ETV Bharat / state

প্ৰদীপ দত্ত ৰায়ৰ মন্তব্য বঙালীৰ জাতীয় মন্তব্য নহয়; কেৱ বিৰোধী স্থিতিত অটল অসম সাহিত্য সভা - সুকুমাৰ বিশ্বাস

মঙলবাৰে আয়োজিত এক সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ কেবৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিয়েই বাহাল আছে বুলি সভাপতিগৰাকীয়ে কয় ৷ ইপিনে সংবাদমেলত উপস্থিত থাকে বঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সুকুমাৰ বিশ্বাস ৷

ৰাজ্যৰ বিভিন্ন স্থানত কেবৰ বিৰোধিতা অব্যাহত আছে
অসম সাহিত্য সভাৰ সংবাদমেল
author img

By

Published : Dec 3, 2019, 9:29 PM IST

গুৱাহাটী, 3 ডিচেম্বৰ: মঙলবাৰে আয়োজিত এক সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ সভাপতি গৰাকীয়ে কয় যে, কেবক লৈ সম্প্ৰতি সকলো যথেষ্ঠ উদ্বিগ্ন হৈ আছে । কেব বিষয়ত পূৰ্বৰ তুলনাত এতিয়া বহুখিনি পাৰ্থক্য আছে । তদুপৰি ৰাজনৈতিক দল সংগঠনৰ লগত মতামত বিনিময়ৰ সময়তে অমিত শ্বাহে কেব সম্পৰ্কত ৰাজবংশীক সাক্ষাৎ কৰাৰ কথাও উল্লেখ কৰে ৷ কেব সম্পৰ্কে ইতিমধ্যে ৩৫ টা সংগঠনৰ সৈতে মত বিনিময় কৰা হৈছে । কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত দ্বিতীয় অভিৱৰ্তন নোহোৱা পৰ্যন্ত কোনো পদক্ষেপ প্ৰযোজ্য কৰিব নোৱাৰি । কেবৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিয়েই বাহাল আছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমানেও ৰাজ্যৰ বিভিন্ন স্থানত কেবৰ বিৰোধিতা অব্যাহত আছে ।

অসম সাহিত্য সভাৰ সংবাদমেল

ইপিনে সংবাদমেলখনত উপস্থিত থাকে বঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সুকুমাৰ বিশ্বাস ৷ কিছুদিনপূৰ্বে অসমীয়া ভাষাক লৈ বৰাকৰ প্ৰদীপ দত্ত ৰায়ে প্ৰকাশ কৰা বিতৰ্কিত মন্তব্যই সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলখনত অংশ লৈ বিশ্বাসে প্ৰদীপ দত্ত ৰায়ৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে, ‘এয়া বঙালীৰ জাতীয় বক্তব্য নহয় । ৰায়ৰ বক্তব্যই আমাক মৰ্মাহত কৰিছে’ ৷ তদুপৰি এই মন্তব্যই ব্ৰহ্মপুত্ৰ-বৰাকৰ সম্প্ৰীতি বিনষ্ট কৰাৰ কথাও উল্লেখ কৰে বঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে ৷ অসমৰ ৰাজ্যিক অসমীয়া, ইয়াৰ ক্ষেত্ৰত কোনো অনিশ্চয়তা থাকিব নোৱাৰে বুলি বিশ্বাসে মন্তব্য কৰে ৷ আনহাতে শিক্ষাৰ ক্ষেত্ৰত ভাষা কোনোপ্ৰকাৰে অন্তৰায় নহয় বুলি তেওঁ দাবী কৰে ৷ ইয়াৰোপৰি ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰাৰ বাবে প্ৰদীপ দত্ত ৰায়ক কঠোৰ সকীয়নি প্ৰদান কৰে ৷ নহ’লে এইক্ষেত্ৰত ৰায়ে প্ৰতিবাদৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰে ৷

অসম সাহিত্য সভাৰ সংবাদমেল

লগতে চাওক:যোৰহাটত গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা

Intro:অসমীয়া ভাষাক লৈ বৰাকৰ প্ৰদীপ দত্ত ৰায়ৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সুকুমাৰ বিশ্বাসে ৷Body:সুকুমাৰ বিশ্বাসে অসম সাহিত্য সভা ভৱনত প্ৰদীপ দত্ত ৰায়ৰ বক্তব্যৰ ৰিৰোধিতা কৰি যে এয়া বঙালীৰ জাতীয় বক্তব্য নহয়। ৰায়ৰ বক্তব্যই আমাক মৰ্মাহত কৰিছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ সম্প্ৰীতি বিনষ্ট কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াই। অসম যদি ৰাজ্য হয় গতিকে ইয়াৰ ৰাজ্যিক ভাষা অসমীয়া হ'বই, এয়া আমি ১০০ বাৰ ক'ম।

ভৱিষ্যতে যাতে প্ৰদীপ দত্ত ৰায়ে এনেদৰে মন্তব্য নকৰে তাৰ বাবে সকীয়াই দিছো। অনথ্যা তেওঁ বঙালী সংগঠনৰ প্ৰতিবাদৰ সন্মুখীন হ'ব।

Conclusion: লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.