ETV Bharat / state

33 শতাংশ আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী মহিলা সংগঠনৰ

1996 চনৰ 12 ছেপ্তেম্বৰত লোকসভাত উত্থাপন হোৱা মহিলাৰ 33 শতাংশ আসন সংৰক্ষণ বিধেয়ক(33 Percent Women's Reservation Bill) সংসদত গৃহীত কৰাৰ দাবী ৰাজ্যৰ মহিলা সংগঠনসমূহৰ ৷ বিগত 25 বছৰে বিভিন্ন অজুহাতৰ দোহাই দি গৃহীত হোৱা নাছিল বিধেয়কখন ৷

author img

By

Published : Sep 13, 2021, 7:43 AM IST

protest of womens organizations in guwahati
মহিলা সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী, 13 ছেপ্তেম্বৰ : লোকসভাত মহিলাৰ 33 শতাংশ আসন সংৰক্ষণ বিধেয়ক(33 Percent Women's Reservation Bill) গৃহীত কৰাৰ দাবীৰে দেওবাৰে গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত মহিলা সমাজৰ ৷ গুৱাহাটী ক্লাব ৰটাৰীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, অসম মহিলা সংঘ, সদৌ অসম প্ৰগতিশীল নাৰী সংস্থাৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

মহিলা সংগঠনৰ প্ৰতিবাদ

হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মহিলাৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰক, মহিলাৰ 33 শতাংশ সংৰক্ষণ বিধেয়ক আমাৰ অধিকাৰ গৃহীত কৰক, অতি শীঘ্ৰে 33 শতাংশ মহিলা বিধেয়ক সংসদত গৃহীত কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সংগঠনকেইটাই ।

লগতে পঢ়ক: আলফা(স্বা)ৰ মহিলা সদস্য পূৰ্ণিমা বৰাৰ আত্মসমৰ্পণ

1996 চনৰ 12 ছেপ্তেম্বৰত কেন্দ্ৰত যুক্তফ্ৰণ্ট চৰকাৰৰ শাসনকালত প্ৰথমবাৰৰ বাবে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33 শতাংশ আসন সংৰক্ষণ বিধেয়কখন উত্থাপন কৰা হৈছিল । মহিলা সংগঠনসমূহৰ দেশজোৰা আন্দোলনৰ ফলশ্ৰুতিত ব্যাপক জনসমৰ্থনসহ স্বীকৃতি লাভ কৰিছিল এই বিধেয়কখনে ৷ কিন্তু বিগত 25 বছৰে বিভিন্ন অজুহাতৰ দোহাই দি বিধেয়কখন লোকসভাত গৃহীত নহ’ল ।

মহিলা সবলীকৰণৰ স্বাৰ্থত ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাসকলক অংশীদাৰিত্ব কৰাৰ কাৰণেই 33 শতাংশ বিধেয়কখন লোকসভাত গৃহীত কৰাতো অতি জৰুৰী ৷ সেয়েহে দেশৰ অগ্ৰণী নাৰী সংগঠনসমূহে 25 বছৰীয়া বিধেয়কখন অচিৰেই লোকসভাত গৃহীত কৰাৰ দাবীত দেশজোৰা আহ্বানৰ প্ৰতি সংগতি ৰাখি গুৱাহাটীকে ধৰি বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ লগতে প্ৰধানমন্ত্ৰীলৈও এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে মহিলা সংগঠনসমূহে ।

লগতে পঢ়ক: শান্তি চুক্তিয়ে শান্তি আনিছে নে কাৰ্বি পাহাৰ লৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.