ETV Bharat / state

Opposition Unity Forum : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকনাধীন দুটা চেনেলক বয়কট কৰিব বিৰোধী ঐক্য মঞ্চই !

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:17 PM IST

অসমৰ দুটা চেনেলক বয়কট কৰাৰ বাবে ৰাজ্যৰ 15 টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চৰ কুচকাৱাজ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকনাধীন দুটা চেনেলক বয়কট কৰিব বিৰোধী ঐক্য মঞ্চই ৷

Opposition Unity Forum
বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল
দুটা চেনেলক বয়কট কৰিব বিৰোধী ঐক্য মঞ্চই !

গুৱাহাটী,‌ 1 নৱেম্বৰ : দেশৰ বিৰোধী দলসমূহৰ ঐক্য মঞ্চ I.N.D.I.A ই দেশৰ 14 গৰাকী ৰাষ্ট্ৰীয় টি ভি চেনেলৰ এংকৰ (Anchors) ক বয়কট কৰাৰ পিছতে অসমতো অসমৰ দুটা চেনেলক বয়কট কৰাৰ বাবে ৰাজ্যৰ 15 টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চই কুচকাৱাজ আৰম্ভ কৰিছে ৷ এই সন্দৰ্ভত বুধবাৰে গুৱাহাটীত‌ অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিৰোধী ঐক্য মঞ্চৰ‌ মুখ্য মুখপাত্ৰ অখিল‌ গগৈয়ে কয় যে এই সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত ‌হোৱা নাই ৷ অৱশ্যে বিৰোধী ঐক্য মঞ্চৰ‌ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকনাধীন দুটা চেনেলক বয়কট কৰাৰ কথা আলোচনা কৰা হৈছে ৷

তেওঁ কয় যে এই চেনেল দুটাই বিৰোধীৰ‌ বিপক্ষে বক্তব্য ৰাখে ৷ এই চেনেল দুটাই বিজে‌পি চৰকাৰৰ‌ মুখপাত্ৰৰ দৰে কাম কৰি আছে ৷ চেনেল দুটাই সাম্প্ৰদায়িক মন্তব্য কৰি জনগণক বিপথে পৰিচালিত কৰি আছে ৷ গতিকে এই চেনেল দুটাই নিজক সংশোধন নকৰিলে পৰৱৰ্তী সময়ত এই চেনেল দুটাক বয়কট কৰা হ'ব‌ বুলি তেওঁ ‌সংবাদমেলত সদৰী কৰে ৷

অখিল গগৈয়ে কয় যে, এই চেনেল দুটাই সদায়ে চৰকাৰৰ পক্ষত আৰু বিৰোধীৰ বিপক্ষে বক্তব্য ৰাখে ৷ 26 তাৰিখে অনুষ্ঠিত হৈ যোৱা বিৰোধী ঐক্য মঞ্চৰ সভাত এই বিষয়ে আলোচনা হৈছিল বুলি কয় ৰাইজৰ দলৰ সভাপতিজনে ৷ তেওঁ কয় যে, সভাত যিমানকেইটা ৰাজনৈতিক দলৰ নেতৃত্ব আছিল সকলোৱেই এই চেনেল দুটা বিজেপি চৰকাৰৰ মুখপাত্ৰৰ নিচিনা বুলি সন্মতি প্ৰকাশ কৰিছিল ৷ এই চেনেল দুটাই সদায়ে বিৰোধী দলক অপমানিত কৰে, তাচ্ছিল্য কৰে আৰু ৰাইজক বিপথে পৰিচালিত কৰে ৷ গতিকে সভাত আলোচনা হৈছিল যে এই চেনেল দুটাৰ বিৰুদ্ধে এক কঠোৰ সিদ্ধান্ত ল’ব লাগে আৰু এই চেনেল দুটাই যাতে এনেধৰণৰ কামৰ পৰা বিৰত থাকে তাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

যদি নুশুনে তেন্তে এই চেনেল দুটাক বিৰোধী ঐক্য মঞ্চৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ কৰা বন্ধ কৰিব লাগে, লগতে তেওঁলোকে পতা টক শ্ব’ বিলাকলৈ যোৱাটো বন্ধ কৰিব লাগে ৷ এই বিষয়টো আলোচনা হৈছিল কিন্তু কাৰ্যকৰী কৰিবৰ কাৰণে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি কয় অখিল গগৈয়ে ৷

লগতে পঢ়ক : NHPC Big Dam : ক্ষমতালৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি বিৰোধী ঐক্য মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.