ETV Bharat / state

তৰুণ গগৈ বিজেপিত আহিব বুলি মই শুনি আছোঃহিমন্ত বিশ্ব শৰ্মা - খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ

শনিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতি সন্মিলন ৷ সন্মিলনৰ প্ৰস্তুতি সম্পৰ্কে জনাবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আয়োজন কৰে এক সংবাদমেল ৷ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব সন্মিলনখন ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জগত প্ৰসাদ নাড্ডা উপস্থিত থাকিব উক্ত সন্মিলনত ৷

হিমন্ত বিশ্ব শৰ্মা
সংবাদমেল
author img

By

Published : Jan 4, 2020, 3:45 AM IST

গুৱাহাটী,3 জানুৱাৰীঃ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতি সন্মিলনৰ প্ৰস্তুতি বৰ্তমান তুংগত ৷ সন্মিলনখনৰ পূৰ্বে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলখনত সন্মিলনখনৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

গুৱাহাটী
হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

শনিবাৰে অনুষ্ঠিত হ'বলগীয়া বুথ সভাপতি সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জগত প্ৰসাদ নাড্ডা উপস্থিত থাকিব ৷ লগতে বিজেপিৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলে যোগদান কৰিবলগীয়া সন্মিলনখনত বুথ পৰ্যায়ৰ সভাপতি,সভানেত্ৰীসকলো উপস্থিত থাকিব ৷ প্ৰায় ৭০-৯০ হাজাৰ কাৰ্যকৰ্তা উক্ত সন্মিলনত উপস্থিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ৷ পৰৱৰ্তী 7 আৰু 8 জানুৱাৰীত ক্ৰমে বিশ্বনাথ আৰু ধেমাজিত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ’ব ৷

শনিবাৰে বুথ সভাপতি সন্মিলন

ইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও মুখ খোলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাই কয়,"কা বিৰোধী আন্দোলন উচ্চতম ন্যায়ালয়ৰ দুৱাৰদলি পাইছে । উচ্চতম ন্যায়ালয়ে যি ৰায় প্ৰদান কৰে সেয়া আমি মানি ল’ব লাগিব ।"

নলবাৰীত আছুকৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে,"আধ্যাত্মিকতাৰে মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় কাৰ্যসূচীত যোৱা সময়ত ক’লা পতাকা দেখুওৱাটো কিমান যুক্তিসংগত ৷ স্মৰ্তব্য যে,মন্ত্ৰী শৰ্মাই ৰঙাপৰাত ৰাজেন বৰঠাকুৰৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ খবৰ লবলৈ যাওঁতে অনুৰূপ ঘটনাৰ সন্মুখীন হৈছিল ৷

আনহাতে,তৰুণ গগৈ সম্পৰ্কত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্তই ৷ বিগত কিছুদিনপূৰ্বে হিমন্ত পুনৰ কংগ্ৰেছলৈ আহিব বুলি তৰুণ গগৈয়ে কৰা মন্তব্য নসাৎ কৰি শৰ্মাই কয়,তৰুণ গগৈ বিজেপিত আহিব বুলিহে মন্ত্ৰীগৰাকীয়ে শুনি আছে ৷

তৰুণ গগৈক তুলাধুনা

লগতে শিল্পী সমাজৰ চি এ এ বিৰোধী প্ৰতিবাদৰ প্ৰতি সন্মান জনাই প্ৰতিবাদ অব্যাহত ৰাখিবলৈ কয় ৷ তদুপৰি মন্ত্ৰীগৰাকীৰ সৈতে শিল্পী সমাজক চি এ এ সন্দৰ্ভত আলোচনাৰ বাবে মুকলিকৈ আমন্ত্ৰণ জনায় সংবাদমেলখনত ৷

