ETV Bharat / state

অসমৰ ভূমিত নগাৰ আগ্ৰাসন সন্দৰ্ভত সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদ

author img

By

Published : Sep 7, 2020, 10:42 PM IST

গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৷ সংগঠনটোৱে সংবাদমেলখনৰ জৰিয়তে অসমৰ ভূমিত নগাৰ আগ্ৰাসন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ৷ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৷

Pressmeet of all assam united yuva parisad guwahati assam etv bharat news
সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সংবাদমেল

গুৱাহাটী,7 ছেপ্তেম্বৰ: কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙৰ নেতৃত্বত অসমৰ মাটি নাগালেণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ চলিছে ৷ নগা উগ্ৰপন্থীৰ সদস্যৰ লগত ৰংহাঙে Peace and Border Development কমিটি গঠন কৰি অসমৰ ভূমিত নগাৰ আগ্ৰাসনৰ বাবে সুবিধা কৰি দিছে ৷ মোটা অংকৰ ধনৰ বিনিময়ত ৰংহাং বাহিনীয়ে অসমৰ ভূমি হস্তান্তৰ কৰিছে নগাক -সোমবাৰে এক সংবাদমেলৰ জৰিয়তে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৷

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলখনৰ জৰিয়তে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এইদৰে সৰৱ হয় সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুত কলিতা ৷ কলিতাৰ অভিযোগ অনুসৰি, কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙৰ ছত্ৰছায়াতে দীৰ্ঘদিনে বিঘাই বিঘাই অসমৰ ভূমি নাগালেণ্ডে আগ্ৰাসন কৰিছে ৷ কাৰ্বি আংলঙৰ দলদুলি অভয়াৰণ্যৰ অন্তৰ্গত নাগালেণ্ড সীমাৰ পৰা প্ৰায় 20 কিল’মিটাৰ দৈৰ্ঘ্য আৰু 13 কিল’মিটাৰ প্ৰস্থৰ অসমৰ ভূমি স্বায়ত্ব শাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগতে কাৰ্বি আংলং প্ৰশাসনৰ চকুৰ সন্মুখতে বন আইন ধ্বংস কৰি অসমৰ ভূমি নাগালেণ্ডক হস্তান্তৰ কৰাৰ এক ষড়যন্ত্ৰ চলিছে ৷ সেইসকল লোকৰ নেতৃত্বতে সীমান্তত অসমীয়া লোকক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সম্পাদকগৰাকীয়ে ৷

সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সংবাদমেল

উল্লেখ্য যে,দীৰ্ঘদিনে অসমৰ ভূমিত নগাই আগ্ৰাসন চলোৱাৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ অসম-নাগালেণ্ড সীমান্তত বসতি কৰা খিলঞ্জীয়া লোকসকলক নগা উগ্ৰপন্থী সংগঠনসমূহে সময়ে সময়ে নিৰ্যাতন চলাই অহাতো কোনো নতুন কথা নহয় ৷ চৰকাৰ তথা প্ৰশাসনৰ একাংশ বৰমুৰীয়াৰ ছত্ৰছায়াত এনেদৰে অসমৰ খিলঞ্জীয়া লোকসকলে নগাৰ আক্ৰমণত প্ৰাণ হেৰুওৱা আৰু অসমৰ ভূমিত নগাই অবাধে আগ্ৰাসন চলোৱা বিষয়টোক সহজভাৱে ল’ব পৰা নাই ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷ সেয়ে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৷ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীক এক বিশেষ দল গঠন কৰি বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে ৷

লগতে চাওকঃ বুঢ়াচাপৰি অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি নমাইছে লুইতৰ খহনীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.