ETV Bharat / state

চাহ উদ্যোগৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন কৰিব লাগেঃ ডঃ ভাগীৰথ কৰণ

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ডঃ ভাগীৰথ কৰণৰ ৷ শনিবাৰে এখন সংবাদমেলযোগে দেশৰ চাহ উদ্যোগ উন্নয়নৰ বাবে সুকীয়া মন্ত্ৰালয় গঠনৰ দাবী উত্থাপন কৰে কংগ্ৰেছে ৷

ডঃ ভাগীৰথ কৰণ
ডঃ ভাগীৰথ কৰণ
author img

By

Published : Feb 29, 2020, 6:19 PM IST

গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ দেশৰ চাহ উদ্যোগ উন্নয়নৰ বাবে সুকীয়া মন্ত্ৰালয় গঠনৰ দাবী কংগ্ৰেছৰ ৷ যোৱা ২৭ ফেব্ৰুৱাৰীত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে গুৱাহাটীত চাহ উদ্যোগ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰাৰ পিচতো বিৰোধী দল কংগ্ৰেছে এই কথাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ডঃ ভাগীৰথ কৰণে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় য়ে,চাহ উদ্যোগ ভাৰতবর্ষৰ এক বৃহৎ উদ্যোগ ৷ এই উদ্যোগৰ লগত প্ৰায় দুই কোটি লোক জড়িত হৈ আছে গতিকে চৰকাৰে চাহ উদ্যোগৰ বাবে এক সুকীয়া মন্ত্ৰালয় গঠন কৰিব লাগে বুলি দাবী জনায় ৷

ডঃ ভাগীৰথ কৰণৰ সংবাদমেল

লগতে পঢ়কঃ

ৰাষ্ট্ৰীয়তাবাদ আত্মৰক্ষামূলক হ'ব নালাগে : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.