গুৱাহাটী,23 মাৰ্চ : ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ, বিজেপিকে ধৰি কোনো এটা আঞ্চলিক দলেও দিব্যাংগসকলৰ সমস্যা সমাধানৰ প্ৰতি দায়বদ্ধ নহয় ৷ তেওঁলোকৰ দলীয় ইস্তাহাৰতে এই কথা প্ৰকাশ পাইছে ৷ বিজেপি দলে দুই এটা কথা দিব্যাংগসকলক লৈ তেওঁলোকৰ ইস্তাহাৰত প্ৰকাশ কৰিলে, কিন্তু কংগ্ৰেছকে আদি কৰি আন কোনো দলেই দিব্যাংগসকলৰ সমস্যাক লৈ তেওঁলোকৰ ইস্তাহাৰত এটা কথাও প্ৰকাশ নকৰিলে ৷ এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ৷
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে প্ৰকাশ কৰা দলীয় ইস্তাহাৰক লৈ মঙলবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই দিশপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলত ৰাজনৈতিক দলসমূহে দিব্যাংগসকলৰ সমস্যাসমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে ৷ মালাকাৰৰ অভিযোগ অনুসৰি, “কোনো এটা ৰাজনৈতিক দলেই আমাৰ সমস্যাসমূহ সমাধানক লৈ দায়বদ্ধ নহয় ৷ এই কথা তেওঁলোকৰ ইস্তাহাৰত প্ৰকাশ পাইছে ৷ ৰাজ্যত 9 লাখ দিব্যাংগ ব্যক্তি থকাৰ পাচতো তেওঁলোকৰ প্ৰতি কোনো এটা দলেই আন্তৰিকতা প্ৰকাশ নকৰিলে” ৷
সমান্তৰালভাৱে মঙলবাৰে বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত দিব্যাংগসকলৰ বাবে সংৰক্ষিত বিভিন্ন বিভাগৰ পদসমূহ পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিষয়টোকলৈও ক্ষোভ উজাৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক গৰাকীয়ে ৷ মালাকাৰে পুনৰ অভিযোগ তুলি কয় যে, “2017 চনতে এইখন চৰকাৰে বিভিন্ন বিভাগৰ মুঠ 4,419 টা পদ পূৰণ কৰা হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল ৷ তাৰ ভিতৰত মাত্ৰ 863 টা পদ পূৰণৰ বাবে 2018 চনত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল, যদিও আজি পৰ্যন্ত সেয়া পূৰণ নহ’ল ৷ এতিয়া আকৌ পুনৰ প্ৰতিশ্ৰুতি দিছে” ৷
ৰাজ্যৰ দিব্যাংগ ভোটাৰসকলৰ প্ৰতি আহ্বান জনাইছে সংস্থাটোৰ সম্পাদক নৃপেন মালাকাৰে ৷ এইবাৰ নিৰ্বাচনত সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰি পছন্দৰ প্ৰাৰ্থীক জয়ী কৰাওঁক ৷ তাৰ পাছতহে প্ৰতিবন্ধীসকলৰ প্ৰতি গুৰুত্ব দিব চৰকাৰে ৷
লগতে পঢ়ক : ৰঙাপৰা ৰে'ল জংচনত গাৰ্ড পৰিষদৰ তীব্ৰ প্ৰতিবাদ