ETV Bharat / state

ৰাজ্যত বিজেপি শাসনলৈ অহাৰ বাবে আজমলক জগৰীয়া কৰিলে ৰাইজৰ দলে

author img

By

Published : Jul 19, 2021, 7:52 PM IST

বিজেপিৰ বি টিম এআইইউডিএফ ৷ বিজেপি আৰু এইআইইউডিফ এটাৰ আনটো পৰিপূৰক ৷ কাৰণ এইআইইউডিফে বিজেপি ভোট বেংক জীয়াই ৰখাৰ বিপৰীতে বিজেপিয়ে এইআইইউডিফৰ ভোট বেংক জীয়াই ৰাখিছে ৷ সোমাবাৰে সংবাদমেল সম্বোধন কৰি এইদৰে ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰিলে ৰাইজৰ দলে ৷

press conference of raijor dal in guwahati
বিজেপি ৰাজ্যৰ শাসনত অহাৰ মূল কাৰণ হ'ল আজমল

গুৱাহাটী, ১৯ জুলাই : "বিজেপিৰ দৰে ফেচিষ্ট আৰু সাম্প্রদায়িক ৰাজনৈতিক শক্তিক অসমৰ পৰা উৎখাত কৰিবলৈ হ'লে এআইইউডিএফ(AIUDF) দলৰ সাম্প্রদায়িক ৰাজনীতিৰ বিৰােধিতা কৰিব লাগিব । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই কথা কোৱা বাবেই একাংশ লােকে বিধানসভা নির্বাচনৰ সময়ত অখিল গগৈক মুছলমান বিৰােধী সজাবলৈ অপপ্ৰচাৰ চলাইছিল । নির্বাচনী প্রচাৰৰ সময়তাে এআইইউডিএফ(AIUDF) দলৰ সভাপতি বদৰুদ্দিন আজমলে অখিল গগৈ আৰু ৰাইজৰ দলক বিজেপিৰ বি টীম বুলি অপপ্ৰচাৰ কৰিছিল।" সংবাদমেল যোগে এই মন্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ৷

অসমৰ মুখ্যমন্ত্ৰীৰ ড্ৰাগছ দহন কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ছিৰাজউদ্দিন আজমলে সাংবাদিকৰ প্ৰশ্নত উত্তৰত ড৹ হিমন্ত বিশ্ব শৰ্মাক দেশৰ এক নম্বৰ মুখ্যমন্ত্ৰী বুলি কোৱাৰ পাচতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলে ৷ "বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজউদ্দিন আজমলে প্রমাণ কৰি দিলে যে তেওঁলােকহে বিজেপিৰ বি টীম হিচাপে কংগ্ৰেছক ডুবােৱাৰ দায়িত্ব লৈছিল।" সোমবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বােধন কৰি ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধি সমন্বিতে দলটোৰ শীৰ্ষ নেতাসকলে এআইইউডিএফক তীব্ৰ সমালোচনা কৰে ৷

সংবাদমেলত ৰাইজৰ দলৰ নেতা কমল মেধিয়ে কয়, যােৱা বিধানসভা নির্বাচনত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিজেপি চৰকাৰ পুনৰবাৰ ক্ষমতালৈ আহিলে আজমলক দিছপুৰৰ ১০০ কিলােমিটাৰ ভিতৰলৈ সােমাবলৈ দিয়া নহ'ব । কিন্তু আশ্চর্যজনকভাবে যােৱা কিছুদিনত আজমলবাহিনীৰ মুখত শুনিবলৈ পোৱা হিমন্তৰ বন্দনাই দুয়ােটা দলৰ নিৰ্বাচনী বুজাবুজিক স্পষ্ট ৰূপত প্ৰকট কৰিছে ৷

"ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পূর্বৰে পৰা কৈ আহিছে যে, আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এটা গােপন ৰাজনৈতিক বুজাবুজি আছে । হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিৰােধী সাম্প্রদায়িক কথা কোৱাৰ লগে লগেই বদৰুদ্দিন আজমলৰ ভােট বৃদ্ধি পায় আৰু পুনৰ আজমলে সাম্প্রদায়িক মন্তব্য কৰি বিজেপিৰ ভােট বঢ়াই দিয়ে ।" সংবাদমেলত এইদৰে মন্তব্য প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে ৷

মেধিয়ে আৰু কয়, ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিক অসমত প্ৰথমবাৰৰ বাবে ক্ষমতাত অনাত এআইইউডিএফ দল আৰু আজমল বাহিনীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৷ ইয়াৰ পুৰস্কাৰ স্বৰূপে বিজেপি শাসনলৈ আহিয়েই আজমলৰ স্বাৰ্থত আগৰৰ ব্যৱসায়টো বৈধ ঘােষণা কৰিছিল । ভাৰতবৰ্ষৰ প্রায় সকলো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজমলৰ পাৰফিউমৰ শ্ব’ ৰুম খােলাৰ বাবে বিজেপি চৰকাৰে অনুমতি দিছিল ৷

আনহাতে, এআইইউডিএফ দল আৰু বিজেপিৰ লগত আজমলৰ লগত গােপন ৰাজনৈতিক বুজাবুজিৰ কথা প্ৰকাশ কৰি ৰাইজৰ দলৰ মুখপাত্ৰ ৰাছেল হুছেইনে কয়, এআইইউডিএফ দলটোক সাম্প্রদায়িক বুলি কোৱা কাৰণে যিসকল তথাকথিত অসমৰ সচেতন সমাজে অখিল গগৈক সমালােচনাৰে থকা-সৰকা কৰিছিল ৷ কিন্তু সেইসকলে ছিজউদ্দিন আজমলৰ বক্তব্য সম্পর্কে এতিয়া কি প্রতিক্রিয়া দিব বুলি প্ৰশ্ন উত্থাপন কৰে ৰাছেল হুছেইনে ৷

লগতে পঢ়ক: নাঙলৰ সীৰলুত উদ্ধাৰ ঐতিহাসিক সম্পদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.