ETV Bharat / state

JYB Protest in Guwahati: নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙক লৈ জাতীয় যুৱ বাহিনীৰ ব্যাপক প্ৰতিবাদ - Assam govt recruitment

খানাপাৰাত জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচী (Jatiya Yuva Bahini protest at Khanapara) । নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভাতৃ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচী । খানাপাৰাস্থিত ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জাতীয় যুৱ বাহিনীৰ ।

JYB Protest
JYB Protest
author img

By

Published : Apr 28, 2023, 4:48 PM IST

নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙক লৈ জাতীয় যুৱ বাহিনীৰ ব্যাপক প্ৰতিবাদ

গুৱাহাটী, ২৮ এপ্ৰিল : নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Jatiya Yuva Bahini protest at Khanapara) । প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি জাতীয় যুৱ বাহিনীয়ে আয়োগৰ অধ্যক্ষলৈ স্মাৰক-পত্র প্ৰেৰণ কৰে ।

প্ৰতিবাদকাৰীসকলে নিযুক্তিৰ ক্ষেত্রত মেধাৰ তালিকা (merit list) ঘোষণা কৰাৰ লগতে এখন অপেক্ষা তালিকা (waiting list) ঘোষণা কৰি সকলো অ'ভাৰ লেপিঙৰ সমস্যা দূৰ হোৱাৰ পিচত চূড়ান্ত মেধা তালিকা ঘোষণা কৰাৰ দাবী জনায় । লগতে যিসমূহ পদৰ বাবে সর্বোচ্চ শিক্ষাগত অৰ্হতা ধার্য কৰা হৈছে, সেইসমূহ পদত যাতে অধিক শিক্ষাগত অৰ্হতা থকা যুৱক-যুৱতীসকলে নিযুক্তি লাভ নকৰে তাৰ ব্যৱস্থা কৰাৰো দাবী জনায় (JYB protest against overlapping in recruitment) ।

হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আয়োগৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । পাচত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যায় । জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে, বিজেপিয়ে বিগত নিৰ্বাচনত দুই লাখ নিবনুৱাক চৰকাৰী নিযুক্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল আৰু পৰৱৰ্তী সময়ত ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰি পবিত্ৰ বিধানসভাৰ মজিয়াত গণি গণি এক লাখ নিবনুৱাক নিযুক্তি দিয়া হ’ব বুলি বক্তব্য আগবঢ়াইছিল (Assam CM Himanta Biswa sarma) ।

কিন্তু শেহতীয়াকৈ দেখা গৈছে যে বিভিন্ন বিভাগত চলি থকা নিযুক্তি পৰীক্ষাত একেজন প্রার্থীয়েই পাঁচটাকৈ পদৰ বাবে নিৰ্বাচিত হৈছে । যাৰ ফলত অসমৰ নিবনুৱাসকলে আশা কৰা ধৰণে সম্পূর্ণ এক লাখ পদত নিযুক্তি নহ’ব আৰু বহুতো নিবনুৱা বঞ্চিত হ’ব । বিশেষকৈ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে ২৬,৪৪১ টা পদৰ বাবে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত এনে অ'ভাৰ লেপিং বেছিকৈ হোৱা দেখা গৈছে (Assam govt recruitment) । এই অ'ভাৰ লেপিঙৰ সমস্যা দূৰ কৰাৰ দাবীতে শুকুৰবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি তেওঁ জনায় ।

লগতে পঢ়ক :CMs Vigilance Notice : সাংসদ অজিত ভূঞালৈ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.