ETV Bharat / state

Press meet on electricity price hike: ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি বছৰেকীয়া উৎসৱলৈ পৰিণত হৈছে

author img

By

Published : Jan 7, 2023, 8:35 PM IST

ৰাজ্যত সঘনাই বিদ্যুতৰ মাচুল বৃদ্ধি হৈ থকাটো এতিয়া যেন বছৰেকীয়া উৎসৱলৈ পৰিণত হৈছে ৷ এক সংবাদমেল যোগে জাঙুৰ খাই উঠিল অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ এছচিয়েচন (Press meet on electricity price hike) ৷

Press meet on electricity price hike in Guwahati
ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি বছৰেকীয়া উৎসৱলৈ পৰিণত

গুৱাহাটী, ৭ জানুৱাৰী: "ৰাজ্যত বিদ্যুৎ মাচুল বৃদ্ধি বছৰেকীয়া উৎসৱলৈ পৰিণত হৈছে ৷ ৰাজ্যত যোৱা এক দশক ধৰি এই উৎসৱ চলি আহিছে । এই বছৰেকীয়া উৎসৱ ৰাজ্যৰ অইন স্থানত নাই ৷ অসমত বিদ্যুৎ উপভোক্তাসকল বিশেষকৈ সাধাৰণ ঘৰুৱা শ্ৰেণীৰ উপভোক্তাসকল নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ।" শণিবাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ এছচিয়েচনে(All Assam Electricity Consumer Association) অসম ৰাজ্যিক শাখাৰ উপদেষ্টা বিমল দাসে (Assam State Unit Advisor Bimal Das)৷

লগতে তেওঁ কয় যে ৰাজ্যত ক্ৰমাৎ বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাত (Electricity price hike) সাধাৰণ লোকসকল জুৰুলা হৈ পৰিছে ৷ ২০২২-২৩ ৰ মাজ ভাগৰ পৰা বিদ্যুৎ উপভোক্তাসকলৰ বিদ্যুতৰ বিল গড়ে তিনি চাৰিগুণ পৰ্যন্ত বৃদ্ধি পাইছে । কিন্তু এই অস্বাভাৱিক মাচুল বৃদ্ধিৰ কোনো যুক্তিসংগত ব্যাখ্যা আজিলৈকে চৰকাৰে ৰাইজক দিব পৰা নাই ৷ বিগত বৰ্ষৰ ২১ মার্চত অসম বিদ্যুৎ নিয়ামক আয়োগে সাধাৰণ গ্ৰাহকৰ ক্ষেত্ৰত বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচা বৃদ্ধি কৰাৰ অনুমোদন দিছিল, যিটো ১ এপ্ৰিল ২০২২ৰ পৰা কাৰ্যকৰী কৰা হৈছিল ৷ কিন্তু যোৱা আগষ্ট, ছেপ্টেম্বৰৰ পৰা ৩/৪ গুণ বিল বৃদ্ধি হোৱাৰ কোনোমতেই ৫৯ পইচা বৃদ্ধিৰ লগত সামঞ্জস্য নাই (Press meet on electricity price hike)৷

লক্ষনীয় যে, কোনো কোনো ঠাইত কোনো গ্ৰাহকে তেওঁৰ বৰ্দ্ধিত বিলখন লৈ বিদ্যুৎ বিভাগত অভিযোগ কৰাৰ লগে লগে মাচুলৰ পৰিমাণ কিছু কমাই দিয়া হৈছে ৷ গতিকে এই অস্বাভাৱিক বিল বৃদ্ধিৰ জড়িয়তে আচলতে জনসাধাৰণক অন্ধকাৰত ৰাখি বিদ্যুৎ বিভাগে লুটপাটহে কৰিছে ৷ ৰাজ্যত অত্যাৱশ্যকীয় বয়-বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কর্মহীনতাই যেতিয়া সাধাৰণ দুখীয়া মানুহক জুৰুলা কৰিছে, তেতিয়া চৰকাৰৰ বিদ্যুৎ বিভাগে ক্ৰমাগত বিদ্যুতৰ মাচুল বৃদ্ধি কৰিয়েই চলিছে ৷ বিদ্যুতক অত্যাৱশ্যকীয় পৰিসেৱাৰ পৰা লাভজনক পণ্যলৈ ৰূপান্তৰিত কৰা হৈছে ৷

যোৱা বিত্তীয় বৰ্ষত বিদ্যুতৰ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধি কৰাৰ পিছত আকৌ এ পি ডি চি এলে অহা বিত্তীয় বছৰ (২০২৩-২৪)ৰ বাবে বিদ্যুতৰ মাচুল প্ৰায় ১ টকাকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিছে ৷ এপিডিচিএলে দেখুওৱা অনুসৰি পূৰ্বৰ ঘাটি সহ ২০২২-২৩ অৰ্থ বৰ্ষলৈকে তেওঁলোকৰ ৰেভিনিউৰ ১৫০৫.২৫ কোটি টকা লোকচান হয় ৷ চৰকাৰে এইবাৰ লোকচান হোৱা এই গোটেইখিনি ধন অহা বিত্তীয় বৰ্ষ অর্থাৎ ২০২৩-২৪ ত পূৰ্ণ কৰিব বিচাৰিছে ৷ তাৰ কাৰণে বিদ্যুতৰ মাচুল গড়ে ১ টকা বৃদ্ধি কৰিব বিচাৰিছে ৷ প্ৰতি বছৰে বিদ্যুৎ বিভাগৰ লোকচান তেওঁলোকৰ অদক্ষতা, অকর্মন্যতা, দুর্নীতি, অনুন্নত আওপুৰণি বিতৰণ নেটৱৰ্কৰ লগতে সংবহন ক্ষতি (Aggregate Technical and Commercial loss) য়েই মূলতঃ দায়ী ৷

