ETV Bharat / state

কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰে দেশৰ প্ৰতি ভাবুকি আনিছে: নীতিন গাডকাৰী

author img

By

Published : Mar 26, 2021, 10:45 PM IST

এআইইউডি এফৰে কংগ্ৰেছৰ মিত্রতাক কটাক্ষ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা কংগ্ৰেছে ৰাষ্ট্ৰৰ সুৰক্ষাৰ সৈতে খেলা কৰিছে। অসমৰ ৰাইজে ৰাষ্ট্ৰৰ মংগলৰ পক্ষত ভোটদান কৰিব বুলি উল্লেখ কৰি গাডকাৰীয়ে কয়-' আমাৰ চৰকাৰে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সৰ্বাধিক গুৰুত্ব দিছে। বিগত পাঁচ বছৰত অসমৰ সৰ্বাংগীন বিকাশৰ পথ প্ৰশস্ত হৈছে।

কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি আৰু তুষ্টিকৰণ কৰি দেশৰ প্ৰতি ভাবুকি আনিছেঃ নীতিন গাডকাৰী

গুৱাহাটী,২৬ মাৰ্চ: ৰাষ্ট্ৰীয় সুৰক্ষা আৰু একতাৰ ক্ষেত্রত বিজেপিয়ে কেতিয়াও অপোচ নকৰে। কিন্তু কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি আৰু তুষ্টিকৰণ নীতিৰে দেশৰ প্ৰতি ভাবুকি আনিছে। এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীৰ ।

শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত বিজেপিৰ নিৰ্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত গাডকাৰীয়ে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছক সাম্প্ৰদায়িক আখ্যা দিয়ে । এআইইউডি এফৰে কংগ্ৰেছৰ মিত্রতাক কটাক্ষ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা কংগ্ৰেছে ৰাষ্ট্ৰৰ সুৰক্ষাৰ সৈতে খেলা কৰিছে।

অসমৰ ৰাইজে ৰাষ্ট্ৰৰ মংগলৰ পক্ষত ভোটদান কৰিব বুলি উল্লেখ কৰি গাডকাৰীয়ে কয়-' আমাৰ চৰকাৰে অসম সহ উত্তৰ-পূৰ্বাঞ্চলক সৰ্বাধিক গুৰুত্ব দিছে । বিগত পাঁচ বছৰত অসমৰ সৰ্বাংগীন বিকাশৰ পথ প্ৰশস্ত হৈছে। ব্ৰহ্মপুত্ৰৰ খনন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ উপৰিও জল পৰিবহণ খণ্ডত আমূল পৰিৱৰ্তন হৈছে । জল পৰিবহন ব্যৱস্থাৰ যোগেদি অসমক দেশৰ বিভিন্ন ৰাজ্যৰ সৈতে সংযুক্ত কৰাৰ বাবে প্ৰকল্প লোৱা হৈছে । ব্ৰহ্মপুত্ৰৰ ওপৰত ছয়খন দলং নিৰ্মাণ কৰা হৈছে। পৰিবহণ ব্যৱস্থাৰ ক্ষেত্রত ২০১৪ চনৰ পৰা ২০২০ চনলৈ ১৫ হাজাৰ কোটি টকাৰ কাম হৈছে ।

আনহাতে, ৪০ হাজাৰ কোটি টকাৰ কাম কৰিবলৈ পুঁজিৰ মঞ্জুৰ হৈছে আৰু ২৭ হাজাৰ কোটি টকাৰ কামৰ নিৰ্দেশ লাভ কৰিছে । অসমৰ বাঁহ উদ্যোগক গতিশীলতা প্ৰদানৰ বাবে ১৩০০ কোটি টকীয়া ' বাঁহ অভিযান' প্ৰকল্প লোৱা হৈছে । অসমত যাতায়ত ব্যৱস্থাৰ ক্ষেত্রত বিগত ৫০ বছৰত নোহোৱা কাম বিগত পাঁচ বছৰত কৰা হৈছে । আগন্তুক সময়ত পৰিবহন খণ্ডত দুই লাখ কোটি টকা ব্যয় কৰা হ'ব।'

গাডকাৰীয়ে লগতে কয়-' সৰ্বাংগীন বিকাশ, একতা আৰু ৰাষ্ট্ৰৰ সুৰক্ষা বিজেপিৰ নীতি আৰু লক্ষ্য। অসমৰ ৰাইজে ৰাষ্ট্ৰৰ মংগলৰ হকে ভোটদান কৰিব । অসমত ডাৱল ইঞ্জিনৰ চৰকাৰ হ'ব।' সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গাডকাৰীয়ে কয়-' ভাৰতীয় সংবিধানে নিৰ্যাতিত শৰণাৰ্থীক আশ্ৰয় দিয়াৰ ব্যৱস্থা দিছে। অনুপ্ৰৱেশকাৰীক লৈ ভোট বেংক কৰাটো দেশৰ বাবে কেতিয়াও মংগল হ'ব নোৱাৰে। নাগৰিকত্ব সংশোধনী আইন সংসদত গৃহীত হৈছে। এই আইন বিধানসভাই কেনেকৈ বাতিল কৰিব পাৰিব। ৰাহুল গান্ধীৰ অদ্ভুত মন্তব্যক কোনে মানি ল'ব। তেওঁ ৰাইজক মূৰ্খ সজাব বিচাৰিছে।' এক্সপ্ৰেছ হাইৱেৰ প্ৰসংগত গাডকাৰীয়ে কয়-' এক্সপ্ৰেছ হাইৱেৰ ডিপিআৰ প্ৰস্তুত কৰা হৈছিল যদিও এইক্ষেত্রত সেউজ ন্যায়াধিকৰণ ক্লিয়াৰেঞ্চ অহা নাই।' উল্লেখ যে এক্সপ্ৰেছ হাইৱেৰ প্ৰসংগত বিজেপিয়ে সময়ে সময়ে নিজৰ স্থিতি সলনি কৰি আহিছে ।

লগতে পঢ়কঃ বতৰে কি প্ৰভাৱ পেলাব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.