ETV Bharat / state

ৰাষ্ট্ৰহিতৰ বাবে যুৱশক্তিক জড়িত কৰাত গুৰুত্ব লোকসভাৰ অধ্যক্ষৰ - ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ

মঙলবাৰে সফল সামৰণি পৰিল দুদিনীয়া ভাৰতীয় কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ অষ্টম সংখ্যক সন্মিলনৰ (8th Commonwealth Parliament Association of India Conference)। উক্ত সন্মিলনত বিধানমণ্ডলে চৰকাৰ তথা বিভিন্ন সংস্থাৰ সহযোগত শিক্ষানুষ্ঠানসমূহত যুৱশক্তিক দেশৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰাৰ বাবে উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱাৰ প্ৰস্তাৱ গ্ৰহণ ।

press meet of Lok Sabha Speaker Om Birla
ৰাষ্ট্ৰহিতৰ বাবে যুৱশক্তিক জড়িত কৰাত গুৰুত্ব লোকসভাৰ অধ্যক্ষৰ
author img

By

Published : Apr 12, 2022, 10:48 PM IST

গুৱাহাটী, 12 এপ্ৰিল : ‘‘ৰাষ্ট্ৰহিতৰ বাবে যুৱ শক্তিৰ সক্ৰিয় অংশগ্ৰহণ গুৰুত্বপূৰ্ণ । আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ বিধানমণ্ডল সমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । এই কাৰ্যসূচীত যুৱশক্তিক বিশেষ গুৰুত্ব দিয়া হৈছে ।’’ অসম বিধানসভাৰ চেণ্ট্ৰেল হলত মঙলবাৰে আয়োজন কৰা এখন সংবাদমেলত লোকসভাৰ অধ্যক্ষগৰাকী ওম বিৰলাই এই মন্তব্য কৰে (press meet of Lok Sabha Speaker Om Birla)।

উল্লেখ্য যে, মঙলবাৰে সামৰণি পৰে অসম বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাৰতীয় কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ (ICPA) অষ্টম সংখ্যক সন্মিলনৰ (8th Commonwealth Parliament Association of India Conference) ।

সামৰণিৰ প‍াছতে সংবাদমেল সম্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে, ৰাষ্ট্ৰহিতৰ বিভিন্ন কাৰ্যক্ৰমত দেশৰ যুৱশক্তিক জড়িত কৰাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা হৈছে । এইক্ষেত্রত গ্ৰহণ কৰা প্ৰস্তাৱ সন্দৰ্ভত তেওঁ কয় যে, বিধানমণ্ডলে চৰকাৰ তথা বিভিন্ন সংস্থাৰ সহযোগত শিক্ষানুষ্ঠানসমূহত যুৱশক্তিক দেশৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰাৰ বাবে উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব ।

ৰাষ্ট্ৰহিতৰ বাবে যুৱশক্তিক জড়িত কৰাত গুৰুত্ব লোকসভাৰ অধ্যক্ষৰ

ইফালে দেশৰ প্ৰগতিত যুৱচামৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰি তেওঁ কয় যে, বিধানমণ্ডলৰ বিভিন্ন বিধান প্ৰণয়নৰ ক্ষেত্রত যুৱশক্তিৰ সৃষ্টিশীলতাক গুৰুত্ব দিয়া উচিত । দেশৰ যুৱশক্তিক সংসদীয় ব্যৱস্থাটোৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।

ৰাষ্ট্ৰমণ্ডল সংসদীয় সংঘৰ ভাৰত মণ্ডলৰ অষ্টম সংখ্যক দুদিনীয়া সন্মিলনৰ প্ৰসংগত তেওঁ কয় যে, ৫৪ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সন্মিলনত বিভিন্ন বিষয়ত আলোচনা কৰা হয় । বিধানমণ্ডলে আইন প্ৰণয়ন কৰাৰ ক্ষেত্রত সকলো ৰাজনৈতিক দলৰ লগত আলোচনা কৰি সহমতত উপনীত হৈ সিদ্ধান্ত ল'ব লাগে । লগতে তেওঁ সদনৰ মৰ্যাদা সদায় অক্ষুণ্ণ ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে ।

ইফালে, সংবাদমেলত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ অষ্টম সংখ্যক সন্মিলন অনুষ্ঠিত কৰাৰ সুবিধা দিয়াৰ বাবে সকলোকে প্ৰতি ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে, সংবাদমেলত উপস্থিত থাকে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ ।

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ‍আয়োজন কৰা ভাৰতীয় কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ অষ্টম সংখ্যক সন্মিলনৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সোমবাৰে পুৱা শুভাৰম্ভ কৰিছিল । প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত কৰা হৈছিল এই সন্মিলন ।

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত অনুষ্ঠিত হোৱা এই সন্মিলনত ভাৰতবৰ্ষৰ ২২ খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলে অংশগ্ৰহণ কৰে । তদুপৰি এই সন্মিলনৰ দুয়োদিনৰ কাৰ্যসূচীত উপস্থিত আছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে লোকসভা আৰু ৰাজ্যসভাৰ বহুসংখ্যক সাংসদ ।

উল্লেখ্য যে, ৯ আৰু ১০ এপ্ৰিলত ইতিমধ্যে অসমত অনুষ্ঠিত হৈছিল কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সন্মিলন । বিগত দুয়োটা দিনৰ সন্মিলনত ভাগ লৈছিল বিশ্বৰ ৪০ খন দেশৰ পৰা অহা প্ৰতিনিধিসকলে । ইয়াৰে ১২ খন দেশৰ প্ৰতিনিধি সন্মিলনত উপস্থিত আছিল যদিও বাকী দেশসমূহৰ প্ৰতিনিধিসকলে ভাৰ্চুৱেলী এই সন্মিলনত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, অসম বিধানসভাত সোমবাৰে লোকসভাৰ অধ্যক্ষই শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত ১২ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলো উপস্থিত থাকে ।

লগতে পঢ়ক : Om Birla in Kamakhya : কামাখ্যাত পূজা-অৰ্চনা লোকসভাৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.