ETV Bharat / state

চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ প্ৰতিশ্ৰুতি: সুস্মিতা দেৱ - অসম বিধানসভা নিৰ্বাচন

কংগ্ৰছৰ চৰকাৰ আহিলে অসমত মহিলাসকলৰ বাবে চাকৰিৰ ক্ষেত্রত ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই কথা ঘোষণা কৰে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্রী তথা প্ৰসাৰ কমিটীৰ অধ্যক্ষা সুস্মিতা দেৱে।

চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ প্ৰতিশ্ৰুতি: সুস্মিতা দেৱ

author img

By

Published : Mar 4, 2021, 9:16 PM IST

গুৱাহাটী,4 মাৰ্চঃ সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে মহিলা সকলক আকৰ্ষিত কৰাৰ বাবে চাকৰিৰ ক্ষেত্রত ৫০ শতাংশ আসন সংৰক্ষণ কৰাৰ কথা কৈছে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্রী তথা প্ৰসাৰ কমিটীৰ অধ্যক্ষা সুস্মিতা দেৱে । কংগ্ৰছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে সংৰক্ষণৰ এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব । বৃহস্পতিবাৰে এখন সংবাদমেলত সংৰক্ষণৰ এই কথা সদৰি কৰে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্রী তথা প্ৰসাৰ কমিটীৰ অধ্যক্ষা সুস্মিতা দেৱে ।

চৰকাৰী চাকৰিৰ ক্ষেত্রত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ প্ৰতিশ্ৰুতি: সুস্মিতা দেৱ

একেদৰে অসমৰ জনগণে সাহাৰ্য নিবিচাৰে বুলি উল্লেখ কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়-' অসমৰ যুৱক-যুৱতীসকলে কাম কৰাৰ সুযোগ সুবিধা বিচাৰে। যাতে ৰাজ্যৰ অৰ্থনীতিত অৰিহণা যোগাব পাৰে । বিজেপি চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে। আমি কাম কৰাৰ সুযোগ সুবিধা দিব বিচাৰিছো। এইটো আমাৰ গেৰাণ্টি যে, সকলো ধৰণৰ চাকৰিৰ ক্ষেত্রত মহিলাসকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ কৰা হ'ব। লোকপিয়লৰ তথ্য মতে জনসংখ্যাৰ ফালৰ পৰা পুৰুষ-মহিলাৰ হাৰ প্ৰায় সমান।' দেৱে লগতে কয় যে, মহাজোঁটৰ প্ৰতিশ্ৰুতি সাধাৰণ প্ৰতিশ্ৰুতি নহয়, এই প্ৰতিশ্ৰুতি গেৰাণ্টিযুক্ত। বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি সুস্মিতা দেৱে কয় যে, বিজেপি চৰকাৰে অসমৰ ৰাইজক মাথো প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিলে।

লগতে পঢ়কঃ তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.