ETV Bharat / state

কেবৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদৰ অগনি

author img

By

Published : Dec 10, 2019, 11:49 AM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ অৱস্থান ধৰ্মঘট ৷ লখিমপুৰৰ লগতে ওদালগুৰিত ৰে'ল অৱৰোধ প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ উপৰিও নগাঁও, কামৰূপ তথা মঙলদৈত প্ৰতিবাদ ৷

protest against CAB is high across the state
কেবৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে ৰাজ্যৰ চৌপাশ

গুৱাহাটী, 10 ডিচেম্বৰঃ অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰাৰ লগতে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷ সোমবাৰে লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পিচতেই নেছ’ৰ 11 ঘন্টীয়া উত্তৰ-পূৱ বন্ধৰ আহ্বান নেছ’ৰ ৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদ

লখিমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ’ই আহ্বান কৰা বন্ধৰ মাজতে লখিমপুৰত ৰেল অৱৰোধ ৷ উজনিমুৱা ডেকাৰগাও মুৰ্কক চেলেক অভিমুখী ৰেলখন লখিমপুৰ ষ্টেচনত বহু সময় ধৰি আবদ্ধ কৰি ৰাখে টাই আহোম যুৱ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদকাৰীসকলে ৷

লখিমপুৰত ৰেলপথ অৱৰোধ

ওদালগুৰিঃনেছ’ই আহ্বান কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে ওদালগুৰি জিলাত ৷ ওদালগুৰি জিলাৰ টংলা,ওদালগুৰি সদৰ,মাজবাট,ৰৌতা কলাইগাঁও আদি অঞ্চলত বন্ধ সমৰ্থকসকল ওলাই আহি টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিৰ কৰ্মীসকলে ডেকাৰগাঁও-কামাখ্যা ইন্টাৰচিটি ৰেল গাড়ীখন প্ৰায় এঘণ্টা ধৰি অবৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেব বাতিল নকৰিলে চৰকাৰক অধিক ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ওদালগুৰিত ৰেল অৱৰোধ

নগাঁওঃসমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ নগাঁৱৰ নতুন বজাৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে ৷

নগাঁৱত প্ৰতিবাদ

কামৰূপঃ ৰাজ্যৰ ভিন্ন প্ৰন্তৰ লগতে কামৰূপৰ আমিনগাঁও আৰু দদৰাটো বন্ধৰ প্ৰভাৱ ৷ বন্ধ ৰখা হৈছে আমিনগাঁও ঔদ্যোগিক পাম আৰু দোকান-পহাৰ সমূহ ৷ আনহাতে দদৰাটো মঙলবাৰে পুৱাই আছু কৰ্মীয়ে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

কামৰূপত প্ৰতিবাদ

মঙলদৈঃমঙলদৈ নগৰবাহিত ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৷ বঙলাগড় জাবেৰীকুচি পথত বাঁহ বান্ধি পথ অৱৰোধ প্ৰতিবাদকাৰীৰ ৷ লগতে ক'লা পতাকা উৰুৱাই কেব ৰ বিৰুদ্ধাচৰণ কৰে প্ৰতিবাদকাৰীয়ে ।

মঙলদৈত প্ৰতিবাদ

লগতে পঢ়ক- ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা

Intro:কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোল অব্যহত। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ লগতে ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ।

Body:আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধায়কে। যোৱাকালি লোকসভাত গৃহীত হোৱাৰ পিছত আজি বিধেয়কৰ বিৰুদ্ধে আছুৰ অসম বন্ধ। আছুৰ অসম বন্ধৰ মাজতে আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলত দাবীত আৰম্ভ কৰিছে অৱস্থান ধৰ্মঘট। কটন বিশ্ববিদ্যালয়ৰ সমুখত ছাত্ৰ সকলে কেব'ৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ লগতে ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বাইট : ছাত্র

Conclusion:কেন্দ্ৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰালৈ ছাত্ৰ সমাজৰ কেব বিৰোধী আন্দোলন অব্যহত থাকিব বুলি জানিবলৈ দিয়ে ছাত্ৰ সকলে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.