ETV Bharat / state

Traditional Assamese Gamocha : পাৱাৰ লুমৰ গামোচা নিষিদ্ধকৰণৰ পাচতে দাম বৃদ্ধি থলুৱা গামোছাৰ - মূল্যবৃদ্ধি থলুৱা গামোচাৰ

আহি পালে হেঁপাহৰ ৰঙালী বিহুটি (Rangali Bihu 2023) ৷ ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷ এইবাৰ বজাৰতো প্ৰয়োভৰ হৈছে থলুৱা গামোচাৰ ৷ কিয়নো ৰাজ্যত বন্ধ কৰি দিয়া হৈছে পাৱাৰলুম তথা বহিঃৰাজ্যৰ গামোচা ৷ সেয়ে পূৰ্বৰ তুলনাত ৭০-৮০% বৃদ্ধি গামোচাৰ মূল্য (Price hike in traditional Assamese Gamocha)৷

Traditional Assamese Gamocha
ৰাজ্যত মূল্যবৃদ্ধি হৈছে থলুৱা গামোচাৰ
author img

By

Published : Apr 7, 2023, 10:24 PM IST

ৰাজ্যত মূল্যবৃদ্ধি হৈছে থলুৱা গামোচাৰ

গুৱাহাটী, ৭ এপ্ৰিল : অসমীয়া বাপতি-সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইদিনমানহে বাকী (Rangali Bihu 2023)। ঢোল-পেঁপা-গগণাৰ মাতত ৰজনজনাইছে ৰাজ্য ৷ ৰঙালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । ইয়াৰে ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও ।

মহানগৰীৰ বজাৰ এতিয়া ভৰি পৰিছে গামোচা, লাড়ু-পিঠা, বিহুৰ লোকবাদ্য আদিৰে । মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আৰু সিদ্ধিনাথ শৰ্মা ভৱনত ৪ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ ৰঙালী মেলা আয়োজন কৰা হৈছে । এই ৰঙালী মেলালৈ আহিছে ৰাজ্যৰ বিভিন্ন স্থানৰ ব্যৱসায়ীসকল ।

ইফালে গামোচা, ঢোল, পেঁপা, বাঁহী, গগণা, সুতুলিক বিচাৰি মেলাবোৰত গ্ৰহকেও ভিৰ কৰা পৰিলক্ষিত হৈছে । এইবাৰ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি, বৰ্তমান অসম বন্ধ কৰি দিয়া হৈছে পাৱাৰলুম তথা বহিঃৰাজ্যৰ পৰা অহা গামোচা ৷ ফলত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে থলুৱা গামোচাৰ মূল্য (Price hike in traditional Assamese Gamocha)৷

থলুৱা গামোচাৰ মূল্যবৃদ্ধিয়ে বাৰুকৈ প্ৰভাৱ পেলাইছে গামোচাৰ ব্যৱসায়ীসকলৰ ওপৰতো । ব্যসায়ীসকলে জনোৱা মতে, পাৱাৰলুমৰ গামোচা বন্ধ হোৱাৰ ফলত পূৰ্বৰ তুলনাত এইবাৰ গামোচাৰ মূল্য ৭০-৮০% বৃদ্ধি পাইছে । যাৰ ফলত কোনো কোনো সময়ত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজতো বাক-বিতণ্ডা হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Orchid conservation center: প্ৰায় ৭৫০ বিধ কপৌফুলেৰে জাতিষ্কাৰ হৈ পৰিছে দাৰিয়াভেটিৰ এখন অৰ্কিড সংৰক্ষণ কেন্দ্ৰ

যিহেতু চৰকাৰৰ তৰফৰ পৰা ৰাজ্যত পাৱাৰলুমৰ গামোচা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে (Bans power loom products), সেয়ে পূৰ্বৰ তুলনাত ব্যৱসায়ীসকলে এইবাৰ থলুৱা গামোচা দুগুণে মজুত ৰাখিছে । কিন্তু দাম বৃদ্ধিৰ বাবে বহু লোকে অসন্তুষ্টিও প্ৰকাশ কৰা বুলিও ব্যৱসায়ীসকলে উল্লেখ কৰে ।

বৰ্তমানলৈ বজাৰ সেৰেঙা যদিও বিহুৰ আগমূহুৰ্তত অৰ্থাৎ ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিলৰ ভিতৰত বিহুৰ বজাৰ ভাল হ’ব বুলি আশা কৰিছে ব্যৱসায়ীসকলে । কিয়নো ১৪ এপ্ৰিলত গুৱাহাটী মহানগৰীত আয়োজিত হ’ব বিশাল বিহু ৷ সেয়ে এই বিহুৰ আগমূহুৰ্তত বিহুৰ বজাৰ ভাল হ’ব বুলি যথেষ্ট আশাবাদী বিক্ৰেতাসকল ৷

আনহাতে, এই ৰঙালী মেলাত উপলব্ধ হৈছে ঢোল, পেঁপা, বাঁহী, কাকৈ ফনি, সুতুলি, গগণাকে ধৰি বিহুত ব্যৱহৃত লোকবাদ্যৰ লগতে বিহুৰ পোচাক । বিভিন্ন লোকবাদ্য নিজ হাতে তৈয়াৰ কৰি বজাৰলৈ লৈ আনিছে যোৰহাট তিতাবৰৰ প্ৰফুল্ল শৰ্মায়ো ।

তেওঁ জনোৱা মতে, প্ৰতি বছৰৰ দৰে এইবাৰো ৰঙালী মেলালৈ আনিছে প্ৰায় ৫ লাখ টকাতকৈ অধিক টকাৰ সামগ্ৰী । তেওঁৰ বিপনীত ৮০০ পৰা ৯০০০ টকাৰ পৰ্যন্ত ঢোল, ম’হৰ শিঙৰ পেঁপা ২,০০০-৫৫০০ টকা, বাঁহৰ পেঁপা ২০০০-২৫০০ টকা, বাঁহী ৩০০-৫০০ টকা, গগণা ১২০ টকা, সুতুলি ১২০ টকা পৰ্যন্ত বিক্ৰী হৈছে ।

লগতে পঢ়ক : Rangali Bihu 2023 : ৰঙৰ উৎসৱ ৰঙালীক আদৰিবলৈ ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.