গুৱাহাটী, 29 মে’: মঙলবাৰে মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট ইত্তেহাদ ফ্ৰণ্টৰ ৷ NRC ৰ দাবী আপত্তিৰ ক্ষেত্ৰত এচাম লোকক হাৰাশাস্তি কৰি অহাৰ বিৰুদ্ধে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন সংগঠনটোৰ৷
লগতে, এন আৰ ছিত চলি থকা বিসংগতি সমূহ দূৰ কৰাৰ লগতে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰাকৈ তথা কোনো প্ৰকৃত ভাৰতীয় নাগৰিক বাদ নপৰাকৈ আৰু কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰি শুদ্ধ প্ৰক্ৰিয়াৰে এন আৰ চিৰ কাম কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে৷