ETV Bharat / state

Cotton University Elections 2022: তুংগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন - কটন বিশ্ববিদ্যালয়

কটন বিশ্ববিদ্যালয়ত সম্প্ৰতি বলিছে নিৰ্বাচনৰ গৰম বতাহ । ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিজা নিজা পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠিপৰি লাগিছে সমৰ্থক(General election of Cotton University Student Body) । ছাত্ৰ একতা সভাখন নিজৰ দখললৈ আনিবলৈ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত আছু, ছাত্ৰ মুক্তি, অসম ছাত্ৰ পৰিষদ ৷ ৷

Preparation of General election of Cotton University Student Body 2022-23
তুংগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন
author img

By

Published : Nov 6, 2022, 8:37 PM IST

গুৱাহাটী, ৬ নৱেম্বৰ: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া বিশ্ববিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে(General election of Cotton University Student Body) । ছাত্ৰ-ছাত্ৰীসকলে নিজা নিজা পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে । হোষ্টেলে হোষ্টেলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক জিকাবলৈ ৰণনীতি প্ৰস্তুত কৰিছে । মুঠৰ ওপৰত কটন বিশ্ববিদ্যালয়ত সম্প্ৰতি নিৰ্বাচনৰ গৰম বতাহ বলিছে ।

Preparation of General election of Cotton University Student Body 2022-23
তুংগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

১০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ২০২২-২৩ ৰ বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে এইবাৰ মুঠ ৪৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব(Cotton Uiversity student union election) । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ১৫ টা পদৰ বাবে এইসকল প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দিতা ৷ অৱশ্যে ফুটবল আৰু হকী সম্পাদক পোহৰ দেৱবৰ্মাই ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । ইপিনে সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদকৰ পদত তিনিজনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি পদৰ বাবে নিৰজ বৰা, ঋত্বিক ঠাকুৰীয়া আৰু ত্ৰিদিব ভাগৱতীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । উপ-সভাপতি পদত এনিশা ফুকন, হিমপৰ্ণা দাস আৰু শৈলজা প্ৰধানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সাধাৰণ সম্পাদক পদত অমৰ কৃষ্ণ নাৰায়ণ, মানস কমল দাস আৰু ৰিতুৰাজ শইকীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে । ইপিনে সহকাৰী সাধাৰণ সম্পাদকৰ পদত লিজা বৰা আৰু নয়না বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

প্ৰাৰ্থী আৰু সমৰ্থকৰ উপৰিও আছু, ছাত্ৰ মুক্তি, অসম ছাত্ৰ পৰিষদে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীক জিকাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিজৰ দখললৈ আনিবলৈ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত ৷ এনে প্ৰেক্ষাপটত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা কোনে দখল কৰিবলৈ সক্ষম হ’ব, সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব ১০ নৱেম্বৰলৈ ।

লগতে পঢ়ক: Teacher in school with Dao: শিলচৰত হাতত দা লৈ বিদ্যালয়ত প্ৰৱেশ প্ৰধান শিক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.