ETV Bharat / state

Protest against Dumping Ground at Dipor Bil : দীপৰ বিলৰ জনবহুল অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা - দীপৰ বিলৰ পাৰক ডাম্পিং গ্ৰাউণ্ড

দীপৰ বিলৰ পাৰক ডাম্পিং গ্ৰাউণ্ড(Protest against Dumping Ground at Dipor Bil) হিচাপে ব্যৱহাৰ কৰাক লৈ পামহী কাৰ্বিপাৰাৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবীত সাব্যস্ত তীব্ৰ প্ৰতিবাদ(Protest demanding dumping ground transfer to pamohi) ৷

people-are-against-setting-up-of-dumping-ground in-populated areas of-dipor-bil
দীপৰ বিল পাৰৰ জনবহুল অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপনত ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Dec 6, 2021, 10:46 AM IST

গুৱাহাটী, 6 ডিচেম্বৰ : জনবহুল অঞ্চলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা পামহী কাৰ্বিপাৰাবাসীৰ(Protest against Dumping Ground at Dipor Bil) ৷ পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে(Dumping Ground) বিনষ্ট কৰিছে দীপৰ বিলৰ সামূহিক পৰিৱেশ ৷

দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে প্ৰায় চাৰিমাহ পূৰ্বে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটী মহানগৰীৰ দূষিত আৱৰ্জনা পেলোৱাক(waste dumping site next to Deepor Beel raises a stink) লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ ১৬ খন গাঁৱৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিগত সময়চোৱাত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিব বুলি কেইবাবাৰো আশ্বাস দিছিল যদিও সেই আশ্বাস কাৰ্যকৰী নহ’ল ৷ পৰৱৰ্তী সময়তো দীপৰ বিলৰ পানী প্ৰদূষিত হোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশ দূষিত হৈ পৰিছে । যাৰ বাবে চৰকাৰ, পৌৰ নিগমৰ বিৰুদ্ধে দীপৰ বিলৰ কাষৰীয়া পামহী কাৰ্বিপাৰাবাসী ৰাইজৰ উদ্যোগত দেওবাৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এঘণ্টাযোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Protest against Dumping Ground at Dipor Bil
ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা

পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰীকে আদি কৰি প্ৰায় তিনি শতাধিক লোক পামহীৰ ঐতিহাসিক শ্ৰীশ্ৰীভীমাশংকৰ মন্দিৰৰ সমীপৰ বাকৰিত একত্ৰিত হৈ পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি সনেশ টেৰণ আৰু সাধাৰণ সম্পাদক হেনৰি ডেভিড টেৰণৰ নেতৃত্বত হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ প্ৰায় দুই কিল’মিটাৰ নিলগৰ মইনা খোৰোংস্থিত পদ্মৰাম ভৰালী খেলপথাৰলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয় ৷

সমদলত ভাগ লোৱা সকলোৱে পশ্চিম বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰক, দীপৰ বিল সংযোগী পামহী কেনেলত গুৱাহাটীৰ প্ৰদূষিত পানী পেলোৱা কার্য বন্ধ কৰক, দীপৰ বিলৰ পৰিৱেশ সংৰক্ষণ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ৷

আনহাতে, খেলপথাৰৰ সন্মুখত হোৱা এঘণ্টাৰ ধৰ্ণা কাৰ্যসূচীত কৃষক নেতাদ্বয় দীনেশ দাস আৰু জেহেৰুল ইছলাম, পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সভাপতি তৰুণ বৰগোঁহাই, কাৰ্যকৰী সভাপতি সুশীল টেৰণ, উপ সভাপতিদ্বয় উৎপল কুমাৰ দাস আৰু ভূমিধৰ দাস, সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাকে ধৰি কেইবাজনেও ভাগ লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ উলংঘা কৰি পুনৰ দীপৰ বিলৰ দাঁতিত চৰকাৰ-পৌৰ নিগমে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি বিশ্ববিখ্যাত বিলখনক মৃত্যুমুখলৈ ঠেলি দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

ইফালে স্থানীয় বিধায়ক হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা(MLA Ramendra Narayan Kalita)ই ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে যিধৰণৰ তৎপৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে সচেতন মহল । লগতে চৰকাৰে যদি শীঘ্ৰেই ডাম্পিং গ্ৰাউণ্ডটো সেই স্থানৰ পৰা স্থানান্তৰ নকৰে, তেন্তে আগন্তুক দিনত তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : SVAMITVA Scheme : এতিয়াৰ পৰা ড্ৰোণৰ জড়িয়তে নিৰূপণ হ’ব ভূমিৰ জোখ-মাখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.