ETV Bharat / state

নাম কীৰ্তন পৰিৱেশনেৰে চচলৰ প্ৰতিবাদস্থলী উত্তাল কৰি তুলিলে চুতীয়া জনগোষ্ঠীৰ দল সংগঠনে - চুতীয়া জনগোষ্ঠীৰ দল

চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ কৰাৰ দাবীত শনিবাৰে চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া যুৱ সন্মিলন আৰু চুতীয়া স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতিয়ে (Chutia Youth Association Protest in Sachal) ৷ ঐতিহ্যমণ্ডিত ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অতি শীঘ্ৰেই নিষ্পত্তি কৰি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায় (Protested demanding tribalization of Chutia community)।

Etv Bharatprotests-in-sachal-demanding-tribalisation-of-chutia-community
Etv Bharatচুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ দাবীত চচলত উত্তাল প্ৰতিবাদ
author img

By

Published : Aug 13, 2022, 10:10 PM IST

গুৱাহাটী, ১৩ আগষ্ট: 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ দাবী তুলি চুতীয়া যুৱ সন্মিলন আৰু চুতীয়া স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতিয়ে শনিবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Chutia Youth Association Protest in Sachal) ।

ঐতিহ্যমণ্ডিত ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অতি শীঘ্ৰেই নিষ্পত্তি কৰি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে চৰকাৰক দাবী জনায় সন্থাই (Protested demanding tribalization of Chutia community)। প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে নাম কীৰ্তন পৰিৱেশন কৰি চুতীয়াসকলৰ নাৰ্য প্ৰাপ্তিৰ দাবী উত্থাপন কৰে (Protest in Sachal)।

চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ দাবীত চচলত উত্তাল প্ৰতিবাদ

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি মোহন চন্দ্ৰ শইকীয়া, কাৰ্যকৰী সভাপতি নৃপেন খনিকৰ আৰু সাধাৰণ সম্পাদক কৌস্তাৱ কিশোৰ চুতীয়াই উল্লেখ কৰা মতে, অসমৰ আটাইতকৈ পুৰণি চুতীয়া জনগোষ্ঠীয়ে ১৯৮০ চনৰ পৰাই প্ৰাপ্য অধিকাৰ অনুসূচিত জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসিত পৰিষদ পাবৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক গণতান্ত্ৰীক ভাৱে দাবী আবেদন জনাই আহিছে।

যোৱা ২০০৪ বৰ্ষত চুতীয়া,মৰাণ, মটক, আহোম, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীয়ে গঠন কৰা ঐক্য মঞ্চক চুতীয়া যুৱ সন্মিলনে প্ৰতিনিধিত্ব কৰি সন্মুখৰ পৰা ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে বৰ্তমান সময়লৈকে ধাৰাবাহিক ভাবে গণতান্ত্ৰিক দাবী আহ্বান জনাই আহিছে ।

২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনৰ ইস্তাহাৰত অসমৰ এই ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মর্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । এই প্ৰতিশ্ৰুতিৰে অসমত ৰাজনৈতিক উত্থান তথা কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰি কেন্দ্ৰীয় চৰকাৰৰ এশ দিনীয়া চৰকাৰী কৰ্মসূচীত অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰা বিষয়টোক স্থান দিছিল । কিন্তু লক্ষণীয় ভাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পিছতো আজি পৰ্য্যন্ত অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি মৰ্যদা প্ৰদান কৰা নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ।

সেয়ে চুতীয়া যুৱ সন্মিলন অসমে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ এই ঐতিহ্যপূর্ণ চুতীয়া জনগোষ্ঠীটোক অতি সোনকালে অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদানৰ লগতে স্বায়ত্ব শাসন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । শীঘ্ৰেই তেওঁলোকৰ দাবী পূৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক: Sand mafia atrocity, কামপুৰত ৰাজপথলৈ ওলাই আহিল শতাধিক পুৰুষ মহিলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.