ETV Bharat / state

দুৱাৰমুখত নিৰ্বাচন : তিনিখন নতুন আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Sep 4, 2020, 4:24 PM IST

শুকুৰবাৰে এক সংবাদমেলযোগে তিনিখন নতুন আঁচনি ঘোষণা কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনিখন হৈছে ইতিপূৰ্বে চৰকাৰে বাজেটত ঘোষণা কৰি থোৱা স্বয়ম আঁচনি ৷ ইয়াৰ অধীনত ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে চৰকাৰে আগবঢ়াব 50 হাজাৰকৈ টকা ৷ এই ধনৰাশি চৰকাৰক পৰিশোধ কৰিব নালাগে ৷

Pressmeet of Himanta Biswa Sarma guwahati assam etv bharat news
ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী,4 চেপ্তেম্বৰ: নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই ইখনৰ পিছত সিখন আঁচনি ঘোষণাৰ ঢৌ উঠিছে ৰাজ্য চৰকাৰৰ ৷ শুকুৰবাৰে এক সংবাদমেলযোগে তিনিখন নতুন আঁচনি ঘোষণা কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনিখন হৈছে ইতিপূৰ্বে চৰকাৰে বাজেটত ঘোষণা কৰি থোৱা স্বয়ম আঁচনিৰ অধীনত ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে চৰকাৰে আগবঢ়াব 50 হাজাৰকৈ টকা ৷ এই ধনৰাশি চৰকাৰক পৰিশোধ কৰিব নালাগে ৷ ৰাজ্যৰ বিভিন্ন আত্মসহায়ক গোট, কৃষি গোট আদিৰ জৰিয়তে আগবঢ়োৱা হ’ব এই পুঁজি ৷ তদুপৰি 16 চেপ্তেম্বৰত চৰকাৰে এই সম্পৰ্কত এটা প’ৰ্টেল মুকলি কৰিব আৰু সেই প’ৰ্টেলত এই গোটসমূহে আবেদন জনাব পাৰিব ৷ এই আঁচনিৰ বাবে পৰৱৰ্তী তিনি মাহত চৰকাৰে 1000 কোটি টকা ব্যয় কৰিব বুলিও মন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে ৷

ইতিমধ্যে শিক্ষা ঋণ গ্ৰহণ কৰাসকলক চৰকাৰৰ তৰফৰ পৰা 50 হাজাৰ টকাৰ ৰাজসাহায্য আগবঢ়োৱা হৈছে । 1,547 গৰাকী লোকে এতিয়ালৈ এই সাহায্য লাভ কৰিছে ৷ তদুপৰি যিসকলে এতিয়ালৈ এই সাহায্য লাভ কৰা নাই,তেওঁলোকে www.assamfinanceloan.in নামৰ ৱেবছাইটৰ জৰিয়তে এই সাহায্য লাভৰ বাবে আবেদন জনাব পাৰিব । 7 চেপ্তেম্বৰৰ পৰা 10 চেপ্তেম্বৰৰ ভিতৰত 5,547 গৰাকী লোকৰ বাবে ৰাজসাহায্য মোকোলাই দিয়া হ’ব । যাৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 25 কোটি টকা ৷ একেদৰে চাহ শ্ৰমিকৰ 7,15,979 টা বেংক একাউণ্টত ইতিমধ্যে 2,500 টকাকৈ আদায় দিয়া হৈছে বুলি মন্তব্য কৰি ডঃ শৰ্মাই লগতে কয়,2020-21 বৰ্ষত চাহ শ্ৰমিকৰ এই একাউণ্টসমূহত 3,000 টকাকৈ চৰকাৰে আগবঢ়াব । 2 অক্টোবৰৰ পৰা ৰাজ্যৰ চাহ বাগিচাসমূহত 120 খন হাইস্কুল নিৰ্মাণৰ কামো আৰম্ভ হ’ব ৷

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

আনহাতে,ৰাজ্যৰ শেহতীয়া কৰ’ণাৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়,যিহেতু এতিয়া কোনো ৰাজ্য চৰকাৰে নিজাকৈ লক ডাউন ঘোষণা কৰিব নোৱাৰে,সেয়ে চৰকাৰে কেতবোৰ কঠোৰ নীতি নিয়ম বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে । কিয়নো কোভিড 19 য়ে শেহতীয়াকৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দেওবাৰৰ পৰা এই নতুন নীতি নিয়ম বলৱৎ হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি কোভিড 19 ৰ চিকিৎসা এতিয়াও বিনামূলীয়াকৈ চৰকাৰে আগবঢ়াই আছে ৷ কেৱল পেয়িং কেবিনৰ বাবে মাচুল আদায় লোৱাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, ৰাজ্য চৰকাৰে 714 কোটি টকা ঋণ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলখনত প্ৰকাশ কৰে ৷

লগতে চাওকঃ ডেকা সত্ৰীয়া নৱজিৎ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.