গুৱাহাটী, ১৭ জুলাই: বিশিষ্ট অভিযন্তা অজিত কুমাৰ চৌধুৰী আৰু নাই (prominent engineer ajit kumar choudhary died)। যোৱানিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ৯০ বছৰত মৃত্যু হোৱা অজিত কুমাৰ চৌধুৰীয়ে অসম চৰকাৰৰ গড়কাপ্তানি (লোক নিৰ্মাণ) বিভাগৰ সচিব পদতো কাৰ্যনিৰ্বাহ কৰিছিল । গুৱাহাটীৰ চানমাৰি উৰণীয়া সেঁতুৰ নিৰ্মাণৰ অন্যতম অভিযন্তা আছিল চৌধুৰী (Chandmari Flyover in Guwahati)। তেওঁ আছিল ভি আই পি ৰোডৰ বাবে মাটি অধিগ্ৰহণৰ অন্যতম আঁৰৰ ব্যক্তি । মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, বোৱাৰী, কন্যা আৰু নাতিৰ লগতে আত্মীয়-স্বজন এৰি যায় ৷
অজিত কুমাৰ চৌধুৰীৰ ১৯৩৩ চনৰ ১৭ জুনত বজালী জিলাৰ সৰুপেটাত জন্ম হৈছিল ৷ সৰুপেটাৰ শৈক্ষিক আৰু বহু সামাজিক প্ৰতিষ্ঠান গঢ় দিয়া মুক্তিযোদ্ধা সোণাৰাম চৌধুৰী আৰু সুকেশীবালা চৌধুৰীৰ তৃতীয় সন্তান অজিত কুমাৰ চৌধুৰীয়ে প্ৰথমিক শিক্ষা সৰুপেটাতে আৰম্ভ কৰিছিল ৷ তেওঁ সেই সময়ত অসমৰ ভিতৰত একাদশ স্থান লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।
![guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-famous-engineer-ajit-kumar-choudhary-died-7209925_17072022110102_1707f_1658035862_966.jpg)
তেওঁ কটন কলেজৰ পৰা সুখ্যাতিৰে আই এছ চি পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ ১৯৫২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিছিল ৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ পৰা স্বৰ্ণপদকসহ উত্তীৰ্ণ হৈ তেওঁ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ মেধাবী ছাত্ৰ অজিত কুমাৰ চৌধুৰীক অসম চৰকাৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ আগতেই সহকাৰী অভিযন্তা পদত নিযুক্তি দিছিল যাতে মেধাবী ছাত্ৰ চৌধুৰীক আন প্ৰদেশে নিযুক্তি দি লৈ যাব নোৱাৰে (Banaras Hindu University)৷
তেওঁ উত্তৰ লখিমপুৰ, গোৱালপাৰা, শ্বিলং আদি বিভিন্ন ঠাইত দক্ষতাৰে কাম কৰিছিল ৷ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মুখ্য অভিযন্তা পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ৰাজ্য চৰকাৰে তেওঁক সন্মানো জনাইছিল ৷
উল্লেখ্য় যে, চানমাৰিৰ উৰণীয়া সেঁতু নিৰ্মাণৰ অন্যতম অভিযন্তা আছিল অজিত কুমাৰ চৌধুৰী ৷ অসমৰ ভিতৰতেই নিৰ্মাণৰ ক্ষেত্ৰত সুনাম চৌধুৰীয়ে চানমাৰিৰ উৰণীয়া সেঁতুৰ বাবে আন সহকাৰী বিষয়াৰ লগত মাটি অধিগ্ৰহণ কৰাকে ধৰি সকলো কামৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছিল ৷ তেওঁ গুৱাহাটীৰ নাৰেংগী উৰণীয়া সেঁতু নিৰ্মাণ আৰু ভি আই পি ৰোডৰ বাবে মাটি অধিগ্ৰহণ আদিকে ধৰি বিভিন্ন পথৰ উন্নয়ণৰ অন্যতম আঁৰৰ ব্যক্তি আছিল ৷ তেওঁ আধুনিক গুৱাহাটীৰ ‘মাষ্টাৰ প্লেন’ৰ কামতো জড়িত আছিল ৷ অসমৰ বহু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰক সহায় কৰিছিল ৷
অজিত কুমাৰ চৌধুৰীৰ মূল ঘৰ সৰুপেটাত যদিও তেওঁ নিগাজীকৈ গুৱাহাটীৰ দিছপুৰৰ সৰুমটৰীয়াত বাস কৰিছিল ৷ বেনাৰস বিশ্ববিদ্যলয়ত পঢ়ি থকাৰ সময়তে বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ শিক্ষাৰ্থীত পাঠদান কৰাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত আছিল অজিত কুমাৰ চৌধুৰী ৷ তেওঁৰ মৃত্যুৰ বাতৰি পাই দেওবাৰে অসংখ্য লোকে তেওঁৰ গুৱাহাটীৰ সৰুমটৰীয়াৰ ঘৰলৈ গৈ শোক প্ৰকাশ কৰে ৷ কন্যা আমেৰিকাৰ পৰা আহি পোৱাৰ পাছত তেওঁৰ শেষকৃত সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে ।