ETV Bharat / state

Protest at Silshako: শিলসাঁকোৰ উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ দাবীত মম জ্বলাই প্ৰতিবাদ

ক’লৈ গ’ল চৰকাৰৰ প্ৰতিশ্ৰুতি? শিলসাঁকোত মৌলিক অধিকাৰৰ দাবীত হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত লোকসকলে(Protest to demanding rehabilitation) ৷

author img

By

Published : Jun 6, 2023, 10:26 PM IST

Protest to demanding rehabilitation of shilshako evicts
শিলসাঁকোৰ উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ দাবীত মম জ্বলাই প্ৰতিবাদ

গুৱাহাটী, ৬ জুন : ৰাজ্যজুৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উছাহৰ মাজতে শিলসাঁকোত মৌলিক অধিকাৰৰ দাবীত হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত লোকসকলে ৷ যোৱা 2 ফেব্ৰুৱাৰীত গুৱাহাটীক বান মুক্ত কৰাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা GMDA কৰ্তৃপক্ষই শিলসাঁকো বিল বেদখল মুক্ত কৰি উচ্ছেদ অভিযান চলাইছিল (Protest at Silshako)৷

এই উচ্ছেদৰ ফলত শিলসাঁকোৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা শ শ পৰিয়াল গৃহহাৰা হৈছিল ৷ পৰৱৰ্তী সময়ত চৰকাৰে উচ্ছেদিত লোকসকলৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি জনোৱাৰ পিচত আশ্বস্ত হৈছিল উচ্ছেদিত লোকসকল (Protest to demanding rehabilitation)। কিন্তু দিন বাগৰি যোৱাৰ পিচতো উচ্ছেদিত লোকসকলক পুন:সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে শিলসাঁকোৰ গৃহহাৰা লোকসকল (demanding rehabilitation of shilshako evicts)।

শিলসাঁকো বিলৰ পাৰত উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিকৰণ দিয়াৰ দাবী তুলি মঙলবাৰে বিয়লি সাতগাঁও পানী টেংকীৰ ওচৰৰ পৰা শতাধিক উচ্ছেদিত লোকে হাতে হাতে প্লে-কাৰ্ড, মম জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী সমদলত হাতে হাতে প্লে-কাৰ্ড লৈ অংশগ্ৰহণ কৰে কণমানিসকলেও।

প্ৰতিবাদী শিখা সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, থলুৱা খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ প্ৰদানৰ কথা কৈ অহা চৰকাৰখনে দীৰ্ঘদিন ধৰি শিলসাঁকোৰ বুকুত বসবাস কৰি থকা খিলঞ্জীয়া লোকৰ ঘৰ উচ্ছেদ কৰি প্ৰকৃততে খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ।

প্ৰতিবাদকাৰীসকলে স্পষ্টকৈ চৰকাৰক উদ্দেশ্যি কয় যে, শিলসাঁকোত যদি আজমল, হিম্মৎ সিংকা, জিঞ্জাৰক যদি মাটি দিব পাৰে তেনে খিলঞ্জীয়াক মাটি দিব নোৱাৰাৰ কাৰণ কি ? সেয়ে উচ্ছেদিত লোকসকলে উচ্ছেদ বন্ধ কৰি অতি সোনকালে উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী জনায়। প্ৰতিবাদীসকলৰ দাবী চৰকাৰে মানি নল’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে তেওঁলোকে ৷

লগতে পঢ়ক: Destruction of trees: পথ সম্প্ৰসাৰণৰ নামত ২৫৫৩ জোপা গছ কটাৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.