ETV Bharat / state

নাৰ্যপ্ৰাপ্তিৰ দাবীত ধৰ্ণা-প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল - ন্যাৰ্য প্ৰাপ্তিৰ দাবীত, প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে চচল

অসম বিধান সভাৰ বাজেট অধিবেশনৰ ষষ্ট দিনাও গুৱাহাটীৰ চচলত থকা প্ৰতিবাদ স্থলীত নিজৰ দাবীৰ সমৰ্থনত কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ন্যাৰ্য প্ৰাপ্তিৰ দাবীত, প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে চচল ।

sasal protest
নাৰ্যপ্ৰাপ্তিৰ দাবীত ধৰ্ণা-প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল
author img

By

Published : Mar 22, 2022, 10:55 PM IST

গুৱাহাটী,২১ মাৰ্চ: অসম বিধান সভাৰ বাজেট অধিবেশনৰ ষষ্ট দিনাও গুৱাহাটীৰ চচলত থকা প্ৰতিবাদস্থলীত নিজৰ দাবীৰ সমৰ্থনত কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অঙ্গনবাৰী কৰ্মীৰ মজুৰি ২১ হাজাৰ টকা বৃদ্ধি আৰু মুখ্য সহায়িকা পদত পদোন্নতি দিয়াৰ দাবীত মংগলবাৰে অসম ৰাজ্যিক অঙ্গনবাৰী কৰ্মী আৰু সহায়িকা সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

কেইবাটাও দাবীৰ সমৰ্থনত দিয়া শ্লো'গানৰে প্ৰতিবাদ কাৰীসকলে পৰিবেশ উত্তাল কৰি তোলে । কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰৰ অৱহেলাৰ বাবে নায্যপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি ধৰ্ণাস্থলীৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাত পৰিস্থিতি অধিল উত্তপ্ত হৈ পৰে । পিছত দিছপুৰ থানাৰ ACP হিমাংশু দাসে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

নাৰ্যপ্ৰাপ্তিৰ দাবীত ধৰ্ণা-প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল

ইফালে মৰাণ জনজাতিক অতি সোনকালে জনজাতি কৰণৰ মৰ্য্যদা আৰু ষষ্ঠ অনুসূচী ভুক্ত স্বায়ত্ব শ্বসন প্ৰদানৰ দাবীত আজি অসম মৰাণ সভা , সদৌ অসম মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া উদ্যোগত চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰতিবাদৰ অন্তত সংগঠনটোবে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ মহিলা সকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণ সম্পূৰ্ণ ৰেহাই দিয়াৰ দাবী দিছপুৰ থানাৰ acp ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

ইফালে উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষকৰ পদ প্ৰদেশীকৰণ কৰাৰ দাবীত সদৌ অসম যোগ্য স্বীকৃতি প্ৰাপ্ত মধ্য ইংৰাজী হিন্দী শিক্ষক সন্থাই চচলৰ ধৰ্ণা স্থলীত বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদী শিক্ষক সকলে হয় চৰকাৰে আমাৰ দাবী মানি লওক, নহলে আমাক গুলিয়াই মাৰক আদি শ্লো'গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে ।

বিগত ত্ৰিশ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পিছতো চৰকাৰে আজি পৰ্যন্ত ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত এহেজাৰ হিন্দী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰাত আক্ষেপ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃবিন্দই।

লগতে পঢ়ক: ড্ৰাগছৰ ঘাটিলৈ পৰিণত চৰকাৰী কাৰ্য্যালয়ৰ পৰিত্যক্ত গৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.