ETV Bharat / state

চূণচালি গ্ৰাণ্টত বসবাস কৰা প্ৰায় 15 হাজাৰ পৰিয়ালে পাব লাগিব ভূমি পট্টা : পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতি - pub guwahati bhumi sanskar samiti

পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ সংবাদমেল ৷ চূণচালি গ্ৰাণ্টৰ লোকসকলে বসুন্ধৰা 2.0 ত কৰা আবেদন বিভিন্ন অজুহাতত নাকচ কৰাটো কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ সমিতিৰ (Pub Guwahati Bhumi Sanskar Samiti) ৷

Pub Guwahati Bhumi Sanskar Samiti
পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 7:39 AM IST

Updated : Nov 26, 2023, 9:54 AM IST

গুৱাহাটী, 26 নৱেম্বৰ : খিলঞ্জীয়াৰ জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনতে খিলঞ্জীয়াৰ বিলৈ বিপত্তি নোহোৱা হৈছে ৷ চৰকাৰৰ চৰম প্ৰতাৰণাৰ বিৰুদ্ধে যুঁজ দিবলৈ এইবাৰ সাজু হৈছে পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতি ৷

উল্লেখ্য যে, মিছন বসুন্ধৰা 2.0 ৰ জৰিয়তে থলুৱা ভূমিহীন পৰিয়ালক ভূমি পট্টা আৱন্তন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে । চৰকাৰৰ নিয়ম অনুসৰিয়ে আবেদনেও কৰিছিল ৰাইজে । কিন্তু পৰৱৰ্তী সময়ত ভূমি পট্টা পোৱাৰ পৰা বঞ্চিত হ’ব লগা হ’ল চূণচালি গ্ৰাণ্টত বসবাস কৰা পাঁচ সহস্ৰাধিক পৰিয়াল ।

সেয়ে চৰকাৰৰ থলুৱা বিৰোধী সিদ্ধান্ত কোনো পধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ নেতৃবৃন্দই । শনিবাৰে উত্তৰ নুনমাটি দুৰ্গাপূজাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলযোগে পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ সভাপতি ডম্বৰধৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক নৰেন ৰয়ে সাংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে ৷

তেওঁলোকে কয়, ‘‘চুণচালি গ্ৰাণ্টৰ 3,992 বিঘা ভূমিত বিগত 4-5 বছৰ ধৰি বসবাস কৰি আহিছে প্ৰায় 15 হাজাৰ লোকে ৷ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি বসুন্ধৰা 2.0 ৰ যোগেদি ভূমি পট্টাৰ বাবে আবেদন কৰিছিল চূণচালি গ্ৰাণ্টত বসবাস কৰা পৰিয়ালসমূহে ৷ কিন্তু বিভিন্ন অজুহাতত নাকচ হৈছে বহু আবেদন । চূণচালি গ্ৰাণ্টৰ লোকসকলে বসুন্ধৰা 2.0 কৰা আবেদন বিভিন্ন অজুহাতত নাকচ কৰাটো কোনোপধ্যে মানি লোৱা নহ’ব’’ ।

আনহাতে, চৰকাৰৰ সৈতে কেইবাবাৰো আলোচনা হোৱা বুলি উল্লেখ কৰি তেওঁলোকে কয়, ‘‘2021 চনৰ 27 জুন তাৰিখে মুখ্যমন্ত্রীৰ সৈতে আমাৰ আলোচনা হৈছিল ৷ আলোচনাৰ পাচত চৰকাৰে চূণচালিত বসবাস কৰা থলুৱা লোকক ভূমি পট্টা দিয়াৰ বাবে এজন অতিৰিক্ত আয়ুক্তক দ্বায়িত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে কামৰূপ জিলা আযুক্তক আদেশ দিছিল’’ ।

তেওঁলোকে কয়, ‘‘সেই মর্মে সমিতিয়ে 2021 চনৰ ছেপ্তেম্বৰ মাহৰ পৰা প্ৰয়োজনীয় নথি-পত্ৰ প্ৰশাসনক প্ৰদান কৰিছিলো ৷ কিন্তু 2022 চনত অসম চৰকাৰে ভূমি পট্টাৰ বাবে আবেদন কৰা প্রক্রিয়াটো অন লাইনৰ ব্যৱস্থা কৰিলে ৷ সেয়ে, 2022 চনত প্রায় 12 হাজাৰ বাসিন্দাই অন লাইনত বসুন্ধৰা 2.0 যোগে প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰা হৈছিল’’ ৷

পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ৰ বিষয়ববীয়াসকলে কয় যে, অসম চৰকাৰে অসম ভূমি আইন 2019 ৰ নিয়মাৱলী অনুসৰিয়ে ক্ষিপ্ৰতাৰে মণ্ডল দ্বাৰা ভূমি জৰীপ কৰা হৈছিল । জৰীপৰ সময়ত ভূমি জোখৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰৰ বিসংগতিৰ বাবে বহু নথি-পত্ৰ নাকচ হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই সম্পর্কে বিভাগীয় মন্ত্রী যোগেন মহনৰ লগত আলোচনা কৰাৰ অন্তত পুনৰ ভূমি জৰীপ কৰি ভূমি পট্টাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰ সন্মত হয় । এই প্রক্রিয়া অহা 31 ডিচেম্বৰ, 2023 লৈ চলিব বুলি জানিবলৈ দিয়ে সমিটিয়ে ।

আনহাতে, চূণচালি গ্রান্টত বসবাস কৰি থকা থলুৱা নাগৰিকসকলৰ ভূমি পট্টাৰ বাবে ভিন্ন প্রক্রিয়া চলি থকাৰ সময়তে ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে কেইজনমান ব্যক্তিয়ে ৰাইজৰ মাজত বিভ্রান্তি বিয়পাবলৈ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰে সমিটিয়ে ৷ এনে ভুৱা অপপ্রচাৰত ভূল নাযাবলৈও ৰাইজক আহ্বান জনায় সমিটিয়ে ৷

উল্লেখ্য যে, অসম চৰকাৰ আৰু পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে ফ্ৰণ্টিয়াৰ এছচিয়েটৰ বিৰুদ্ধে 2005 চনত আদালতত গোচৰ তৰিছিল । সেই গোচৰ আজিও চলি আছে । 2014 চনৰ 23মে’ তাৰিখে চুনচালি গ্ৰাণ্টৰ 3,992 বিঘা মাটি চৰকাৰে ৰাইজক গতাই দিবলৈ আদেশ দিছিল ন্যায়ালয়ে ৷ যাৰ বাবে ফ্ৰণ্টিয়াৰ এছচিয়েটে চুনচালিৰ ভূমিৰ অধিকাৰ হেৰুৱাইছিল ।

ইফালে অহা 20 ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব ৷ আদালতে দিয়া সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব বুলি আশা প্ৰকাশ কৰিছে পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ নেতৃবৃন্দই ।

লগতে পঢ়ক : আলি-আয়ে-লৃগাঙৰ বন্ধক লৈ মিচিং সংগঠনৰ মাজতে উলম্ব বিভাজন

Last Updated : Nov 26, 2023, 9:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.