গুৱাহাটী, ১৬ এপ্ৰিল: মহানগৰীৰ সাতগাঁওস্থিত নাৰেংগী সেনা চাউনী কৰ্তৃপক্ষই স্থানীয় ৰাইজক অৱজ্ঞা কৰি সম্পূৰ্ণ নীতি বৰ্হিভূতভাবে আমছিং যোৰাবাটৰ মূল পথত এখন গেট নিৰ্মাণৰ কৰিবলৈ ওলোৱা কাৰ্য্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছিংবাসী ৰাইজে (Protest against indian army) । জানিব পৰা মতে ৰঙালী বিহুৰ বন্ধৰ অচিলা লৈ পহিলা ব’হাগৰ পৰা নাৰেংগীৰ সেনা শিৱিৰে আমচিং যোৰাবাটৰ মূল পথত দ্বিতীয়খন প্ৰৱেশ দ্বাৰ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই থকাৰ কথা জানিব পাৰি স্থানীয় ৰাইজ উপস্থিত হৈ সেনা বাহিনীৰ এই কাৰ্যক বাধা প্ৰদান কৰে । ইয়াকে লৈ দুয়ো পক্ষৰ মাজত বাদানুবাদৰ সৃষ্টি হয় ।
স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবে সেনা বাহিনীয়ে এই কাম বন্ধ ৰাখে যদিও শনিবাৰে দিনৰ ভাগত পুনৰ গেট নিৰ্মাণৰ বাবে গাঁত খান্দিবলৈ ওলোৱাত স্থানীয় আমছিং যোৰাবাটবাসী একত্ৰিত হৈ এই কাৰ্যক বাধা প্ৰদান কৰে । ইয়াক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্তেজিত ৰাইজে পুৱাৰ ভাগত ৰাজপথলৈ ওলাই আহি সেনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী জনতাই গড়কাপ্তানী পথত গেট নিৰ্মান কৰিবলৈ দিয়া নহ’ব, আমাৰ ৰাষ্টা মাক লাগিবই, সেনা বাহিনীৰ দাদাগিৰী নচলিব, গড়কাপ্তানী পথেৰে সকলোকে অহা যোৱাৰ সুবিধা প্ৰদান কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
ইফালে নাৰেংগী সেনা চাউনি কৰ্তৃপক্ষই (Narengi army camp authority) লোকনিৰ্মান বিভাগৰ পথ অধিগ্ৰহণ কৰি বলপূৰ্বকভাৱে গেট নিৰ্মান কৰিবলৈ ওলোৱা এই কাৰ্যৰ বিৰুদ্ধে গৰজি উঠা আমছিং যোৰহাটবাসী ৰাইজে দুই এদিনতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, স্থানীয় বিধায়ক, ৰাজহ মন্ত্ৰী আৰু সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ কৰিব বুলি জানিবলৈ দিছে ।
উল্লেখ্য যে, উক্ত পথেৰ অহা-যোৱা কৰা লোকসকল সেনা বাহিনীৰ তালাচীৰ নামত সময়ে সময়ে নানা হাৰাশাস্তি ৰ সন্মুখীন হৈ অহা বুলি অভিযোগ উত্থাপিত হৈছে । আনকি নিশাৰ ভাগত সেনাই মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ বাবেই উক্ত অঞ্চলটোত বসবাস কৰা বহু ৰোগীয়ে চিকিৎসাৰ অভাৱত মুত্যক আঁকোৱালি লোৱাৰ লগতে প্ৰসূতিয়ে ঘাইপথতে সন্তান প্ৰসৱ কৰিবলগীয়াৰ ঘটনা সংঘটিত হৈছে ।
লগতে পঢ়ক: নিৰ্বাচন আহিলেহে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাৰ কথা মনত পৰে নেকি ৰাজনৈতিক দলৰ ?