ETV Bharat / state

বিশ্ববিখ্যাত জ'ন মেকেনৰ' টেনিছ একাডেমীৰ প্ৰশিক্ষক পদত অসম কন্যা প্ৰিয়ানা - স্প'ৰ্টচ স্ক'লাৰশ্বীপ

আমেৰিকাৰ বিখ্যাত নিউয়ৰ্কৰ জ'ন মেকেনৰ' টেনিছ একাডেমীৰ প্ৰশিক্ষক হিচাপে যোগদান কৰিবলৈ ইতিমধ্যে চুক্তিবদ্ধ হৈছে অসমৰ আগশাৰীৰ টেনিচ খেলুৱৈ প্ৰিয়ানা কলিতা ৷ যে সমগ্ৰ বিশ্বৰ ৩০০ গৰাকী টেনিছ খেলুৱৈৰ মাজৰ পৰা এই একাডেমীয়ে নিৰ্বাচিত কৰিছে দুগৰাকী প্ৰশিক্ষক । যাৰ ভিতৰত এগৰাকী হৈছে প্ৰিয়ানা কলিতা ৷ অসমত থকা কালচোৱাত প্ৰিয়ানাই ১৮ বাৰকৈ ৰাজ্যিক চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

priyona-kalita-joined-as-new-tenis-instructor-john-mc-academy-in-america
বিশ্ববিখ্যাত জ'ন মেকেনৰ' টেনিছ একাডেমীৰ প্ৰশিক্ষক পদত অসম কন্যা প্ৰিয়ানা
author img

By

Published : Apr 7, 2021, 10:46 PM IST

গুৱাহাটী, ৭ এপ্ৰিলঃ নিৰ্বাচনী ধামখুমিয়াৰ মাজতে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ আহিছে এটা ভাল লগা খবৰ । আমেৰিকাৰ বিখ্যাত নিউয়ৰ্কৰ জ'ন মেকেনৰ' টেনিছ একাডেমীৰ প্ৰশিক্ষক হিচাপে যোগদান কৰিবলৈ ইতিমধ্যে চুক্তিবদ্ধ হৈছে অসমৰ এগৰাকী আগশাৰীৰ টেনিচ খেলুৱৈ প্ৰিয়ানা কলিতা ৷ গুৱাহাটীৰ ছয়মাইলৰ গৌতম কলিতা আৰু নীতা কলিতাৰ কন্যা প্ৰিয়ানা অসমৰ টেনিছ ক্ষেত্ৰখনৰ এটা চিনাকি নাম । নিজৰ ব্যতিক্ৰমী ক্ৰীড়াশৈলীৰে দেশে-বিদেশে সুনাম অৰ্জা প্ৰিয়ানাই ২০১৭ চনত আমেৰিকাৰ মিয়ামি বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে স্প'ৰ্টচ স্ক'লাৰশ্বীপ ৷ বৰ্তমান মিয়ামি বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ানাই টেনিছৰ ক্ষেত্ৰখনত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবেই অল আমেৰিকান ইউনিভাৰ্চিটিজ চেম্পিয়নশ্বিপত মিয়ামি বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠতাৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল । কেৱল ক্ৰীড়াৰ ক্ষেত্ৰতে নহয়, আমেৰিকাত বিভিন্ন সামাজিক কামতো জড়িত হৈ পৰিছে এইগৰাকী অসমকন্যা ।

ড'নাল্ড ট্ৰাম্প চৰকাৰে যিসময়ত আমেৰিকাত অধ্যয়নৰত ১০ লাখ শিক্ষাৰ্থীক দেশখনৰ পৰা উলিয়াই পঠিয়াবলৈ সিদ্ধান্ত লৈছিল সেই সময়ত এইগৰাকী অসমকন্যাই ইয়াৰ বিৰুদ্ধে হোৱা আন্দোলনত আগভাগ গ্ৰহণ কৰিছিল৷ ৷ ইয়াৰ মাজতে এইগৰাকী সুদক্ষ খেলুৱৈলৈ দেশখনে আগবঢ়াইছে প্ৰেছিডেন্টচ ডিষ্টিংগুইছড চাৰ্ভিছ এৱাৰ্ড ৷ ১৮ হাজাৰ গৰাকী শিক্ষাৰ্থীৰ মাজৰ পৰা বাএই সন্মানৰ বাবে বাচনি কৰা হৈছে ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক । ইয়াৰে এগৰাকী হৈছে প্ৰিয়ানা কলিতা । ১১ এপ্ৰিলত আমষ্ট্ৰং ষ্টুডেন্টছ চেন্টাৰ উইকচ থিয়েটাৰত এইগৰাকী খেলুৱৈক প্ৰদান কৰা হব এই সন্মান । আগন্তুক মে' মাহত আমেৰিকাৰ বিখ্যাত নিউয়ৰ্কৰ জ'ন মেকেনৰ' টেনিছ একাডেমীৰ প্ৰশিক্ষক হিচাপে যোগদান কৰিব প্ৰিয়ানাই ৷ উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ ৩০০ গৰাকী টেনিছ খেলুৱৈৰ মাজৰ পৰা এই একাডেমীয়ে নিৰ্বাচিত কৰিছে দুগৰাকী প্ৰশিক্ষক । যাৰ ভিতৰত এগৰাকী হৈছে প্ৰিয়ানা কলিতা । স্মৰ্তব্য যে অসমত থকা কালচোৱাত প্ৰিয়ানাই ১৮ বাৰকৈ ৰাজ্যিক চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক :মেছিৰ অনুপস্থিতিত বাৰ্চিলোনাৰ দুৰ্বল প্ৰদৰ্শনৰ অভিযোগ নাকচ ৰ’নাল্ড কোমেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.