ETV Bharat / state

26 নৱেম্বৰত খানাপাৰাত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ অনুষ্ঠান - কৃষিমন্ত্ৰী

6 নৱেম্বৰত খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

National Milk Day
ৰাষ্ট্ৰীয় দুগ্ধ দিৱস
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 10:52 PM IST

কৃষিমন্ত্ৰী অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 23 নৱেম্বৰ : ভাৰত চৰকাৰৰ দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত 26 নৱেম্বৰত খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় দুগ্ধ, পশুপালন, মীন মন্ত্ৰী পুৰুষোত্তম ৰূপালা, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয়,'এইবাৰ ভাৰত চৰকাৰৰ দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত অসমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় দুগ্ধ,পশুপালন, মীন মন্ত্ৰী পুৰুষোত্তম ৰূপালা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে আদিকে ধৰি বহু কেইবাগৰাকী মন্ত্ৰী-বিধায়ক ৷ লগতে দুগ্ধ দিৱসৰ দিনটোতে প্ৰদান কৰা হ'ব দেশৰ 10 গৰাকী পশুপালকক ৰাষ্ট্ৰীয় গোপালৰত্ন বঁটা ৷

আনহাতে ৰাজ্যৰ দুগ্ধ উৎপাদনক লৈ মন্ত্ৰী অতুল বৰাই কয়,' বিগত 8 বছৰত ভাৰতবৰ্ষত দুগ্ধ উৎপাদন 6.1 শতাংশ বৃদ্ধি পাইছে ৷ আগন্তুক 7 বছৰৰ ভিতৰত ৰাজ্যত দৈনিক 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য ৰখা হৈছে ৷ ইতিমধ্যে ইয়াৰ বাবে কাছাৰ, ডিব্ৰুগড় আৰু যোৰহাট জিলাত বৃহৎ দুগ্ধ উৎপাদন প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি অনুমোদন দিয়া হৈছে ৷ 2023-24 বৰ্ষৰ অক্টোবৰ মাহলৈকে ৰাজ্যত 3 লাখ 74 হাজাৰ 438 জনী গাই গৰুৰ Artificial Insemination কৰা হৈছে ৷ তদুপৰি জৈৱিক পদ্ধতিৰে গো-পালন কৰাসকলক প্ৰতিলিটাৰ গাখীৰত 5 টকাকৈ Incentive দিয়া হৈছে ৷ এতিয়া ৰাজ্যত প্ৰতিদিনে সৰ্বমুঠ 29 লাখ লিটাৰ গাখীৰ উৎপাদন হৈ আহিছে ৷

ইফালে গৰুখুঁটি কৃষি প্ৰকল্প সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,' গৰুখুঁটি কৃষি প্ৰকল্পত দুগ্ধ উৎপাদনৰ বাবে অনা প্ৰায় 40 জনী গীৰ গাইৰ ইতিমধ্যে মৃত্যু হৈছে ৷ পৰিৱেশ অনুকূল নোহোৱাৰ বাবে গীৰ গাইৰ পৰা ভবা মতে দুগ্ধ উৎপাদন হোৱা নাই ৷ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড (NDDB)য়ে যিহেতু সমগ্ৰ পৰিকল্পনা কৰিছিল সেয়ে বিষয়টো তেওঁলোকক অৱগত কৰা হৈছে ৷' ৰাজ্যৰ ভিন্ন প্ৰান্তৰত ধাননি পথাৰত শূঁৰ পোকৰ আক্ৰমণ সন্দৰ্ভত কৃষি মন্ত্ৰীগৰাকীয়ে কয়, 'ৰাজ্যত কেইবাবছৰ ধৰি শূঁৰ পোকৰ আক্ৰমণ হোৱা নাছিল ৷ এইবাৰ আচম্বিতে ধান কটাৰ সময়ত শূঁৰ পোক লাগিছে ৷ যাৰ বাবে পকা ধানত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাত কিছু অসুবিধা আছে ৷ সেয়ে যিমান পাৰি খৰখেদাকৈ ধান কাটি মাটিখিনি চহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷'

লগতে কৃষকৰ কাষত গ্ৰামসেৱক নোযোৱাৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়,'কৃষি বিভাগৰ একাংশ গ্ৰামসেৱক কৃষকৰ ওচৰলৈ নোযোৱা বিষয়টো স্বীকাৰ কৰিছোঁ ৷ বৰ্তমান গ্ৰামসেৱকৰ বহু পদ খালী আছে, সেয়া শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি পূৰণ কৰা হ'ব ৷'

লগতে পঢ়ক : চিলাপথাৰত লাচিত দিৱস, বগীবিলৰ পৰা চিলাপথাৰলৈ হাফ মাৰাথন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.