ETV Bharat / state

নতুনকৈ ঘোষণা কৰা লকডাউন ব্যৱস্থাক লৈ অসম সংগ্ৰামী মঞ্চৰ প্ৰতিক্ৰিয়া - rajgarh

দেওবাৰে ৰাজগড়স্থিত কাৰ্যালয়ত অসম সংগ্ৰামী মঞ্চই আয়োজন কৰে এখন সংবাদমেলৰ ৷ মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে সম্বোধন কৰা সংবাদমেল খনত চৰকাৰে নতুনকৈ ঘোষণা কৰা লকডাউন ব্যৱস্থাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলে, চৰকাৰে এই লকডাউনৰ জড়িয়তে অসমৰ মানুহক গৃহবন্ধী কৰিব বিচাৰিছে ৷ ৰাজ্যৰ টাউন অঞ্চলত সপ্তাহৰ দুটা দিন লকডাউন কৰাৰ যুক্তি ক’ত বুলিও প্ৰশ্ন তুলিলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

press meet of asom sangramee mancha
নতুনকৈ ঘোষণা কৰা লকডাউন ব্যৱস্হাক লৈ অসম সংগ্ৰামী মঞ্চৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jun 28, 2020, 7:49 PM IST

গুৱাহাটী,28জুন: অসমৰ বৰ্তমানৰ চৰকাৰখনে এখন অদক্ষ চৰকাৰৰ ভূমিকা পালন কৰি অহা বুলি সমালোচনা কৰি অসম সংগ্ৰামী মঞ্চই ৰাজ্য চৰকাৰলৈ এৰিলে তীব্ৰ বাক্যবান ৷ অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে সম্বোধন কৰা সংবাদমেল খনত চৰকাৰে নতুনকৈ ঘোষণা কৰা লকডাউন ব্যৱস্থাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলে চৰকাৰে এই লকডাউনৰ জড়িয়তে অসমৰ মানুহক গৃহবন্ধী কৰিব বিচাৰিছে ৷

নতুনকৈ ঘোষণা কৰা লকডাউন ব্যৱস্হাক লৈ অসম সংগ্ৰামী মঞ্চৰ প্ৰতিক্ৰিয়া

লকডাউনৰ সিদ্ধান্তক অসমৰ এটা ৰাজনৈতিক সিদ্ধান্ত বুলি অভিহিত কৰি এয়া কোনো বিজ্ঞানসন্মত পৰিকল্পিত সিদ্ধান্ত নহয় বুলি দাবী কৰি এক অবিবেচক, পৰিকল্পিত টোগলকী সিদ্ধান্তহে বুলি উল্লেখ কৰিলে ৷ লকডাউনক বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি ২১ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈহে চেষ্টা কৰা বুলি সংবাদ মেলখনত অভিযোগ কৰিলে মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৷ কোনো বিভাগৰে মন্ত্ৰীৰ সৈতে আলোচনা নকৰাকৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ নিজা সিদ্ধান্তৰে লকডাউন জাৰি কৰা বুলি কৈ বিজেপি চৰকাৰে অসমৰ জনসাধাৰণক পুতলাৰ দৰে ব্যৱহাৰ কৰিছে বুলি কলে অসম সংগ্ৰামী মঞ্চই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.