ETV Bharat / state

Mobile theatre: নতুন নাট্যবৰ্ষৰ বাবে সাজু হৈছে ভ্ৰাম্যমাণ গোষ্ঠী, ছবছৰৰ পিচত ভ্ৰাম্যমাণ থিয়েটাৰত দেখা যাব যতীন বৰাকো - ভ্ৰাম্যমাণ থিয়েটাৰ

সুদীৰ্ঘ ৬ বছৰৰ মূৰত ২০২৪-২৫ নাট্যবৰ্ষত থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক । আনহাতে ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে বহু কেইটা ভ্ৰাম্যমাণ গোষ্ঠী।

Preparation of New theatrical year has begun, Know details
আৰম্ভ হৈছে নতুন নাট্যবৰ্ষৰ প্ৰস্তুতি
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 3:48 PM IST

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: এতিয়া সময় ভ্ৰাম্যমাণৰ । অসমৰ চুকে-কোণে অব্যাহত ভ্ৰাম্যমাণৰ জয়যাত্ৰা ৷ ইফালে বহু কেইখন নাটকেৰে দৰ্শকৰ মনজয় কৰিবলৈ সক্ষম হৈছে নাট্যদলসমূহে। কি উজনি কি নামনি সকলোতে এতিয়া চলিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ চৰ্চা ৷

চলিত বৰ্ষৰ সমান্তৰালকৈ আগন্তুক নাট্যবৰ্ষ অৰ্থাৎ ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো থিয়েটাৰ গোষ্ঠী । আগন্তুক বৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীও । ব্যয়বহুল আয়োজনেৰে থিয়েটাৰ গোষ্ঠীসমূহেও সংযোজিত কৰিছে একোখনকৈ নাটকক ।

ইফালে সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত ২০২৪-২৫ নাট্যবৰ্ষত থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক । ২০২৪-২৫ বৰ্ষৰ 'ইতিহাস' থিয়েটাৰ গোষ্ঠীৰ লগত চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী । নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য নাটক ‘‘মহাৰাজ’’ত দেখা পোৱা যাব অভিনেতা যতীন বৰাক ।

আনফালে তিনিখন নাটকেৰে সাজু হৈছে হেঙুলগোষ্ঠী । অহা বৰ্ষত হেঙুলৰ মঞ্চত মঞ্চস্থ হ’ব নৱ প্ৰজন্মৰ নাট্যকাৰ প্ৰণৱ ভৰালীৰ "মছজিদ ৰোড, নামঘৰ পথ"। লগতে আছে নাট্যকাৰ প্ৰণৱ বৰুৱা "চিলনী" আৰু অভিজিৎ ভট্টাচাৰ্যৰ "বিড়ি"। কিছুদিন পূৰ্বে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছিল হেঙুলগোষ্ঠীয়ে ।

আনহাতে আগন্তুক নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন আৰু হিমাংশু গগৈক । সমান্তৰালভাৱে সাজু হৈছে থিয়েটাৰ ৰুদ্ৰাক্ষ । এইবাৰ "থিয়েটাৰ ৰুদ্ৰাক্ষ" ত দেখিবলৈ পোৱা যাব দুগৰাকীকৈ নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু আনগৰাকী হ’ল মুনমী ফুকন । লগতে থিয়েটাৰ গোষ্ঠীটোৰ সৈতে চুক্তিবদ্ধ হৈছে ক্ৰমে তাৰক দাস, নিৰ্মল দাস, সুকুমাৰ বৰ্মণ, দীপাংকৰ ৰয়, সীমান্ত কাশ্যপ আৰু ৰূপৰেখা গোস্বামী । থিয়েটাৰ ৰুদ্ৰাক্ষৰ প্ৰথমখন নাটকৰ নাম হৈছে প্ৰশান্ত মেনাৰ "ৰণাঙ্গনৰ ৰূপহী"।

তিনিখন নাটকেৰে সাজু হৈছে অভিনন্দন থিয়েটাৰ । ২০২৪-২৫ নাট্যবৰ্ষত "অভিনন্দন থিয়েটাৰ" ত মঞ্চস্থ হ’বলগীয়া নাটক তিনিখন নাটক ক্ৰমে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ "মন গোলাপৰ তেজ" আৰু "মজনুৰ মৰম"। লগতে আছে প্ৰণৱ বৰুৱাৰ "ৰাধা বিহীন বৃন্দাবন"। লগতে অভিনন্দন থিয়েটাৰ মঞ্চত দেখিবলৈ পোৱা যাব ৰাজকুমাৰৰ লগতে পল্লৱী মেধি, অঞ্জনজ্যোতি বেজ, প্ৰণৱ শৰ্মা, বিপুল বৰা সহিতে সুকন্যা ৰাজগুৰুক । আগন্তুক নাট্যবৰ্ষৰ বাবে এতিয়া এনেদৰেই সাজু থিয়েটাৰ গোষ্ঠীসমূহ ।

লগতে পঢ়ক: Hengool Theatre: এজাক নতুনক লৈ ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হেঙুল থিয়েটাৰ; মছজিদ ৰোড নামঘৰ পথত উৰিব চিলনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.