ETV Bharat / state

BSNL employees protest: প্ৰাপ্যৰ দাবীত BSNLৰ কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : May 27, 2022, 9:10 PM IST

BSNLৰ কৰ্মচাৰীসকলৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিল পানবজাৰস্থিত BSNLৰ মুখ্য কাৰ্যালয় (BSNL employees protest in Guwahati) ৷ সপ্তম বেতন আয়োগৰ পৰামৰ্শাৱলীৰ মৰ্মে সকলো কর্মচৰীৰে তৃতীয় বেতন সংশোধন বলবৎ কৰাৰ লগতে 4G সেৱা আগবঢ়োৱা আদিকে ধৰি কেইবাটাও দাবীত BSNLৰ কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ (Protest demanding solution to problems of BSNL employees) ।

BSNL employees protest
প্ৰাপ্যৰ দাবীত BSNLৰ কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, ২৭ মে’ : শুকুৰবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল পানবজাৰস্থিত BSNLৰ মুখ্য কাৰ্যালয় (BSNL employees protest in Guwahati) ৷ BSNLৰ সকলো ইউনিয়ন আৰু এছ'চিয়েচনৰ যৌথ উদ্যোগত কৰ্মচাৰীসকলৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদত বহে BSNLৰ কৰ্মীসকলে ৷ সপ্তম বেতন আয়োগৰ পৰামৰ্শাৱলীৰ আধাৰত সকলো কর্মচৰীৰে তৃতীয় বেতন সংশোধন বলবৎ কৰা, 4G সেৱা আগবঢ়োৱা আদিকে ধৰি কেইবাটাও দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ (Protest demanding solution to problems of BSNL employees) ।

প্ৰতিবাদী কাৰ্যসূচীত সন্থাৰ বিষয়বীয়াই কয় যে, বিভিন্ন ব্যক্তিগত টেলিকম কোম্পানীসমূহে ইতিমধ্যে 4G সেৱা আগবঢ়াইছে ৷ কিন্তু BSNL এ বৰ্তমানলৈ আৰম্ভ কৰা নাই । তদুপৰি নিগমটোত কৰ্মৰত সকলো ভাৰতীয় দূৰসঞ্চাৰ সেৱাৰ (ITS) উচ্চ বিষয়া যেনে - মুখ্য মহাপ্ৰবন্ধক, প্ৰবন্ধক আদি পদত নিযুক্তসকলে তৃতীয় বেতন সংশোধন উপভোগ কৰি আহিছে ।

ইয়াৰ বিপৰীতে বাকী কৰ্মচাৰীসকলে ২০০৭ চনৰ পৰা কোনোধৰণৰ বেতন সংশোধন লাভ কৰা নাই ।

২০০০ চনত যেতিয়া দূৰসঞ্চাৰ বিভাগৰ পৰা নিগমীকৰণৰ জৰিয়তে BSNLৰ জন্ম হয়, তাৰ পিছৰ পৰাই যিসকল লোকৰ নিগমটোত নিযুক্তি হৈছে তেওঁলোক পেঞ্চনৰ সুবিধাৰ পৰাও বঞ্চিত হৈ আছে । দ্বিতীয় বেতন সংশোধন সমিতিৰ পৰামৰ্শ মতে, এইসকল কৰ্মচাৰীৰ বাবে এটা পেঞ্চন কোষ থাকিব, য'ত কৰ্মচাৰীসকলৰ মাহিলী বেচিক আৰু মূল্যবৃদ্ধি ভাত্তাৰ ৩০ শতাংশ নিগমে জমা দিব ।

লগতে পঢ়ক : এন আৰ চিৰ আসোঁৱাহ নিষ্পত্তিৰ বাবে চৰকাৰ দায়বদ্ধ: কেশৱ মহন্ত

কিন্তু দুর্ভাগ্যবশত ২০০৭ চনৰ এই পৰামৰ্শ কাৰ্যত আংশিকভাৱেহে বলবৎ হ'ল ৷ য’ত নিগমে মাত্ৰ ২ হেজাৰৰ পৰা ৩ হেজাৰ টকাহে এই নৱনিযুক্তসকলক তেওঁলোকৰ অৱসৰৰ সময়ত পেঞ্চন হিচাবে দিব পাৰিব । সেয়েহে কৰ্মচাৰীসকলে ২০০৭ চনৰ পৰা ৩০ শতাংশ হাৰত পেঞ্চন কোষত বকেয়া ধন জমা দিবলৈ দাবী জনায় ।

ইয়াৰ উপৰিও কনিষ্ঠ দূৰসঞ্চাৰ বিষয়া/গাণনিক বিষয়াসকলৰ প্ৰাৰম্ভিক বেতন মান E1-E2 স্কেলৰ পৰিৱৰ্তে অন্যান্য ভাৰত চৰকাৰৰ সাৰ্বজনিক প্ৰতিষ্ঠানত বলবৎ হোৱা E2-E3 স্কেলত কৰিবলৈও যৌথ মঞ্চৰ উদ্যোগত দাবী জনায় । আনহাতে, স্বইচ্ছুক অৱসৰৰ দ্বাৰা প্ৰায় ৫০ শতাংশ কৰ্মচাৰীক নিগমটোৰ পৰা বিদায় দিয়াৰ পিছত এইবাৰ উৰ্দ্ধতম কৰ্তৃপক্ষই অনুমোদিত পদৰ সংখ্যা হ্ৰাস কৰিছে ।

ফলত নিগমটোৰ বিষয়া-কৰ্মচাৰীসকলৰ পদোন্নতিৰ পথ বন্ধ হোৱাৰ অতিক্ৰম হৈছে । সদ্য ঘোষিত কনিষ্ঠ অভিযন্তাৰ পৰা কনিষ্ঠ দূৰসঞ্চাৰ বিষয়ালৈ হ'বলগীয়া পদোন্নতিৰ বিভাগীয় পৰীক্ষাত অসম পৰিমণ্ডলৰ কোনো কৰ্মচাৰীয়ে অৱতীৰ্ণ হ'ব নোৱাৰিব । এনে হঠকাৰীতাৰ বিৰুদ্ধে BSNLৰ সংগ্ৰামী যৌথ মঞ্চই বিৰোধ কৰে ।

লগতে পঢ়ক : George Bordoloi suicide case : পৱন বৰঠাকুৰৰ নেতৃত্বত তিনিজনীয়া তদন্ত সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.