গুৱাহাটী, 30 নৱেম্বৰঃগুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কেবৰ ক্ষেত্ৰত কোনো স্থিতি প্ৰদান নকৰাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ সংগঠনে ৷
ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানিলে মুখ্যমন্ত্ৰীয়ে উল্লেখ্য যে শণিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱসত উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী সোণোৱাল । যাৰ বিৰোধিতা কৰিছিল ছাত্ৰসমাজে । কেবৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মূখত বহি পৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ । ছাত্ৰসমাজৰ প্ৰতিবাদৰ ফলত অনুষ্ঠানত উপস্থিত নহ'ল মুখ্যমন্ত্ৰীগৰাকী । ইফালে কেবৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজকে ওলাই আহিবলৈ আহ্বান জনালে ছাত্ৰসমাজে ।গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ প্ৰতিবাদ লগতে পঢ়ক- অসুৰক্ষিত হায়দৰাবাদ: শ্বামছাবাদত আকৌ উদ্ধাৰ মহিলাৰ গলিত মৃতদেহ