ETV Bharat / state

Preparation for Bhogali Bihu: পদূলিমুখত ভোগৰ ভোগালী

author img

By

Published : Jan 11, 2022, 9:11 PM IST

দুৱাৰ মুখত ভোগৰ উৎসৱ ভোগালী ৷ ভোগালীক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী (Preparation for Bhogali Bihu celebration across the state) ৷ চৌদিশে এতিয়া পাৰ ভঙা উচাহ ৷

Preparation for Bhogali Bihu
দূলিমুখত ভোগৰ ভোগালী

নিউজ ডেস্ক, 11 জানুৱাৰী : শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাই অহাৰ পৰিস্থিতিৰ মাজতো হেঁপাহৰ ভোগালীক আদৰিবলৈ কঁকালত টঙালী বান্ধিছে অসমীয়াই (Preparation for Bhogali Bihu celebration across the state) ৷ গাঁৱে-ভূঞে এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ ক’ভিডৰ বাবেই যোৱা দুটা বছৰত ভোগালীৰ উচাহ কিছু ম্লান পৰিছিল, যদিও এইবাৰ ৰাজ্যবাসীয়ে ভোগৰ উৎসৱ ভোগালী অৰ্থাৎ মাঘ বিহু আয়োজনৰ বাবে চলাইছে আয়োজন ৷

ইফালে ৰাজ্যত ক্ৰমাগতভাৱে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা (Advisories & Notifications issued by Government of Assam) ৷ সেই অনুসৰিয়েই ৰাজ্যবাসীয়ে ভোগালীক আদৰাৰ বাবে চলাইছে প্ৰস্তুতি ৷ গাত তৰণি নাই প্ৰতিগৰাকী চহা অসমীয়াৰ ৷

দূলিমুখত ভোগৰ ভোগালী

কুঁৱলী সনা আঘোণৰ পাচতে পুহ আৰু পুহৰ সংক্ৰান্তিতেই অসমীয়াই পালন কৰে ভোগৰ উৎসৱ ভোগালী বিহু ৷ ৰাজ্যৰ চৌদিশে এতিয়া সোণোৱালী পথাৰৰ নৰা আৰু বাৰীৰ ঢাপৰ বাঁহ কাটি ভেলাঘৰ সজাৰ দৃশ্য (Traditional conical makeshift huts called Bhelaghar) ৷ ক’ৰবাত আকৌ দেখা গ’ল বোৱাৰী, জীয়ৰী, গাভৰুহঁতে একেলগ হৈ বিহু গীতৰ তালে তালে নৃত্য কৰি নৰা কটাৰ দৃশ্য ।

কোনো স্থানত ভেলাঘৰৰ বাবে প্ৰয়োজনীয় পথাৰৰ নৰা কাটিবলৈ ওলাই আহিল শতাধিক যুৱক-যুৱতী, পুৰুষ মহিলা সকলো । এয়াই চহা জীৱনৰ মাদকতা ৷ এয়াই পৰিচয় অসমীয়া জাতিৰ (Identity of Assamese) ৷ কাল কৰ’ণাৰ ত্ৰাসৰ মাজতো অসমীয়াৰ পৰিচয় বজাই ৰাখিবলৈ প্ৰয়াস চহা অসমীয়াৰ ৷

বিহুৰ আগমনৰ এই সময়চোৱাত ৰাজ্যৰ গ্ৰাম্যাঞ্চলত পূৰ্বে ঢেঁকীৰ চাৱ শুনিবলৈ পোৱা গৈছিল, যদিও আধুনিক যন্ত্ৰাংশ সহজলভ্য হৈ পৰাত এতিয়া খুউব কমেহে ভাঁহি আহে এই শব্দ (A traditional Assamese wooden equipment to grind rice) ৷ অৱশ্যে গাঁৱৰ লগতে নগৰে চহৰে সকলোতে ভোগালীৰ পিঠাপনা অৰ্থাৎ চিৰা, পিঠা, সান্দহ, লাড়ু আদি প্ৰস্তুত কৰা ব্যস্ত হৈ পৰিছে প্ৰতি গৰাকী অসমীয়া জীয়ৰী-বোৱাৰী (Magh Bihu Delicacies) ৷

এক কথাত ক’ব লাগিব যে, ভোগালীক আদৰিবলৈ যেন ব্যস্ততাৰ অন্ত নাই প্ৰতিগৰাকী অসমীয়াৰ ৷ ক’ভিডৰ শেহতীয়া পৰিস্থিতি আৰু চৰকাৰে জাৰি কৰা এছঅ’পিয়ে ভোগালী উৎযাপনত নিশ্চিত ৰূপত প্ৰভাৱ বিস্তাৰ কৰিব ৷ তথাপিও যেন স্থবিৰ নহয় অসমীয়া জাতিৰ হেঁপাহৰ বিহু ভোগৰ ভোগালী ।

লগতে পঢ়ক : সংকটৰ মাজতো ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৰাজ্যত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.