ETV Bharat / state

গ্ৰীণ জ'নত এইসমূহ নিয়ম মানি চলিব লাগিব জনসাধাৰণে !

author img

By

Published : May 3, 2020, 8:53 PM IST

৪ মে'ৰ পৰা দেশজুৰি আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ লক্ ডাউন। তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ সময়ত কিছু শিথিলতা প্ৰদান কৰা হৈছে। দেওবাৰে তৃতীয় পৰ্যায়ৰ লক্ ডাউনত চৰকাৰে প্ৰদান কৰা শিথিলতা সমূহ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

PUBLIC HAVE TO OBEY THESE RULES IN THE GREEN ZONE

গুৱাহাটী, 3 মে' : COVID-১৯ অথবা কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ স্থিতিৰ ওপৰত লক্ষ্য কৰি সমগ্ৰ দেশকে ৰে'ড, অৰেঞ্জ আৰু গ্ৰীণ এই তিনিটা জ'নত বিভক্ত কৰা হৈছে । অহা ৪ মে'ৰ পৰা দেশজুৰি আৰম্ভ হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লক্ ডাউনত ৰে'ড আৰু অৰেঞ্জ জ'নত প্ৰদান কৰা হোৱা নাই কোনো ধৰণৰ শিথিলতা। পূৰ্বৰ দৰেই লক্ ডাউনৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব ৰে'ড আৰু অ'ৰেঞ্জ জ'নত থকা অঞ্চল সমূহত। অৱশ্যে চৰকাৰে গ্ৰীণ জ'নক প্ৰদান কৰিছে বহু সুবিধা।

গ্ৰীণ জ'নত ৪ মে'ৰ পৰা ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৬ বজালৈ নাথাকে কোনো ধৰণৰ কাৰ্ফিউ । পুৱা ৬ বজাৰ পৰা আবেলি ৬ বজালৈ খুলিব পাৰিব এককভাৱে থকা দোকান সমূহ । একেলগে থকা দোকান সমূহৰ কেৱল এক তৃতীয়াংশহে খুলিব পাৰিব লক্ ডাউনৰ সময়চোৱাত । একে লগতে থকা দোকান সমূহৰ দুখন খুলিলে মাজৰ দুখন দোকান বন্ধ থাকিব । এই ক্ষেত্ৰত দোকানী সমূহে জিলা উপায়ুক্তৰ লগত আলোচনা কৰি কোনখন দোকান কেতিয়া খুলিব সিদ্ধান্ত গ্ৰহণ কৰিব। অৱশ্যে ফাৰ্মাচী, চিকিৎসা সেৱাৰ লগত জড়িত দোকান আৰু ৰেচনৰ দোকানৰ ক্ষেত্ৰত নাথাকে এই নিৰ্দেশনা ।

অটো, ৰিক্সা, টেক্সি সেৱাসমূহ আৰম্ভ কৰিব পাৰিব যদিও কেৱল চালক আৰু দুজন যাত্ৰীহে বহিব পাৰিব বাহনত। দুচকীয়া বাহনত কেৱল মহিলাই পিচৰ ছিটত বহিব পাৰিব । দুজন পুৰুষ যাত্ৰা কৰিব নোৱাৰিব দুচকীয়া বাহনত । ৪ মে'ৰ পৰা গ্ৰীণ জ'নত ৫০ শতাংশ কৰ্মচাৰীৰে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিব বুলিও ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বাছ সমূহো ৫০ শতাংশ যাত্ৰী লৈ চলাচল আৰম্ভ কৰিব পাৰিব ।

৪ মে'ৰ পৰা চৰকাৰী কার্যলায় সমূহত 50 শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব বুলিও ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ব্যক্তিগত কার্যলায় সমূহেও ৫0 শতাংশ কৰ্মচাৰীৰে ৪ মে'ৰ পৰা কার্যলায় সমূহ খুলিব পাৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে । চাহৰ দোকান, ৰেষ্টুৰেণ্ট, আইচ ক্ৰীমৰ দোকান খুলিব পাৰিব যদিও গ্ৰাহকৰ বাবে দোকানত খোৱাৰ ব্যৱস্থা নাথাকিব। গ্ৰাহকে কেৱল বস্তু ক্ৰয় কৰি ঘৰলৈ নিব পাৰিব । চেলুন, শ্বপিং মল, চিনেমা হল, জিম, চুইমিং পুল এইবোৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব ।

সম্প্ৰতি ৰাজ্যত দেখা দিয়া গাহৰিৰ বেমাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অসমত বহিঃৰাজ্যৰ পৰা জন্তু কঢ়িয়াই অনা বাহন সমূহৰ প্ৰৱেশ বন্ধ কৰিছে । ৰাজ্য চৰকাৰে গ্ৰীণ জ'নত বহুখিনি শিথিলতা প্ৰদান কৰিছে যদিও আবেলি ৬ বজাৰ পিচত সম্পূৰ্ণ কাৰ্ফিউ অৱলম্বন কৰা হৈছে। চিকিৎসা কৰ্মী, সাংবাদিক, জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি সকলৰ বাহিৰে আবেলি ৬ বজাৰ পিচত কোনো লোকে বাহিৰলৈ ওলাব নোৱাৰিব। সকলো দোকান, কার্যালয় আবেলি ৫ বজাত বন্ধ কৰি সকলো লোক ৬ বজালৈ ঘৰত প্ৰৱেশ কৰিব লাগিব । ঘৰত যোৱাৰ বাবে এঘণ্টা সময় দিয়া হৈছে বুলি জনায় মন্ত্ৰী শৰ্মাই ।

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, লক্ ডাউন আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীক অধিক কঠোৰ হোৱাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ গতিকে আৰক্ষীয়ে পূৰ্বতকৈ অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিব । গ্ৰীণ জ'নৰ এই সুবিধা সমূহৰ পৰা বঞ্চিত হ'ব ১২ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰৰ ওপৰৰ লোক । ১২ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰৰ ওপৰৰ লোক মেডিকেল জৰুৰীৰ বাহিৰে ঘৰৰ পৰা ওলাব নোৱাৰিৰ। সকলো লোক মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে চৰকাৰে। মাস্ক পৰিধান কৰিহে সকলোৱে নিজৰ নিজৰ কামলৈ ওলায় আহিব পাৰিব।

লগতে পঢ়ক : পৰিস্থিতি পৰ্যবেক্ষণৰ পিচতহে গাহৰি নিধনৰ সিদ্ধান্ত ল'ব চৰকাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.