ETV Bharat / state

Climate Changing in Assam: অসমত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ: কি কয় বিশিষ্ট বিজ্ঞানী ডঃ ৰাহুল মহন্তই

author img

By

Published : Feb 16, 2023, 9:21 PM IST

ভয়ংকৰ বায়ু প্ৰদূষণৰ গ্ৰাসত পৰিছে সমগ্ৰ অসম (Air pollution in Assam) ৷ জলবায়ু পৰিৱৰ্তনৰ বাবে ধূলিময় হৈ পৰিছে ৰাজ্যৰ বায়ুমণ্ডল ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত হৈছে ভয়ংকৰ প্ৰদূষণ ৷ এই বিষয়ে জানিবলৈ ই টি ভি ভাৰতে আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী অধ্যাপক ৰাহুল মহন্তৰ ।

Climate Changing in Assam
অসমত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ: কি কয় বিশিষ্ট বিজ্ঞানী ডঃ ৰাহুল মহন্তই !

গুৱাহাটী, 16 ফেব্ৰুৱাৰী: অসমত যোৱা তিনিমাহ ধৰি হোৱা নাই পৰ্যাপ্ত পৰিমাণৰ বৰষুণ ৷ অৱশ্যে যোৱা কিছুদিন ধৰি উজনি অসমৰ দুই, এঠাইত হৈছে পাতলীয়া বৰষুণ হৈছে যদিও অধিকাংশ ঠাইতে হোৱা নাই বৰষুণ ৷ ধূলিময় হৈ পৰিছে ৰাজ্যৰ বায়ুমণ্ডল (Climate changing in Assam) ৷

ইফালে, শেহতীয়াকৈ গুৱাহাটীত হোৱা ধূলি বতাহ আৰু বায়ু প্ৰদূষণৰ বাবে মানুহৰ দেহত বাঢ়িছে শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু শুকান কাহৰ প্ৰাদুৰ্ভাৱ ৷ এয়া অসমত জলবায়ু পৰিৱৰ্তনৰ আগজাননী নেকি ? নে ইতিমধ্যেই জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিছে অসম তথা গুৱহাটী মহানগৰী (Air pollution in Guwahati) ? এই বিষয়ে জানিবলৈ ই টি ভি ভাৰতে আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী অধ্যাপক ৰাহুল মহন্তৰ (Dr Rahul Mahanta) ।

বিশিষ্ট বিজ্ঞানী ৰাহুল মহন্তই কয় যে, সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰিছে । অসমো ইয়াৰ ব্যতিক্ৰম নহয় । লগতে তেওঁ কয়, ‘‘উত্তৰ মেৰুত তাপমাত্ৰা বৃদ্ধি পাইছে । যাৰ বাবে উত্তৰ মেৰু আৰু বিষুৱ ৰেখাৰ (Equator) মাজত তাপমাত্ৰাৰ তাৰতম্য ঘটিছে । ফলত বৰষুণ অহা পথবোৰ সলনি হৈছে । ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে ।’’

সমান্তৰালভাৱে তেওঁ কয়, ‘‘জলবায়ু পৰিৱৰ্তনৰ বাবে এতিয়া সৰু সৰু বৰষুণৰ পৰিমাণ কমিছে ৷ কিন্তু ডাঙৰ বৰষুণবোৰ বাঢ়িছে । কিন্তু এতিয়া সময়ে সময়ে বৰষুণ কমি আহিছে । একেলগে বেছি বৰষুণ অহাটো বাঢ়িছে । এতিয়া আমি দেখাৰ দৰে যোৱা তিনিমাহ ধৰি অসমৰ অধিকাংশত বৰষুণ নাই । উত্তৰ মেৰু আৰু ভূমধ্য ৰেখা (Equator) মাজত তাপমাত্ৰাৰ তাৰতম্য ঘটাৰ বাবে জলীয় বাষ্পবোৰ ওপৰলৈ উঠিব পৰা নাই । যাৰ বাবে বৰষুণৰ তাৰতম্য হৈছে (Causes of climate changing) ।’’

লগতে তেওঁ উল্লেখ কৰে যে, ‘‘অহা 10 বছৰ পাচত কি হ'ব সেয়া‌ মানুহৰ কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰিব । জলবায়ু পৰিৱৰ্তন হ'ব । এয়া স্বীকাৰ কৰিব লাগিব । কিন্তু তাৰ লগত মোকাবিলা কৰাৰ কথা চিন্তা কৰিব লাগিব । সহাৱস্থান কৰিব লাগিব । পৰিকল্পনা যুগুত কৰিব লাগিব । জলবায়ু পৰিৱৰ্তনৰ প্ৰতিৰোধৰ বাবে চৰকাৰে অধিক গুৰুত্ব দিব লাগিব । অসমৰ জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ‌ বাবে অসম চৰকাৰে নিজে পদক্ষেপ ল'ব লাগিব । অধিক গৱেষণাত গুৰুত্ব দিব লাগিব ।’’

লগতে পঢ়ক: Air pollution in Guwahati: ভয়ংকৰ বায়ু প্ৰদূষণ: গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰি চাৰিখন বিমান উভতিল কলকাতালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.