ETV Bharat / state

চন্দ্ৰমোহন পাটোৱাৰীৰ আশ্বাস : সুৰক্ষিত থাকিব খিলঞ্জীয়াৰ ভূমি অধিকাৰ !

author img

By

Published : Jul 3, 2020, 7:31 PM IST

শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলযোগে কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে খিলঞ্জীয়া লোক বিন্দুমাত্ৰও শংকিত হোৱাৰ প্ৰয়োজন নাই নাই বুলি উল্লেখ কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

press meet by industry minister of Assam chandramohan patowary

গুৱাহাটী, ৩ জুলাই: কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই ইতিমধ্যে সমগ্ৰ অসম তোলপাৰ লগোৱাৰ পিছত শুকুৰবাৰে চৰকাৰে স্পষ্ট কৰি দিয়ে যে ইয়াৰ বাবে অসমৰ খিলঞ্জীয়া লোক বিন্দুমাত্ৰও শংকিত হোৱাৰ প্ৰয়োজন নাই । কিয়নো এই নতুন আধ্যাদেশে কোনো পধ্যেই খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰে । শুকুৰবাৰে উদ্যোগ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই সমস্ত বিষয়টো বিতংকৈ ব্যাখ্যা কৰি ৰাইজৰ মনত সৃষ্টি হোৱা আশংকা দুৰ কৰাৰ চেষ্টা চলায় । উল্লেখ্য যে, এই নতুন আধ্যাদেশত ইতিমধ্যে ৰাজ্যৰ মন্ত্ৰী পৰিষদে অনুমোদন জনোৱাৰ পিচতে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদৰ জোৱাৰ । যাৰ বাবে চৰকাৰে আজি সমগ্র বিষয়টো স্পষ্ট কৰিবলৈ বাধ্য হৈ পৰে । অৱশ্যে অধ্যাদেশখনত এতিয়াও ৰাজ্যপালৰ অনুমোদন বাকী আছে ।

সুৰক্ষিত থাকিব খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ: চন্দ্ৰমোহন পাটোৱাৰী

সংবাদমেলখনত পাটোৱাৰীয়ে কয় যে এই আধ্যাদেশ মতে, কৃষিভূমি কোনো কাৰণতে কোনেও উদ্যোগ স্থাপন বা আন কাৰণত বিক্ৰীও কৰিব নোৱাৰিব, কিনিবও নোৱাৰিব । কেৱল যাৰ নামত কৃষিভূমিৰ পট্টা আছে তেনে লোকে যদি সেই ঠাইত কোনো উদ্যোগ নিজে স্থাপন কৰিব বিচাৰে তেন্তে কৰিব পাৰিব । ইয়াৰ বাবে আগতীয়াকৈ কোনো অনুমতিৰ প্ৰয়োজন নহয় । কেৱল উদ্যোগ আয়ুক্তক এখন আবেদন কৰিব লাগিব আৰু উদ্যোগ আয়ুক্তই সেই আবেদনৰ প্ৰাপ্তি স্বীকাৰ কৰি দিব । সেয়াই হ'ব যথেষ্ট । তেনেকৈ তিনি বছৰ উদ্যোগটো চলাই নিয়াৰ পিচত উদ্যোগীগৰাকীয়ে ছমাহৰ সময় পাব । সেই ছমাহৰ ভিতৰত তেওঁ যাৱতীয় অনুমতি আদিৰ কামখিনি সম্পূৰ্ণ কৰিব লাগিব । গতিকে, এই ব্যৱস্থাত কোনো পুঁজিপতি বা বহিৰাগতই অসমৰ কৃষিভূমি নিজৰ হাতলৈ নিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি তেওঁ কয় । পাটোৱাৰীৰ ভাষ্য - সৰ্বানন্দ সোণোৱাল চৰকাৰে জাতি, মাটি আৰু ভেটিক লৈ কেতিয়াও আপোচ কৰা নাই আৰু নকৰে । গতিকে এজনো খিলঞ্জীয়া লোকৰ মাটি বেলেগৰ হাতলৈ নাযায় আৰু কোনেও বিন্দুমাত্ৰও শংকাত ভূগিব নালাগে । ৰাজ্যত আগৰে পৰাই প্ৰায় ২০ লাখ নিবনুৱা আছে । ক'ভিড আৰু লক্ ডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা ইতিমধ্যে আৰু প্ৰায় চাৰে তিনি লাখ লোক অসমলৈ ঘূৰি আহি নিবনুৱা হৈ পৰিছে । সেইসকলক সকাহ দিয়াৰ উদ্দেশ্যৰেই এই আধ্যাদেশখন অনা হৈছে বুলি তেওঁ মন্তব্য কৰে ।
ৰাজ্যৰ মুঠ ৰাজহৰ ৩৮ শতাংশ আহে উদ্যোগ খণ্ডৰ পৰা

পাটোৱাৰীয়ে আৰু কয় যে, ৰাজ্যৰ মুঠ ৰাজহৰ ৩৮ শতাংশ আহে উদ্যোগ খণ্ডৰ পৰা । গতিকে এই নতুন ব্যৱস্থাৰ জৰিয়তে চৰকাৰখনো উপকৃত হোৱাৰ থল আছে । অসম এতিয়া চাউল উৎপাদনত স্বাবলম্বী হোৱাৰ লগতে ৰপ্তানিও কৰিব পৰা অৱস্থাত আছে । গতিকে অসমৰ কৃষকে যাতে তেওঁলোকৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগমক উপযুক্ত দামত বিক্ৰী কৰিব পাৰে তাৰ বাবে খুব সোনকালেই চৰকাৰে ৰাজ্যত নতুনকৈ দুশটা ধান মিল স্থাপনৰ অনুমতি দিব বুলিও তেওঁ কয় । ইতিমধ্যে এডভান্টেজ আছামৰ ফলস্বৰূপে অসমত ৬৫ হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে বুলি তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়কঃ কল বাগান স্থাপনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টাত ব্ৰতী এদল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.