ETV Bharat / state

কোন দিশে ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীৰ ভৱিষ্যৎ ! - গুৱাহাটী মহানগৰী

কৰ'ণা মহামাৰীৰ বাবেই দেশত ঘোষণা কৰা হয় লক্ ডাউন ৷ তিনিটা পৰ্যায়ত মুঠ 52 দিনৰ বাবে ঘোষিত হৈছে লক্ ডাউন ৷ কি হ'ব ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ ৷

private sector employ's future become uncertain due to lock down

author img

By

Published : May 9, 2020, 9:28 PM IST

গুৱাহাটী, 9 মে' : লক্ ডাউনৰ ফলত বিপৰ্যস্ত হৈছে দেশৰ অৰ্থনীতি ৷ অসমতো দেখা গৈছে লক্ ডাউনৰ ব্যাপক প্ৰভাৱ ৷ ব্যক্তিগত খণ্ডৰ ব্যৱসায়ক বিশেষভাৱে প্ৰভাৱিত কৰিছে লক্ ডাউনে ৷ বন্ধ হৈ পৰিছে বিভিন্ন শ্বপিং মল, শ্বপিং কমপ্লেক্স, চিনেমা হল, অন লাইন শ্বপিং আদি ব্যৱসায়খণ্ড সমূহ ৷ যাৰ ফলত ভয়াৱহ অন্ধকাৰৰ দিশে গতি কৰিছে, এই খণ্ডসমূহত কৰ্মৰত লোক সকলৰ ভৱিষ্যৎ ৷

কেৱল গুৱাহাটী মহানগৰীতে আছে 20 টা শ্বপিং মল, অৰ্ধশতাধিক শ্বপিং কমপ্লেক্স আৰু প্ৰায় 20 টা ছবিগৃহ ৷ বিশাল, বিগ্ বজাৰ, ভি-2, পেন্টালুনচ আদিৰ দৰে শ্বপিং মলত নিয়োজিত হৈ আছে প্ৰায় 1300 কৰ্মচাৰী ৷ শ্বপিং কমপ্লেক্সতো একে দৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে 600ৰ পৰা 700 লোক ৷

কোন দিশে ব্যক্তিগখণ্ডৰ কৰ্মচাৰীৰ ভৱিষ্যৎ !

কিন্তু বৰ্তমান সকলোৰে অৱস্থা হতাশাজনক ৷ কিয়নো, লক্ ডাউনৰ বাবে বন্ধ হৈ পৰিছে এইসমূহ প্ৰতিষ্ঠান ৷ ব্যৱসায় বন্ধ হৈ পৰাৰ ফলত আৰ্থিক প্ৰতিষ্ঠানসমূহৰ আৰ্থিক দিশটোৰ প্ৰতিও প্ৰশ্ন আহিছে ৷ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান 50 শতাংশ কৰ্মচাৰীৰে খুলিবলৈ দিয়া হৈছে যদিও শ্বপিং মল, ছবি গৃহ আদি সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে ৷ প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, চেলছ্ এক্সিকিউটিভ, ছিকিউৰিটি গাৰ্ড আদি বিভিন্ন ক্ষেত্ৰত নিয়োজিত লোকসকলৰ ভৱিষ্যৎ এতিয়া সন্দিহানত ৷ কোম্পানীসমূহে বহন ক্ষমতা অনুযায়ীহে যদি কৰ্মচাৰী নিয়োগ কৰে, তেন্তে কি হ'ব এইসকল লোকৰ উপাৰ্জনৰ পথ ৷ সেইয়া বৰ্তমান সময়ত এটা উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷
লগতে পঢ়ক : নাও : পেটৰ ভাত মুঠিৰ পৰা বানত উটি যোৱা জীৱনলৈ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.