ETV Bharat / state

ৰাইজৰ দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সত্যৰঞ্জন বৰাৰ - হিন্দুত্ববাদী নেতা

"ৰাইজৰ দলে ৰাজনীতিৰ নামত মাতৃক বিক্রী কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷" দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ৷

ৰাইজৰ দলৰ বিৰুদ্ধে মন্তব্য সত্যৰঞ্জন বৰাৰ

author img

By

Published : Oct 11, 2020, 10:02 PM IST

গুৱাহাটী, 11 অক্টোবৰ: এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে পুনৰ সৰৱ হোৱা দেখা গ'ল ভিন্ন সময়ত বিতৰ্কৰ আবৰ্তত থকা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সেই বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে সমালোচনাত মুখৰ হোৱা দেখা গ'ল হিন্দুত্ববাদী নেতা গৰাকীক ।

বৰাৰ মন্তব্য "মুছলমানৰ আগ্ৰাসী মনোভাৱে হিন্দু সকললৈ ভাবুকি কঢ়িয়াই আনিছে। অসমৰ ভাষা সংস্কৃতিৰ লগতে ধৰ্মৰ প্ৰতিও চৰম ভাবুকি হৈ পৰিছে ইছলাম ধৰ্ম। ইছলামিক শক্তিৰ পৰা ভাৰতীয় সভ্যতাক বচাবলৈ হ'লে অসমৰ তথা ভাৰতৰ মঠ-মন্দিৰ তথা দেৱালয় সমূহে কেৱল মাত্ৰ হিন্দু বসতি অঞ্চলৰ পৰাহে মাহ প্ৰসাদ ক্ৰয় কৰি পূজাত লগাওক । ভাৰতীয় সভ্যতা জীয়াই ৰাখিব হ'লে মন্দিৰ দেৱালয় সমূহে অৰ্থনৈতিক বিপ্লৱ গঢ়ি তুলিব লাগিব।"

সমান্তৰালভাৱে চিৰিয়াখানা সমূহত থকা পশু ধনসমূহক খাদ্যৰ নামত গো মাংস যোগান নধৰিবলৈও সকীয়নি সত‍্যৰঞ্জন বৰাৰ । বৰাৰ মতে, আগন্তুক দিনত চিৰিয়াখানাৰ জীৱক গো মাংস খুওৱাটো বন্ধ নকৰিলে সত‍্যৰঞ্জন বৰাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ।

সত‍্যৰঞ্জন বৰাৰ বিস্ফোৰণক মন্তব্য, "ৰাজ্যৰ আন সকলোবোৰ সমস্যাৰ তুলনাত ইছলাম ধৰ্মৰ সমস্যা অন‍্যতম। আমি ইছলাম মুক্ত হ'ব লাগিব।" আনহাতে শেহতীয়াকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলক লৈও সমালোচনা কৰা পৰিলক্ষিত হ'ল সত‍্যৰঞ্জন বৰাক। বৰাৰ মন্তব্য, "ৰাইজৰ দল পেছাত আন্দোলনকাৰী। তেওঁলোকে টকা দিলেই আন্দোলন বন্ধ কৰা লোক । ৰাজনীতিৰ নামত তেওঁলোকে মাতৃক বিক্রী কৰিবলৈও কুণ্ঠাবোধ নকৰে ‌।"

লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰতিবাদ মিথ্যাচাৰৰ বাহিৰে একো নহয় : অশোক শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.