এই লোকচানৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে যোৱা বছৰ বিদ্যুৎ নিয়ামক আয়োগে AT&C loss ১৫ শতাংশলৈ অনুমোদন জনাইছিল ৷ কিন্তু এপিডিচিএলৰ প্ৰতিবেদন মতে এই ক্ষতিৰ পৰিমাণ ১৬.৫ শতাংশৰ (যদিও বাস্তৱত আৰু বেছি হ'ব) হ্ৰাস হোৱা নাই ৷ ফলত অতিৰিক্ত ১.৫ শতাংশ AT&C loss ৰ বাবে ৪৩১ মিলিয়ন ইউনিট (MU) বিদ্যুৎ, যাৰ ক্ৰয় মূল্য প্রায় ১৭২.৪ কোটি টকা (গড়ে ৪ টকা ইউনিট ধৰিলে) হ’ব ৷ এই ১৭২.৪ কোটি টকা জনসাধাৰণে ভৰিব লাগিব ৷

বিদ্যুৎ নিয়ামক আয়োগৰ নিৰ্দেশমতে আৰু বিদ্যুৎ আইন ২০০৩ অনুসৰি কোনো গ্ৰাহকে সময়মতে বিল পৰিশোধ কৰিব নোৱাৰিলে তেওঁক এটা নিৰ্দিষ্ট সময়সীমাৰ জাননী দিব লাগে আৰু তাৰ পিছতো বিল পৰিশোধ নকৰিলে মাহেকত ১.৫০ টকা হিচাবে চাৰ্জ কৰিব পাৰে ৷ কিন্তু কোনো অৱস্থাতেই গ্ৰাহকৰ বিদ্যুৎ সংযোগ বিচিছন্ন কৰিব নোৱাৰে ৷ ইফালে সম্প্ৰতি লক্ষ্য কৰা গৈছে, বহু সাধাৰণ মানুহৰ বিল পৰিশোধ কৰাত কেইদিনমান দেৰি হলেই বিদ্যুৎ বিভাগে সংযোগ বিচ্ছিন্ন কৰি দি আছে নাইবা গ্ৰাহকক ভাবুকি প্ৰদান কৰিছে ৷

দাসে লগতে কয় যে আমি অত্যন্ত উদ্বেগৰে সৈতে লক্ষ্য কৰিছো যে, ৰাজ্য চৰকাৰে ক্ৰমবৰ্দ্ধমান বিদ্যুৎ শক্তিৰ চাহিদা অনুসৰি বিদ্যুৎ খণ্ডৰ উন্নয়নৰ বাবে আজিলৈ বিশেষ কোনো পদক্ষেপ লোৱা নাই ৷ বিদ্যুৎ এটা অত্যাৱশ্যকীয় সেৱা হিচাবে চৰকাৰে বিদ্যুৎ বিভাগক যিদৰে উন্নত কৰাৰ লগতে আৰ্থিক সহায়তা আগবঢ়োৱা প্ৰয়োজন আছিল সেয়া আমি লক্ষ্য কৰা নাই বৰং বিদ্যুৎ বিভাগক অদক্ষ, অযোগ্য বুলি প্ৰমাণ কৰি বিদ্যুৎ ব্যৱস্থা বেচৰকাৰীকৰণৰ এটা চক্ৰান্ত নথকা নহয় বুলি ভবাৰ অৱকাশ আছে ৷

কাৰণ বিদ্যুৎ বিল ২০২২ ৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে দেশৰ বিদ্যুৎ ব্যৱস্থাক বেচৰকাৰীকৰণৰ বিৰুদ্ধে ইতিমধ্যে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছে ৷ ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বন্ধ কৰা, অস্বাভাৱিক বিল প্ৰদান বন্ধ কৰা, বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত সাধাৰণ গ্ৰাহকৰ হাৰাশাস্তি কৰা বন্ধ কৰা, প্ৰিপেইড স্মার্ট মিটাৰ স্থাপনৰ প্ৰক্ৰিয়া বাতিল কৰা, বিদ্যুৎ বিভাগৰ দুর্নীতি আৰু অপচয় বন্ধ কৰা আৰু জিলাই জিলাই গ্ৰাহকৰ উজৰ-আপত্তি নিষ্পত্তিকৰণ ব্যবস্থা গঢ়ি তোলাৰ বাবে সংবাদমেলখনত দাবী উত্থাপন কৰে ৷ এই সংবাদমেলত সন্থাৰ আহ্বায়ক অজয় আচাৰ্য্য, হিল্লোল ভট্টাচাৰ্য্য আৰু সদস্য অজিত আচাৰ্য উপস্থিত থাকে ৷

লগতে পঢ়ক: Protest for School land: বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি বিচাৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.