ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংসদলৈ চাইকেলেৰে আহিল ৰিপুণ বৰা - সাংসদ ৰিপুণ বৰা

দেশ তথা ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে দিশহাৰা হৈছে ৰাজ্যৰ সাধাৰণ জনতা ৷ ইয়াৰ মাজতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ।

protest against price hike essential goods
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰিপুন বৰাৰ প্ৰতিবাদ
author img

By

Published : Jul 29, 2021, 6:28 PM IST

গুৱাহাটী, 29 জুলাই : দেশ তথা ৰাজ্যত বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ এফালে কাল কৰ’ণাৰ ত্ৰাস, আনফালে ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি সম্প্ৰতি জীৱিকাৰ পথ হেৰুৱাইছে দেশ তথা ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সম্প্ৰতি জাঙুৰ খাই উঠিছে সাংসদ ৰিপুণ বৰা ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যসভাৰ সাংসদ বৰাই । সাংসদগৰাকীয়ে পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি চাইকেল চলাই আহে সংসদলৈ ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰিপুন বৰাৰ প্ৰতিবাদ

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰোধিতাৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ

আৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ অৱস্থা জুৰুলা কৰি পেলাইছে বুলি সদৰী কৰি সাংসদগৰাকীয়ে সংসদৰ চৌহদত চাইকেল চলাই প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ দাবী জনায় । মূল্যবৃদ্ধিৰ প্ৰসংগত সংসদৰ মজিয়াত আলোচনা কৰাৰ বাবে আবেদন জনোৱা হৈছিল যদিও অনুমতি নিদিলে । সংসদত এই গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা নকৰিলে ক'ত আলোচনা কৰিব বুলি ৰিপুণ বৰাই প্ৰশ্ন উত্থ‍াপন কৰে ।

লগতে পঢ়ক: মূল্যবৃদ্ধি : জোনাইত আছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.