ETV Bharat / state

Silsako Beel: শিলসাঁকোত আন্দোলন কৰা মানুহে নাজানে অসমীয়া ক’ব: কামিনি মোহন শৰ্মা

প্ৰতিবাদৰ নামত একাংশ লোকে শিলসাঁকো বিলপাৰ উন্নয়ন সমিতিৰ সভাপতিৰ ঘৰ ঘেৰাও কৰি অপদস্থ কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় সমিতিৰ লগতে উন্নয়ন সমিতিৰ প্ৰতিনিধিয়ে ৷

Press Meet of Silsako Unnayan Samiti
শিলসাঁকো উন্নয়ন সমিতি
author img

By

Published : Jun 21, 2023, 7:33 AM IST

শিলসাঁকো উন্নয়ন সমিতিৰ সংবাদ মেল

গুৱাহাটী, 21 জুন: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত কিছুদিন পূৰ্বে প্ৰতিবাদৰ নামত একাংশ লোকে শিলসাঁকো বিলপাৰ উন্নয়ন সমিতিৰ সভাপতিৰ ঘৰ ঘেৰাও কৰি অপদস্থ কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় সমিতিৰ লগতে উন্নয়ন সমিতিৰ প্ৰতিনিধিয়ে ৷ মঙলবাৰে বিয়লি দলবাৰী শংকৰজ্যোতি বিকাশ কেন্দ্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেল যোগে সন্মিলিত সমিতিৰ সভাপতি কামিনি মোহন শৰ্মাই কয় যে, কাৰোবাৰ প্ৰৰোচনাত পৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত কেইগৰাকীমান মহিলা আহি মোক অশালীন বক্তব্যৰ লগতে অকথ্য গালি গালাজ কৰিছে ৷ প্ৰকৃততে সভ্য সমাজত এনে কথা-বাৰ্তাই শোভা নাপায় ৷

সভাপতি গৰাকীয়ে লগতে কয়, আন্দোলনৰ নামত কৃষক মুক্তিয়ে এনেকুৱা কৰাটো উচিত হোৱা নাই ৷ আমি তাৰবাবে ধিক্কাৰ দিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিক ৷ আন্দোলনৰ নামত কৃষক মুক্তিক ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে তেওঁ ৷ সন্মিলিত সমিতিৰ সভাপতি কামিনি মোহন শৰ্মাই উন্নয়ন সমিতি সমূহ চৰকাৰে গঠন কৰি দিয়া বুলি একাংশ লোকে কৰা অভিযোগ খণ্ডন কৰি কয়, এনে অভিযোগৰ কোনো ভিত্তি নাই ৷ তেওঁ আৰু কয়, 2023ৰ ফেব্ৰুৱাৰীৰ 9 তাৰিখে গঠন হৈছিল এই সমিতি খন ৷ আনহাতে মাৰ্চৰ 2 তাৰিখে 25 খন উন্নয়ন সমিতিৰ মুখ্যমন্ত্ৰীৰ সৈতে শিলসাঁকোৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়াৰ দাবীত আলোচনাত মিলিত হৈছিল ৷ সেই আলোচনাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত উচ্ছেদিত পৰিয়ালক সাহাৰ্য প্ৰদানৰ বাবে এটি দল গঠন কৰা হৈছিল ৷

সভাপতিগৰাকীয়ে কয় যে, এই আলোচনাত যিখিনি মানুহ শিলসাঁকো বিলৰ পাৰৰ মানুহ সেই মানুহখিনিক উচ্ছেদ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ পিছত প্ৰতিখন উন্নয়ন সমিতিয়ে নিজৰ নিজৰ সমিতিৰ উচ্ছেদিত লোকসকলৰ তালিকা চৰকাৰক প্ৰদান কৰে ৷ আনহাতে বর্তমান আন্দোলন কৰি থকা প্ৰায়বোৰৰে নাম তেওঁলোকৰ সমিতিৰ পৰা দাখিল কৰিছে আৰু সকলো নথি পত্ৰ মজুত আছে বুলিও কয় তেওঁ ৷ এতিয়াও যদি কোনো লোকৰ নাম সোমোৱা নাই তেওঁলোকৰ নাম দিবলৈ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনায় ৷

কেন্দ্ৰীয় সমিতিৰ সভাপতি কামিনী শৰ্মাই আন্দোলনৰ নামত কেৱল আন্দোলন কৰি থাকিলে সমস্যাৰ সমধান নহয় বুলি কটাক্ষ কৰি কয়, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ লগত আহি আন্দোলন কৰা প্ৰায় মানুহেই অসমীয়া ভালকৈ ক’ব নোৱাৰে ৷ অথচ তেনে মানুহক লগত লৈ তেওঁলোকে আন্দোলন কৰি আছে ৷ গতিকে তেওঁলোক কেনেকৈ খিলঞ্জীয়া হব পাৰে বুলি প্ৰশ্ন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে ৷ একাংশ লোকে কেন্দ্ৰীয় সমিতিৰ বিষ়ববীয়াক চৰকাৰৰ হৈ কাম কৰা দালাল আখ্যা দিয়া কাৰ্যক অসন্তোষ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Constituency delimitation: বিজেপিৰ শ্ৰুতলিপিত কাম কৰিছে নিৰ্বাচন আয়োগে: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.