লগতে চাওকঃ অনুৰাগীক মুগ্ধ কৰিবলৈ অসমত উপস্থিত বলীউডৰ শিল্পী মিকা সিং

Intro: তৰুণ গগৈ বিজিপিত আহিব বুলি মই শুনি আছোঁ : হিমন্ত শৰ্মা

Body:শনিবাৰে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতি সন্মিলনৰ সন্দৰ্ভত ৰাইজক জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি হিমন্তৰ বিশ্ব শৰ্মাই কয় যে কালিলৈ হ'বলগীয়া বুথ সভাপতি সন্মিলনত বিজিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জগত প্ৰসাদ নাদ্দা উপস্থিত থাকিব। এই সভাত বিজিপিৰ গাঁও পঞ্চায়ত নিৰ্বাচিত সদস্য সকলেও যোগদাল কৰিব লগতে বুথ পৰ্যায়ৰ সভাপতি, সৱনেত্ৰী উপস্থিত থাকিব। ৭০ পৰা ৯০ হাজাৰ বিজিপিৰ কাৰ্যকৰ্তা উপস্থিত হ'ব এই সন্মিলনত। ১১ বজাৰ পৰা ৩:০০ বাজালৈকে হব এই হ'ব এই সভা। ৭ জানুৱাৰীত বিশ্বনাথ আৰু ৮ জানুৱাৰীত ধেমাজিত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। ধেমাজিত ১ লাখ লোকেৰে হ'ব বিশাল ঐক্য সমদল। নাগৰিক সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনক লৈ হিমন্ত মন্তব্য কৰে যে কা বিৰোধী আন্দোলন উচ্চতম ন্যায়ালয়ৰ দুৱাৰ দলি পাইছে। উচ্চতম ন্যায়ালয়ে যি ৰায় দিয়ে সেই আমি মানি ল'ব লাগিব। তেতিয়ালৈকে গণতান্ত্ৰিক ৰাজনৈতিক ৰূপ লৈছে এই কা বিৰোধী আন্দোলনে। নতুন ৰাজনৈতিক দল এটা ইছুৰ উপৰত নির্বাচন জয় হব নোৱাৰে। এটা ইছুৰ উপৰত নিৰ্বাচন হ'ব নোৱাৰে। বেলেগ ইছুও লাগিব। গণতান্ত্ৰিক আন্দোলন হলে কবলগীয়া একো নাই। বিকল্প ৰাজনৈতিক দল গঠন হলে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিকভাৱে প্ৰত্যাহবান জনাব আৰু মোকাবিলা কৰিব। উজনি অসমৰ ফালে বিজেপি মিটিংলৈ বাছ আনিব বাধা দিছে। কিন্তু আমাক কোনেও ৰখাব নোৱাৰে। জনসাধাৰণনেই আমাৰ শক্তি কাইলৈ বিজিপিৰ কাৰ্য্যকৰ্তাৰ অজেয় অটল শাক্ত দেখা পাব। নলবাৰীত আছু কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সন্দৰ্ভত হিনান্ত বিশ্ব শৰ্মাই কয় যে অধ্যাত্মিক ভাৱেৰে গুৰু ঘৰত ধাৰ্মিয় কাৰ্যায়সূচীত যোৱাৰ সময়ত কলা পতকা দেখুৱা বা মই এসময়ৰ আছু কৰ্মী ৰাজেন বৰঠাকুৰৰ শোকসন্তপ্ত পৰিয়াল বৰ্গৰ খবৰ লবলৈ যাওঁতে কলা পতাকা দেখুৱাটো কিমান যুক্তি সংগত বুলি প্ৰশ্ন কৰে নেতা গৰাকী। কিছুমান জেগাত অন্তৰখন বগা কৰি লৈ বগা পতকা দেখুৱাবলৈ আহ্বান জনায় । মন্দিৰ মছজিদত যোৱাৰ সময়ত অন্তত বগা পতাকা দেখাৱাবলৈ আৱাহন জনায়। হিমন্ত পুনৰ কংগ্ৰেছলৈ আহিব বুলি তৰুণ গগৈ কৰা মন্তব্য ওপৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈ বিজিপিত আহিব বুলি মই শুনি আছোঁ। কিছু দিন ধৰি গগৈ কিছুমান মাত আৰু বিজিপিৰ মত একে দিশে গৈ আছে। তৰুণ গগৈক কেতিয়াবা বিজিপিৰ মঞ্চত দেখিলে আচৰিত নহব। তৰুণ গগৈ মতে প্ৰফুল্ল কুমাৰ মহন্তই বিদেশীক স্বদেশী কৰিলে, আমিও সেইটো কৈ আহিছোঁ। তেওঁৰ মতে ৮১ত বিদেশী স্বদেশী কৰা হৈছিল, আমাৰ মতে একেই। জুবিন গাৰ্গৰ সন্দৰ্ভত মন্ত্ৰী গৰাকী কয় যে এজন শিল্পী কৈছিল তেওঁ ভগবানক নামানে, কিন্তু অসমত ৯০% লোকে ভগৱানক মানে। শিল্পীগৰাকী ভগৱানক নামানিব বাৰে, কিন্তু ধৰ্ম মানি পহিলা জানুৱাৰীৰ দিনা লাখ লাখ মানুহে নামঘৰ, মন্দিৰলৈ সেৱা লবলৈ গল। জুবিন গাৰ্গ অসমৰ সম্পদ, কংগ্ৰেছৰো সম্পদ, বিজিপিৰে সম্পদ, অগপৰো সম্পদ সেয়েহে নৱ বৰ্ষৰ প্ৰাকক্ষানত তেওঁলৈ আহ্বান তেওঁ জাতি ধৰ্ম বৰ্ণ দল সংগঠন নিৰ্বিশেষে সকলোৰে অন্তৰত থকাৰ চেষ্টা কৰক। শিল্পী সমাজৰ আন্দোলনৰ সন্দৰ্ভত হেমন্ত বিশ শৰ্মাই কয় যে শিল্পীৰ আৱেগক আমি সন্মান জনাওঁ তেওঁ লোকে আন্দোলনত বাহত আমাৰ কোনো আপত্তি নাই। এদিন শিল্পী সমাজ আহক আৰু তেওঁলোকক মই বুজাই দিম কোনটো দাফাত বিদেশী নতুনকৈ আহিব বুলি উল্লেখ আছে। কোনো দফাত এই কথা নাই। এইখন তেওঁলোকে কোৱাৰ দৰে জাতিধবংসী নহয়। বিজিপিৰ মানুহেও অসমীয়া চিনেমা চায়। কালিলৈ আহিবলগীয়া ৯০ হাজাৰ মানুহেও অসমীয়া চিনেমা চাইছিল আৰু চাব।

P.C Assames And English

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.