ETV Bharat / state

হজযাত্ৰালৈ সাজু অসমৰ ৩৫১৫ গৰাকী হজযাত্ৰী

author img

By

Published : Jun 22, 2019, 9:07 PM IST

৪ জুলাইত দিনৰ ২ বাজি ১৫ মিনিটত গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা উৰা মাৰিব প্ৰথমটো হজযাত্ৰীৰ দলে ।

হজযাত্ৰালৈ সাজু অসমৰ ৩৫১৫ গৰাকী হজযাত্ৰী

গুৱাহাটী,২২ জুনঃ প্ৰতি বছৰৰ দৰে এই বছৰো আৰম্ভ হৈছে ইছলাম ধৰ্মীয় নীতি অনুসৰি হজযাত্ৰাৰ প্ৰক্ৰিয়া । যাত্ৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে হজযাত্ৰী সকলৰ । এইবাৰ মক্কা আৰু মদিনালৈ হজৰ বাবে যাত্ৰা কৰিব উত্তৰ-পূবৰ মুঠ ৩৫৯৪ গৰাকী ব্যক্তি । এই হজযাত্ৰী সকলৰ ভিতৰত ৩৫১৫ গৰাকী অসমৰ, ৫৫ গৰাকী মেঘালয়ৰ, ২২ গৰাকী নাগালেণ্ডৰ আৰু ৪ গৰাকী অৰুণাচল প্ৰদেশৰ । হজযাত্ৰী সকলৰ ভিতৰত ২৪৩২ গৰাকী পুৰুষ আৰু ১১৬২ গৰাকী হৈছে মহিলা । এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ৪ জুলাইত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত মদিনা অভিমুখে উৰা মাৰিব উত্তৰ-পূৱৰ হজযাত্ৰীৰ প্ৰথমটো দলে । এয়াৰ ইণ্ডিয়াৰ প্ৰতিখন বিমানত এইবেলি গুৱাহাটীৰ পৰা মদিনালৈ উৰা মাৰিব ১৪৫ গৰাকী হজযাত্ৰী । উত্তৰ-পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিয়ে সংবাদ মেল যোগে অৱগত কৰে এই কথা ৷

বিগত ২০১৮ বৰ্ষৰ পৰা উত্তৰ-পূৱৰ হজযাত্ৰী কলকাতাৰ পৰাও হজলৈ যোৱাৰ সু-ব্যৱস্থা কৰা হৈছে। এইবাৰ সৰ্বমুঠ ৩৫৯৪ গৰাকী হজযাত্ৰীৰ ২৯৫৮ গৰাকী গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে ৬৩৬ গৰাকীয়ে কলকাতাৰ পৰা পবিত্ৰ হজৰ বাবে ৰাওনা হ'ব ।

Intro:প্ৰতি বছৰৰ দৰে এই বছৰো ইছলাম ধৰ্মীয় নীতি অনুসৰি হজযাত্ৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চলিত বৰ্ষৰ উত্তৰ পূৱৰ হজযাত্ৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

Body:এইবেলি মক্কা আৰু মদিনালৈ পবিত্ৰ হজৰ বাবে উত্তৰ পূৱৰ পৰা যাব সৰ্বমুঠ ৩৫৯৪ গৰাকী ব্যক্তি। এই হজযাত্ৰী সকলৰ ৩৫১৫ গৰাকী অসমৰ, ৫৫ গৰাকী মেঘালয়ৰ, ২২ গৰাকী নাগালেণ্ডৰ আৰু ৪ গৰাকী অৰুণাচল প্ৰদেশৰ। হজযাত্ৰী সকলৰ ভিতৰত পুৰুষ ২৪৩২ গৰাকী আৰু মহিলা ১১৬২ গৰাকী। এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ৪ জুলাইত উত্তৰ পূৱৰ হজযাত্ৰীৰ প্ৰথমটো দল গুৱাহাটীৰ গোপিনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত মদিনা অভিমুখে উৰা মাৰিব। ১৮ জুলাইত গুৱাহাটীৰ পৰা মদিনা অভিমুখে উৰা মাৰিব উত্তৰ পূৱৰ অন্তিম দলটো। এয়াৰ ইণ্ডিয়াৰ প্ৰতিখন বিমানত এইবেলি গুৱাহাটীৰ পৰা মদিনালৈ উৰা মাৰিব ১৪৫ গৰাকী হজযাত্ৰী।

Conclusion:বিগত ২০১৮ বৰ্ষৰ পৰা উত্তৰ পূৱৰ হজযাত্ৰী কলকাতাৰ পৰাও হজলৈ যোৱাৰ সুব্যৱস্থা কৰা হৈছে। এইবেলি সৰ্বমুঠ ৩৫৯৪ গৰাকী হজযাত্ৰীৰ ২৯৫৮ গৰাকী গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে ৬৩৬ গৰাকীয়ে কলকাতাৰ পৰা পবিত্ৰ হজৰ বাবে ৰাওনা হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.