গুৱাহাটী,18 অক্টোবৰ: দুৰ্গা পূজালৈ মাজত মাথোঁ এটা দিন বাকী । শাৰদী ৰাণী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ঘোঁৰাৰ পিঠিত উঠি ধৰাৰ বুকুলৈ ইতিমধ্যে আগমন ঘটিছে মা দুৰ্গাৰ । মহালয়াৰ পিচৰে পৰা আৰম্ভ হৈছে নৱৰাত্রি পূজাৰো । প্ৰতিপদৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰিৰ আজি চতুৰ্থ দিন ।
মা শৈলপুত্ৰী পূজাৰে নৱৰাত্রিৰ ব্ৰত আৰম্ভ হোৱা নৱৰাত্ৰি পূজা, কুমাৰী পূজা অৰ্থাৎ নৱমীৰ দিনা শেষ হয় । নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিনী, তৃতীয় দিনা মা চন্দ্ৰঘণ্টা, চতুৰ্থ দিনা মা কুষ্মাণ্ডা, পঞ্চম দিনা স্কন্দমাতা, ষষ্ঠ দিনা মা কাত্যায়নী, সপ্তম দিনা মা কালৰাত্রী, অষ্টম দিনা ম মহাগৌৰী, আৰু নৱম দিনা মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয় ৷
আজি মাৰ কুষ্মাণ্ডা ৰূপক আৰাধনা কৰা হয় । ৰাজ্যৰ বিভিন্ন স্থানৰ লগতেই মহানগৰীৰ বৰবাৰীৰ শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰতো অনুষ্ঠিত হৈ আছে নৱৰাত্ৰি পূজা । শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰৰ পুৰোহিত তথা প্ৰতিস্থাপক দ্বীপেন শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত হৈছে নৱৰাত্ৰি পূজা ।
এই মন্দিৰ তথা পূজা ভাগৰো আছে বিশেষ মাহাত্ম্য । 2007 চনৰ পৰা শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা । 108 টা ঘট স্থাপন কৰি এই মন্দিৰত মা দুৰ্গাক আৰাধনা কৰা হয় । 2007 চনৰ পৰা এই নিয়মেৰে এই মন্দিৰত পূজা অনুষ্ঠিত কৰি অহা হৈছে ।
ভক্তসকলে বিভিন্ন মনোকামনাৰে পূজা আগবঢ়াই এই মন্দিৰত । আনহাতে নৱৰাত্ৰিৰ এই সময়ছোৱাত এই মন্দিৰলৈ আগমন ঘটে বহু ভক্তৰো । নৱমী পূজাৰ দিনা শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰত কুমাৰী পুজাও অনুষ্ঠিত কৰা হয় । উল্লেখযোগ্য যে শ্ৰীশ্ৰী দুৰ্গা চণ্ডীকা মন্দিৰৰ সমান্তৰালকৈ মা কামাখ্যা ধামতো অনুষ্ঠিত হৈ আছে নৱৰাত্ৰি পূজা ।
লগতে পঢ়ক:Durga Puja 2023: পূজা ! মহানগৰীত কোনে কি আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