ETV Bharat / state

অম্বুবাচীৰ সময়ছোৱাত কামাখ্যালৈ যোৱা প্ৰতিটো পথ বন্ধ থাকিব - কৰ'ণা মহামাৰী

কৰ'ণা মহামাৰীৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা ৷ এই বিষয়ে বুধবাৰে এখন সংবাদমেলযোগে উল্লেখ কৰে দলৈ সমাজে ৷

অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা
as_ghy_01_kamakhya_pressmeet_as10002_RTU_HD
author img

By

Published : Jun 17, 2020, 9:43 PM IST

গুৱাহাটী, 17 জুনঃ আগন্তুক অম্বুবাচী মেলা সন্দৰ্ভত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে দলৈ সমাজে ৷ কৰ'ণা মহামাৰীৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। এইবেলি কেৱল ধৰ্মীয় ৰীতি-নীতিৰেহে পালন কৰা হ'ব অম্বুবাচী ৷ দৰ্শনাৰ্থী তথা সাধু-সন্ন্যাসীৰ বাবে সম্পূৰ্ণ বন্ধ থাকিব মা কামাখ্যা ধাম। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সকলো অৱগত কৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে ৷

অম্বুবাচীৰ সময়ছোৱাত কামাখ্যালৈ যোৱা প্ৰতিটো পথ বন্ধ থাকিব

ইয়াৰোপৰি আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে আৰক্ষীৰে বৈঠকত মিলিত হৈছে দলৈ সমাজ ৷ সংবাদমেলত কামাখ্যাৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু মোহিত শৰ্মাই জনোৱা অনুসৰি,অম্বুবাচীৰ সময়ছোৱাত মন্দিৰলৈ যোৱা প্ৰতিটো প্ৰৱেশ পথ বন্ধ থাকিব ৷ 22 জুনত 7 বাজি 53 মিনিট 15 ছেকেণ্ডত প্ৰবৃত্তি হোৱাৰ বিপৰীতে নিবৃত্তি হ'ব 25 জুনৰ ৮ বাজি ১৬ মিনিট ৫৫ ছেকেণ্ডত ৷ ইফালে দেশৰ পৰিস্থিতি সুস্থিৰ হ'লেহে ৩০ জুনৰ পিচত কামাখ্যা ধাম খোলাৰ সিদ্ধান্ত ল'ব মন্দিৰ পৰিচালনা সমিতিয়ে ৷ আনহাতে কামাখ্যা দেৱীৰ বিভিন্ন অংগবস্ত্ৰ বিক্ৰী সন্দৰ্ভত সামাজিক মাধ্যমত একাংশই ভুৱা বাৰ্তা আছে,এই ভুৱা বাৰ্তাত ভুল নাযাবলৈ আহ্বান মন্দিৰ পৰিচালনা সমিতিৰ ৷

অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা

লগতে পঢ়কঃ বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.