ETV Bharat / state

15 আগষ্টত টাই আহোমক প্ৰদান কৰক জনজাতিৰ মৰ্যদা: টাইপা

বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত দীৰ্ঘদিনে প্ৰতাৰণা কৰি আহিছে টাই আহোমসকলক । সংবাদমেলত অংশগ্ৰহণ কৰা নেতাসকলে ৰাজনৈতিক দলসমূহক অতি কমেও পোন্ধৰগৰাকী আহোমসকলৰ মাজৰ যোগ্য প্রার্থী পৰৱৰ্তী নির্বাচনত প্রার্থিত্ব প্রদানৰ বাবে আহ্বান জনায় । পৰৱৰ্তী নির্বাচনত আছুৱে যদি নতুনকৈ ৰাজনৈতিক দল গঠন কৰে তেন্তে সেই দলক সমৰ্থন কৰিব টাইপাই ।

author img

By

Published : Aug 10, 2020, 8:50 PM IST

Pressmeet of tai ahom organisation taipa guwahati assam etv bharat news
টাইপাৰ সংবাদমেল

গুৱাহাটী,10 আগষ্ট: সোমবাৰে গুৱাহাটী মহানগৰীত এখন সংবাদমেল সম্বোধন কৰে টাই আহোম যুৱ পৰিষদে ৷ সংবাদমেলখন সম্বোধন কৰি সংগঠনটোৱে পৰৱৰ্তী ১৫আগষ্টত যদিহে চৰকাৰে টাই আহোমসকলক জনজাতিৰ উপৰিও স্বায়ত্ব শাসনৰ মৰ্যদা প্রদানৰ নকৰে তেন্তে পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ পৰিণাম ভোগ কৰিব বিজেপিয়ে । যদিহে চৰকাৰে এই দাবী মানি নলয় তেন্তে তীব্ৰ আন্দোলন গঢ়ি তুলিব টাইপায়ে ।

বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত দীৰ্ঘদিনে প্ৰতাৰণা কৰি আহিছে টাই আহোমসকলক । সংবাদমেলত অংশগ্ৰহণ কৰা নেতাসকলে ৰাজনৈতিক দলসমূহক অতি কমেও পোন্ধৰগৰাকী আহোমসকলৰ যোগ্য প্রার্থী পৰৱৰ্তী নির্বাচনত প্রার্থিত্ব প্রদানৰ বাবে আহ্বান জনায় । পৰৱৰ্তী নির্বাচনত আছুৱে যদি নতুনকৈ ৰাজনৈতিক দল গঠন কৰে তেন্তে সেই দলক সমৰ্থন কৰিব টাইপাই । টাইপাৰ নেতাসকলে কা কোনো কাৰণতে মানি নোলোৱাৰ হংকাৰ প্ৰদান কৰি অৰ্ধনিৰ্মিত চাওলুং চুকাফাৰ কলাক্ষেত্র নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে চৰকাৰক ।

তদুপৰি বিজেপিৰ বিৰুদ্ধে পৰৱৰ্তী নির্বাচনত সকলোকে একত্রিত হৈ যুঁজ দিয়াৰ আহ্বান জনাই টাইপাৰ নেতাসকলে । লগতে আজমলৰ বোকোচাত উঠি যদি কংগ্ৰেছে নিৰ্বাচন খেলে তেন্তে সংগঠনটোৱে সমৰ্থন নকৰাটো স্পষ্ট বুলি সংবাদমেলখনত প্ৰকাশ কৰে ৷

লগতে চাওকঃ ভৰ লুইতৰ খহনীয়াত বিপদাপন্ন দক্ষিণ শালমাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.