ETV Bharat / state

চন্দ্ৰপুৰৰ ২৬৮ কোটি টকীয়া পানী যোগান প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ - দ্ৰাম্পিং গ্ৰাউণ্ড

চন্দ্ৰপুৰত পানী যোগান প্ৰকল্প পৰিদৰ্শন অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পঞ্চায়ত-গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসৰ । মাঘ বিহুৰ পূৰ্বে ২৬৮ কোটি টকীয়া নীৰ নিৰ্মল পৰিযোজনাৰ অধীনত চন্দ্ৰপুৰ অঞ্চলৰ ১২ হাজাৰ পৰিয়ালে লাভ কৰিব বিশুদ্ধ খোৱা পানী ।

চন্দ্ৰপুৰৰ ২৬৮ কোটি টকীয়া পানী যোগান প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ

author img

By

Published : Sep 2, 2021, 10:46 PM IST

গুৱাহাটী,২ ছেপ্তেম্বৰ: বৃহস্পতিবাৰে চন্দ্ৰপুৰত থকা ২৬৮ কোটি টকীয়া পানী যোগান আচঁনিটো পৰিদৰ্শন কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পঞ্চায়ত-গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসে । উল্লেখযোগ্য যে, বিশ্ব বেংকৰ সাহাৰ্য পুঁজিৰে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলত নীৰ নিৰ্মল পৰিযোজনাৰ অধীনত চন্দ্ৰপুৰ অঞ্চলৰ ১২ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধাৰাৰ উদ্দেশ্যে এই প্ৰকল্পটো নিৰ্মান কৰা হৈছিল ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত ।

জানিব পৰা মতে, প্ৰকল্পটোৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত সমূহ পৰিয়ালক ঘৰে ঘৰে পানী যোগান ধৰা হ’ব বুলি উল্লেখ কৰিছিল ৰণজিৎ দাসে । ইয়াৰ ভিতৰত অহা মাঘ বিহুৰ পূৰ্ৱে প্ৰকল্পটোয়ে যোগান ধৰিব লগীয়া ১২ হাজাৰ পৰিয়ালৰ ভিতৰত ১০ হাজাৰ পৰিয়ালক ঘৰে ঘৰে পানী যোগান ধৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

চন্দ্ৰপুৰৰ ২৬৮ কোটি টকীয়া পানী যোগান প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ

লগতে পঢ়কঃ অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক

তদুপৰি বাকী থকা ২ হাজাৰ পৰিয়ালক অহা বৰ্ষৰ ভিতৰত সম্পূৰ্ণৰূপে পানী যোগান ধৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে । লগতে মন্ত্ৰী ৰণজিৎ দাসে প্ৰধান মন্ত্ৰীৰ জল-জীৱনৰ কথা উল্লেখ কৰি নতুন চৰকাৰ খনে নিৰ্ধাৰিত সময়ত যিমান খিনি পৰিয়ালক পানী যোগান ধৰা হ’ব বুলি লক্ষ্য লৈছিল, সেই লক্ষ্যতকৈ অধিক পৰিয়ালক পানী যোগান ধৰিবলৈ চৰকাৰ সক্ষম হোৱা বুলি সদৰি কৰে ।

লক্ষ্যণীয়ভাৱে প্ৰকল্পটো পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক দ্ৰাম্পিং গ্ৰাউণ্ডৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত সেইটো তেওঁৰ বিভাগৰ নহয় যদিও যদি কিবা আছে তেতিয়াহলে সেইটো মুখ্যমন্ত্ৰীক অৱগত কৰোৱা হ’ব বুলি অতি কৌশলৰে উল্লেখ কৰে ।

লগতে পঢ়কঃ বেংগলী সংগঠনৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.